মহানগৰীত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞাঃ প্লাষ্টিকৰ বেগ ব্যৱহাৰকাৰীয়ে ভৰিব জৰিমনা
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ স্মার্ট চিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীত তৎকালে বলৱৎ হোৱাকৈ প্লাষ্টিকৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ বৃহস্পতিবাৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক নির্দেশযোগে ৪০ মাইক্রনৰ তলৰ প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰে৷
গুৱাহাটী মহানগৰীত প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা লোকসকলে জৰিমনা ভৰিব লাগিব বুলি নির্দেশটোত উল্লেখ কৰা হৈছে৷ প্লাষ্টিক পৰিৱেশ আৰু জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক হোৱাৰ লগতে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা লোকসকলে নলা–নর্দমাত আৱর্জনা হিচাপে পেলোৱাৰ ফলত বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানৰো সৃষ্টি হয়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা লোকসকলৰ বিৰুদ্ধে পৌৰ আয়ুক্তকো অভিযান চলাবলৈ নির্দেশ দিছে৷
পৌৰ নিগমৰ অধীনত থকা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্রতিষ্ঠানত প্লাষ্টিকৰ বেগ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নির্দেশ দিয়ে৷ কৃত্রিম বানৰ অন্যতম কাৰক হিচাপে বিবেচিত হোৱা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ ক্ষেত্রত পূর্বতেও কামৰূপ মহানগৰ জিলা প্রশাসনে বহুবাৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ কিন্তু আজিলৈকে গুৱাহাটী মহানগৰীত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ নহ’ল৷ মহানগৰীত প্রদূষণৰ অন্যতম কাৰক হিচাপে বিবেচিত হোৱা প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে জিলা প্রশাসনে কেনেধৰণে অভিযান চলায়, সেয়া লক্ষণীয় হ’ব৷