নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনৰ ওপৰত হিন্দীত জাহ্ণু বৰুৱাৰ ছবি

শীঘ্রে ৰূপালী পর্দালৈ আহিব বীৰ যোদ্ধাৰ জীৱন কাহিনী

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন চলচ্চিত্র নির্মাণৰ পৰিকল্পনা কৰিছে আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্ণু বৰুৱাই৷ গুৱাহাটীৰ ড্রীম হাউছ প্রডাকচনৰ বেনাৰত হিন্দী ভাষাত নির্মাণ হ’বলগীয়া এই ছবিখনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন পৰিচালক তথা চলচ্চিত্র নির্মাতা জাহ্ণু বৰুৱাই এই কথা সদৰী কৰে৷ সংবাদ মেলত তেওঁ লগতে কয় যে মোগলৰ বিৰুদ্ধে পৰাক্রমেৰে যুঁজ দি অসমৰ মান ৰক্ষা কৰা আহোম সেনাপতি লাচিত বৰফুকনক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে এই ছবিখন নির্মাণৰ পৰিকল্পনা কৰা হৈছে৷ ছবিখনত আহোম সেনাপতি লাচিতৰ ভূমিকাত দেশৰ এগৰাকী জনপ্রিয় অভিনেতাই অভিনয় কৰিব৷ কেইবাকোটি টকাৰ বাজেটেৰে নির্মাণ হ’বলগীয়া এই চলচ্চিত্রখনৰ প্রযোজক সত্যম গ্রুপ অৱ ইণ্ডাষ্ট্রিজৰ পৰিচালন সঞ্চালক সুৰেশ শর্মা৷ সংবাদ মেলত পৰিচালক জাহ্ণু বৰুৱাই লাচিত বৰফুকনৰ ওপৰত নির্মাণ হ’বলগীয়া চলচ্চিত্র প্রকল্পটোৰ বাবে ৰাজ্য চৰকাৰেও সহায় আগবঢ়াব বুলি আশা প্রকাশ কৰে৷ সংবাদ মেলত তেওঁ লগতে কয় যে বিগত ২০ বছৰ ধৰি লাচিত বৰফুকনৰ ওপৰত এখন ছবি নির্মাণ কৰাৰ সপোন দেখি আহিছিল৷ ৰাজ্য চৰকাৰ আৰু দুগৰাকী ৰাজ্যপালেও তেওঁৰ প্রকল্পলৈ সমর্থন আগবঢ়াইছিল৷ কিন্তু ছবিখন নির্মাণৰ বাবে সন্তোষজনক বাজেট নির্ধাৰণ নোহোৱা বাবেই ছবিখন নির্মাণ কৰা নহ’ল৷ ছবিখনত আহোম সেনাপতি লাচিত বৰফুকনক প্রকৃত ৰূপত উপস্থাপন কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক জে এন ফুকনৰ তত্ত্বাৱধানত প্রকল্পটোৰ গৱেষণাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ যাতে ছবিখনত শৰাইঘাটৰ যুদ্ধৰ ঘটনাপ্রৱাহ সঠিক ৰূপত দেখুৱাব পৰা যায়৷ ২০২১ চনৰ অক্টোবৰ মাহৰ ভিতৰত ছবিখনৰ নির্মাণৰ কাম আৰম্ভ কৰা হ’ব৷ আজিৰ সংবাদ মেলত প্রযোজক সুৰেশ শর্মাও উপস্থিত থাকে৷ শর্মাই এনে এটা বৃহৎ প্রকল্পৰ সৈতে নিজকে জড়িত কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে৷

You might also like