নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোম কোৱাৰেণ্টাইনৰ বিধি উলংঘা ক’ভিড আক্রান্তৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা ৰাজহ চক্র তথা আজাৰা থানাৰ অন্তর্গত অঞ্চলসমূহত নাই কোনো ধৰণৰ ক’ভিডকেন্দ্রিক ভয়াৱহতা আৰু ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড নির্দেশনা৷ উল্লেখনীয় যে আজাৰা থানাৰ অন্তর্গত আজাৰা, ধাৰাপুৰ, খানামুখ, গডল, ভট্টাপাৰা, কাঁহিকুছি, আগছিয়া, মাজিৰগাঁও, কেন্দুকুছি আদি অঞ্চলসমূহত প্রতিদিনে অস্বাভাৱিক হাৰত বৃদ্ধি পাই গৈছে ক’ৰোনাক্রান্ত লোকৰ সংখ্যা৷ চৰকাৰী ক’ভিড নির্দেশনা উলংঘন কৰি উক্ত এলেকাসমূহৰ গ্রামাঞ্চলৰ ভিতৰুৱা দোকানসমূহ দিনৰ ১১ বজাৰ পাছতো খোলা থকা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ধাৰাপুৰ চাৰিআলি চ’কৰ দৈনিক পাচলি আৰু মাছ–মাংসৰ বজাৰখনৰ নাই কোনো ধৰণৰ ক’ভিড প্রট’কল৷

সামাজিক দূৰত্ব বর্তাই নাৰাখি গাতে গা লগাই মানুহে অত্যন্ত ভিৰৰ মাজেৰে বজাৰ–সমাৰ কৰি আছে যদিও আজাৰা আৰক্ষীয়ে এনেবোৰ কার্য দেখিও নেদেখাৰ ভাও ধৰি থকাত স্থানীয় সচেতন নাগৰিকসকল বিতুষ্ট হৈ পৰিছে৷ তদুপৰি বিয়লি হোৱাৰ লগে লগে জাকক জাকে ‘ইভিনিং ৱাক’ কৰিবলৈ নিজ গৃহৰ পৰা ওলাই আহে পুৰুষ–মহিলাকে ধৰি যুৱক– যুৱতী তথা শিশুসকল৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পাছত ৰোগীজনক বাদ দি পৰিয়ালৰ আন লোকসকলে ৰাজহুৱা স্থানত মুকলিভাৱে ঘূৰি ফুৰিছে৷

জানিব পৰা মতে বৃহত্তৰ ধাৰাপুৰ গাঁওখনত বর্তমানলৈ শতাধিক লোক ক’ৰোনাক্রান্ত হৈছে৷ ইয়াৰে কেইবাগৰাকী অইন ক’ভিড কেয়াৰ কেন্দ্রত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন কেইবাগৰাকী নিজগৃহতে আইছ’লেচনত আছে৷ কিন্তু অতি আশ্চর্যজনক কথা এই যে ক’ৰোনাক্রান্ত হৈ নিজ গৃহতে আইছ’লেচনত থকা ৰোগীজনৰ বাদে পৰিয়ালৰ আন সদস্যসকল দোকান–পোহাৰকে ধৰি আন ৰাজহুৱা স্থানসমূহত মুকলিভাৱে ঘূৰি ফুৰি আছে৷ ক’ৰোনাক্রান্ত লোকৰ পৰিয়ালৰ আন সদস্যসকলে মুকলিভাৱে ৰাজহুৱা স্থানত ঘূৰি ফুৰি থকাৰ পাছতো হোম কোৱাৰেণ্টাইন কমিটীখনে নির্বিকাৰ ভূমিকা গ্রহণ কৰি থকা বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷

লগতে ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড প্রট’কল অমান্য কৰি মুকলিভাৱে ঘূৰি ফুৰা ক’ৰোনাক্রান্ত ৰোগীৰ পৰিয়ালৰ আন সদস্যসকলক বুজনি–পৰামর্শ কিম্বা বাধা দিবলৈও অপাৰগতা প্রকাশ কৰি আহিছে হোম কোৱাৰেণ্টাইন কমিটীখনে৷ নিজ গৃহতে সোমাই থকা হোম কোৱাৰেণ্টাইন কমিটীখনৰ সদস্যসকলৰ নির্লিপ্ততাৰ বাবে বৃহত্তৰ ধাৰাপুৰ গাঁওখনলৈ যে অচিৰেই এক ভয়াবহ দুর্যোগ নামি আহিব, সেয়া ইতিমধ্যে প্রতীয়মান হৈ পৰিছে৷ তেনে ক্ষেত্রত কামৰূপ মহানগৰ জিলা উপায়ুক্তক গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ প্রতি এক সুদৃষ্টি দিবলৈ আহ্বান জনোৱাৰ লগতে ধাৰাপুৰ অঞ্চলৰ হোম কোৱাৰেণ্টাইন কমিটীখনৰ বিৰুদ্ধে এক বিভাগীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছে৷

You might also like