বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত পানীখাইতীবাসী
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ সর্বসাধাৰণ ৰাইজক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ প্রতিশ্রুতিৰে বৰ বৰ হর্ডিং স্থাপন কৰি প্রচাৰ চলাই আহিছে যদিও কর্মক্ষেত্রত সেয়া হৈ উঠা নাই বহু অঞ্চলত৷ ফলত আজিও বহু অঞ্চলৰ বাসিন্দাই এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে৷ তেনে এক অঞ্চল হ’ল মহানগৰীৰ পার্শ্বৱর্তী পানীখাইতী অঞ্চল৷ পানীখাইতী বজাৰৰ সমীপৰ শতাধিক পৰিয়ালে আজিও চৰকাৰী পানী যোগান ব্যৱস্থাৰ পৰা বঞ্চিত হৈ থকাৰ ফলত পথৰ কাষৰ পাইপ ফুটাই একপ্রকাৰ দূষিত পানী ব্যৱহাৰ কৰিব লগা হৈছে৷
উল্লেখ্য যে পানীখাইতী, বোন্দা আদি অঞ্চলৰ ৰাইজক বিশুদ্ধ পানী যোগান দিয়াৰ বাবে প্রায় দশক পূর্বে স্থাপন কৰিছিল এটা কোটিটকীয়া পানী যোগান আঁচনি৷ কিন্তু নির্দিষ্ট পৰিকল্পনা অনুসৰি আঁচনি তথা প্রকল্পটো কার্যকৰী নোহোৱাত বহু অঞ্চল আজিও পানীৰ পৰা বঞ্চিত হৈ আছে৷ দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকসকলে উপায়ান্তৰ হৈ পথৰ কাষেৰে যোৱা পানীৰ পাইপ ফুটা কৰি পানীৰ সুবিধা কৰি ল’ব লগা হৈছে৷ অঞ্চলটোৰ ৰাইজে সংশ্লিষ্ট বিভাগক এটা ষ্ট্রীট টেপ দিয়াৰ বাবে অনুৰোধ জনাই আহিছে যদিও এইক্ষেত্রত বিভাগীয় কর্মচাৰীৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নাই বুলিও স্থানীয় লোকসকলে অভিযোগ কৰিছে৷