নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবাৰী পানী যোগান আঁচনিতনিয়ম খোৱাপানী লাভৰ পৰা বঞ্চিত বহু পৰিয়াল

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ এটুপি খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে মহানগৰীৰ বৰবাৰীৰ একাংশ আৱাসী৷ বৰবাৰী পানী যোগান আঁচনিৰ সাধাৰণ সম্পাদক বিনোদ পাটোৱাৰীৰ চূডান্ত মইমতালিৰ বাবে খোৱাপানীৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ বহু পৰিয়াল৷ অভিযোগ অনুসৰি বিনোদ পাটোৱাৰীয়ে নিজৰ খেয়ালখুচি অনুসৰিহে পানী যোগান ধৰে বৰবাৰীৰ কেইবাটাও অঞ্চলত৷ ফলত মন পছন্দৰ মানুহ নহ’লে পাটোৱাৰীয়ে নিদিয়ে পানী৷ এনে বেমেজালিৰ বাবে এতিয়া খোৱাপানীটুপিৰ পৰাও বঞ্চিত হ’ব লগা হৈছে ৰাইজ৷

উল্লেখ্য যে ২০১০ চনত বৰবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা মুকলি কৰা হৈছিল পানী যোগান আঁচনি৷ শেহতীয়াকৈ নতুন পথ নির্মাণ কৰাৰ বাবে বিগত কিছুদিন ধৰি বন্ধ হৈ আছিল এই পানী যোগান আঁচনিখন৷ কিন্তু চলিত সপ্তাহত পুনৰ পানী যোগান আঁচনি সক্রিয় হৈ পৰাত সৃষ্টি হৈছে বিসংগতিৰ৷ এনে বিসংগতি দূৰ কৰি বৰবাৰীৰ ৰাইজক খোৱাপানী যোগান ধৰিবলৈ বিভাগীয় কর্তৃপক্ষক দাবী উত্থাপন কৰিছে অঞ্চলটোৰ আৱাসীসকলে৷

You might also like