নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰক ৪৫ দিনৰ ভিতৰত প্রতিবেদন দাখিলৰ নির্দেশ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ মহানগৰীৰ জাবৰ নিষ্কাষণ কেন্দ্র তথা ড্রাম্পিং গ্রাউণ্ড স্থাপন সন্দর্ভত আজিও ৰাজ্য চৰকাৰে সঠিক স্থান নিৰূপণ কৰিব পৰা নাই৷ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে প্রস্তুতি চলাইছিল যদিও ৰাজ্য চৰকাৰে ৰাইজৰ প্রতিবাদ সেও মানি উজ স্থানত জাৱৰ নিষ্কাষণৰ প্রকল্প স্থাপন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰে৷ কিন্তু বিকল্প হিচাপে কোন ঠাইত জাৱৰ নিষ্কাষণ কৰা হ’ব সেই ক্ষেত্রত ন্যায়ালয়ক চৰকাৰে সঠিক তথ্য দিব পৰা নাই৷ সেয়ে পৌৰ নিগম তথা চৰকাৰক ৪৫ দিনৰ সময়সীমা বান্ধি দি উচ্চন্যায়ালয়ে জাৱৰ নিষ্কাষণ, কেন্দ্রৰ ক্ষেত্রত প্রতিবেদন দাখিল কৰাৰ নির্দেশ দিছে৷

অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে গোচৰৰ শুনানি গ্রহণ কৰি এই নির্দেশ দিয়ে৷ উল্লেখ যে যোৱা ৪ আগষ্টত সমাজকর্মী প্রদীপ বৰুৱাই চন্দ্রপুৰত জাৱৰ নিষ্কাষণ কেন্দ্র স্থাপনৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ ভিত্তিত শুনানি গ্রহণ কৰি ন্যায়ালয়ে তত্য বিচৰতাত চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰা নহয় বুলি প্রতিবেদন দাখিল কৰে৷ কিন্তু ইয়াৰ বিপৰীত কোন ঠাইত জাৱৰ নিষ্কাষণ প্রকল্প স্থাপন কৰা হ’ব সেই সন্দর্ভত চৰকাৰ ন্যায়ালয়ক স্পষ্ট তথ্য দাখিল কৰা নাই৷

You might also like