নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’ল পাম্প বন্ধৰ সিদ্ধান্ত প্রত্যাহাৰ পেট্র’লিয়াম ডীলার্ছ এছ’চিয়েচনৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানী ভাৰত পেট্র’লিয়াম কর্প’ৰেচন লিমিটেডৰ (বি পি চি এল) থলুৱাবিৰোধী নীতি আৰু একপক্ষীয়ভাৱে বেলতলাৰ ছার্ভেস্থিত ‘আৰ আৰ এন ডি ছার্ভিচ ষ্টেচন’ নামৰ পেট্র’ল পাম্পটো ৩১ আগষ্টত বন্ধ কৰি দিয়াৰ প্রতিবাদত ৭ ছেপ্টেম্বৰৰ  পৰা কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত সকলো পেট্র’ল পাম্প অনির্দিষ্ট কাললৈ বন্ধ ৰখাৰ যি সিদ্ধান্ত গ্রহণ কৰা হৈছিল তাক প্রত্যাহাৰ কৰা হৈছে৷

এই সন্দর্ভত নর্থ–ইষ্ট ইণ্ডিয়া পেট্র’লিয়াম ড্রীলার্ছ এছ’চিয়েচনৰ সভাপতি ৰাজীৱ গোস্বামী আৰু সাধাৰণ সম্পাদক দ্বিজেন চন্দ্র মহন্তই কয়– শনিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সভাগৃহত এখন বৈঠক অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত এছ’চিয়েচনৰ উপৰি বিপিচিএল, আইএচিএল, এইচ পি চি এলকে ধৰি ৰাজহুৱা তেল প্রতিষ্ঠানৰ প্রতিনিধি উপস্থিত থাকে৷

বৈঠকত পেট্র’ল পাম্প নৱীকৰণৰ সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ লগতে আৰ আৰ এন ডি ছার্ভিচ ষ্টেচন বন্ধ কৰাৰ সিদ্ধান্ত উঠাই লোৱা হয়৷

You might also like