এমাহত ৫৫ গোচৰ, ৮৭ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান
নিয়মীয়া বাৰ্তা ২১ জুনঃ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ ব্যৱসায়ী চক্রৰ ড্রেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰৰ পৰা মণিপুৰ, মিজোৰাম, নাগালেণ্ডৰ মাজেৰে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ ব্যৱসায়ী চক্রই গুৱাহাটীলৈ অব্যাহত ৰাখিছে নিষিদ্ধ ড্রাগ্ছৰ সৰবৰাহ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ মহানগৰ আৰক্ষীয়েও অভিযানব্যাহত ৰাখিছে৷ ড্রাগ্ছ ব্যৱসায়ৰ অন্যতম ঘাটি হিচাপে পৰিগণিত গুৱাহাটীত মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ১০ মে’ত শপতগ্রহণ কৰাৰ দিনাৰে পৰা ৰাজ্যজুৰি ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল অসম আৰক্ষীয়ে৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখায়ো ১০ মে’ৰ পৰা ১০ জুনলৈকে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই এন ডি পি এছ এক্টৰ অধীনত ৫৫টাকৈ গোচৰ ৰুজু কৰে৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই অভিযান চলাই ৮৭টা ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ যুটীয়া অভিযানত ৪৪৭.৪ গ্রাম ব্রাউন ছুগাৰ, ২৯৮.৫৪৫ গ্রাম হেৰ’ইন, ৭৮.৩১৬ কেজি গাঞ্জা, ২৪০টা নিচাজাতীয় টেবলেট, ৪৪,১৬০টা কফ ছীৰাপৰ বটল, ৯খন মটৰচাইকেল, ৩খন চাৰিচকীয়া বাহনৰ লগতে নগদ ১১,৩২,০২০ টকা জব্দ কৰে৷ মহানগৰ আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা মে’ মাহলৈ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই এন ডি পি এছ এক্টৰ অধীনত সর্বমুঠ ৬১টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১০৬গৰাকী লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ইফালে, ১০ মে’ৰ পৰা ১০ জুনলৈ মহানগৰীৰ প্রতিখন থানা এলেকাত আৰক্ষীয়ে অভিযান চলাই ড্রাগ্ছসহ ৮৭জন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ প্রাপ্ত তথ্য অনুসৰি মহানগৰীৰ ভাৰলুমুখ থানাত এন ডি পি এছ এক্টৰ অধীনত ৪টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪জন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ একেদৰে, চানমাৰি থানাত ৭টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৯ ড্রাগ্ছ সৰবৰাহকাৰী, পাণবজাৰ থানাত ৪টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪জন ড্রাগ্ছ সৰবৰাহকাৰী, বশিষ্ঠ থানাত ৭টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৯জন ড্রাগ্ছ সৰবৰাহকাৰী, পল্টনবজাৰত ৩টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৬জন ড্রাগ্ছ সৰবৰাহকাৰী, জালুকবাৰী থানাত ৬টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১১জন ড্রাগ্ছ সৰবৰাহকাৰী, নুনমাটিত ৩টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪জন ড্রাগ্ছ সৰবৰাহকাৰী, দিছপুৰত ৬টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১৪জন ড্রাগ্ছ সৰবৰাহকাৰী, ফটাশিল আমবাৰীত ২টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ২ ড্রাগ্ছ সৰবৰাহকাৰী, গডচুকত ৪টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৮ ড্রাগ্ছ সৰবৰাহকাৰী, সোণাপুৰত ২টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ২ ড্রাগ্ছ সৰবৰাহকাৰী, আজাৰাত ২ গোচৰ ৰুজু কৰাৰ বিপৰীতে ৩জন ড্রাগ্ছ সৰবৰাহকাৰী, হাতীগাঁৱত ১টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ২জন ড্রাগ্ছ সৰবৰাহকাৰী, সাতগাঁৱত ২ গোচৰ ৰুজু কৰাৰ বিপৰীতে ৩জন ড্রাগ্ছ সৰবৰাহকাৰী, ক্ষেত্রীত ১টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ২ ড্রাগ্ছ সৰবৰাহকাৰী আৰু প্রাগজ্যোতিষপুৰ থানাত ১টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪জন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
বিগত পাঁচটা মাহত গুৱাহাটীত ৫৫৭.৩৪৭ কেজি গাঞ্জা, ২৪৮.১৬ গ্রাম ব্রাউন ছুগাৰ, ৪৭০.৪৮ গ্রাম হেৰ’ইন, ৭,৪১৬টা চেমপেক্স টেবলেট, ৩০,০০০ ডব্লিউ ৱাই টেবলেট, ৩৫ বটল কফ ছীৰাপ, ২১০টা নিড্রাজেপাম টেবলেট, ৪২,১০০টা নিচাজাতীয় টেবলেট, ৩০টা নিড্রচাম টেবলেট জব্দ কৰাৰ লগতে নগদ ১১,০১,৫৫৫ টকা জব্দ কৰে৷ প্রাপ্ত তথ্য অনুসৰি চলিত বর্ষৰ জানুৱাৰী মাহত এন ডি পি এছ এক্টৰ অধীনত ৫টা গোচৰৰ বিপৰীতে ১০জন, ফেব্রুৱাৰী মাহত ৮টা গোচৰৰ বিপৰীতে ১৬জন, মার্চ মাহত ১০টা গোচৰৰ বিপৰীতে ২৩জন, এপ্রিলত ৪টা গোচৰৰ বিপৰীতে ৬জন আৰু মে’ মাহত ৩৪টা গোচৰৰ বিপৰীতে ৫১জন ড্রাগ্ছ সৰবৰাহকাৰীক মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই অভিযান চলাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে ২০২০ বর্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলাই এন ডি পি এছ এক্টৰ অধীনত সর্বমুঠ ১১৩টা গোচৰ ৰুজু কৰি ২০৮জন ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উক্ত বর্ষটোত ১.১২৭ কেজি ব্রাউন ছুগাৰ, ১.৭৯৬ কেজি হেৰ’ইন, ১৩,৬০৮টা কফ ছীৰাপৰ বটল, ১.৪৮ কেজি ড্রাগ্ছজাতীয় পাউডাৰ, ২৪০ বটল ছীৰাপ, ৪৩ গ্রাম ককেইন, ২,১৮১টা ডব্লিউ ৱাই টেবলেট, ৪৯৬.৫৩ গ্রাম কানিকে ধৰি বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই৷ উক্ত বর্ষটোত সর্বমুঠ ১.০৩ কোটি টকা নগদ ধন জব্দ কৰে৷
প্রাপ্ত তথ্য অনুসৰি ২০২০ বর্ষৰ জানুৱাৰী মাহত এন ডি পি এছ এক্টৰ অধীনত ৫টা গোচৰৰ বিপৰীতে ১০জন, ফেব্রুৱাৰীত ১২টা গোচৰৰ বিপৰীতে ২২জন, মার্চ মাহত ১২টা গোচৰৰ বিপৰীতে ২০জন, এপ্রিল মাহত ৯টা গোচৰৰ বিপৰীতে ১৫জন, মে’ মাহত ৯টা গোচৰৰ বিপৰীতে ১৮জন, জুনত ৯টা গোচৰৰ বিপৰীতে ১৪জন, জুলাইত ৪টা গোচৰৰ বিপৰীতে ৯জন, আগষ্টত ৬টা গোচৰৰ বিপৰীতে ১৭জন, ছেপ্ঢেম্বৰত ১১টা গোচৰৰ বিপৰীতে ২০জন, অক্টোবৰত ৮টা গোচৰৰ বিপৰীতে ১৩জন, নৱেম্বৰত ১৮টা গোচৰৰ বিপৰীতে ২৭জন আৰু ডিচেম্বৰ মাহত ১০টা গোচৰৰ বিপৰীতে ২৩জন লোকক মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷