সেইটো কেৱল ধেমালি আছিলঃ জুবিন
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গে ৰাজহুৱা অনুষ্ঠানত দুগৰাকী জনপ্রিয় অভিনেত্রীক অশালীন মন্তব্য কৰাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া অব্যাহত আছে৷ জুবিনৰ এই বিতর্কই ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি কৰাৰ লগতে অসম ৰাজ্যিক মহিলা আয়োগেও আৰক্ষী সঞ্চালকপ্রধানক বিষয়টোৰ সত্যাসত্য নিৰূপণ কৰিবলৈ পত্র প্রেৰণ কৰিছিল৷ বিতর্কটোৰ পিছত আজি এক অনুষ্ঠানত অংশগ্রহণ কৰি জনপ্রিয় শিল্পী জুবিন গার্গে ‘সেইটো কেৱল ধেমালি আছিল’ বুলি মন্তব্য কৰে৷ জুবিন গার্গে লগতে কয় যে ধেমালিতে তেনেকৈ কৈছিলোঁ, কিন্তু কিছুমানে গুৰুত্বসহকাৰে ল’লে৷ উল্লেখ্য যে অসম ৰাজ্যিক মহিলা আয়োগৰ পত্রৰ ভিত্তিত কালি মহানগৰ আৰক্ষী আয়ুক্তৰ তত্ত্বাৱধানত দুয়োগৰাকী অভিনেত্রীৰ ভাষ্য গ্রহণ কৰে মহানগৰ আৰক্ষীয়ে৷