নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টনবজাৰ থানাত ভগা বাইক–গাড়ীৰ দ’ম

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মহানগৰীৰ প্রাণকেন্দ্রস্বৰূপ পল্টনবজাৰত ৰে’লৱে ষ্টেচন আৰু পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত৷ স্বাভাৱিকতে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বহিঃৰাজ্যৰো মানুহে পল্টনবজাৰত নিতৌ ভিৰ কৰে৷

কিন্তু এই জনবহুল স্থানত নিৰাপত্তা ব্যৱস্থা কিমান কটকটীয়া? পল্টনবজাৰ থানাৰ চৌহদত এবাৰ চকু ফুৰালেই এই প্রশ্ন মনলৈ আহে৷ আৰক্ষীৰ আধুনিকীকৰণৰ নামত ব্যাপক প্রচাৰ আৰু ধন ব্যয় কৰাৰ পিছতো মহানগৰীৰ এই ব্যস্ত স্থানত থকা গুৰুত্বপূর্ণ আৰক্ষী থানাখন দেখিলে উদ্বেগ সৃষ্টি হোৱাটোৱে স্বাভাৱিক৷ থানাখনৰ সন্মুখ ভাগতেই দৃষ্টিকটুভাৱে পেলাই থোৱা হৈছে জব্দ কৰা আৰু দুর্ঘটনাত পতিত হোৱা দুচকীয়া বাহন৷ পৰি আছে বহুকেইখন গাড়ী৷ ইয়াৰ মাজতে থানাখনত কর্তব্যৰত আৰক্ষী বিষয়া–জোৱানসকলে ২৪ ঘণ্টাই দায়িত্ব পালন কৰি আহিছে৷

মহানগৰীৰ অন্যতম গুৰুত্বপূর্ণ থানা হিচাপে পৰিচিত পল্টনবজাৰ থানাৰ চাৰিওকাষে বছৰৰ পিছত বছৰ ধৰি দুচকীয়া আৰু চাৰিচকীয়া বাহনসমূহ পেলাই থোৱাৰ ফলত বহু বাহন জহি–খহি গৈছে৷ শেহতীয়াকৈ পল্টনবজাৰ থানাৰ আৰক্ষীয়ে জব্দ কৰিছে চুৰি হোৱা ৩০খনৰো অধিক দুচকীয়া বাহন৷ জব্দকৃত এই দুচকীয়া বাহনসমূহ থ’বলৈ থানাখনত ঠাইৰ অভাৱ৷ ফলত উপায়হীন হৈ আৰক্ষীয়ে জব্দকৃত বাহনসমূহ শাৰী শাৰীকৈ থানালৈ অহা–যোৱা বাটত পার্কিং কৰিবলগীয়া হৈছে৷

এনেদৰে থানাখনলৈ অহা–যোৱা কৰা পথত দুচকীয়া বাহন ৰখাই থোৱাত অভিযোগ দিবলৈ অহা লোকসকলৰ লগতে থানাখনত কর্তব্যৰত আৰক্ষী বিষয়া–জোৱানসকলো অসুবিধাৰ সন্মুখীন হৈছে৷ পল্টনবজাৰ থানাত নতুনকৈ নির্মাণ কৰা ভৱনৰ প্রথম মহলাত আছে যান–বাহন শাখাটো৷ থানাখনৰ চৌহদত ঠাইৰ অভাৱত যান–বাহন শাখালৈ উঠি যোৱা চিৰিৰ সন্মুখতো জব্দকৃত দুচকীয়া বাহন দৃষ্টিকটুভাৱে ৰখাই থোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰি থানাখনৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ বাহন, যান–বাহন শাখাৰ আৰক্ষীৰ বাহনৰ উপৰি কেইবাখনো পাপা গাড়ীও আছে৷

এই বাহনসমূহো ৰখোৱাৰ বাবে থানাখনত ঠাইৰ অভাৱ৷ পৰিত্যক্ত বাহনেৰে ভৰি পৰা পল্টনবজাৰ থানা এতিয়া আৱর্জনাৰ দ’মত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ পল্টনবজাৰ থানা এটা উদাহৰণহে৷ মহানগৰীৰ প্রায় প্রতিখন থানাই অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে৷ যি সময়ত মৈত্রী আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে আৰক্ষী থানাসমূহ আধুনিকীকৰণৰ ব্যৱস্থা গ্রহণ কৰিছে আৰু কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি আছে, তেনে সময়ত পল্টনবজাৰৰ দৰে গুৰুত্বপূর্ণ আৰক্ষী থানাৰ শোচনীয় অৱস্থাই আঁচনিখনৰ প্রকৃত ৰূপায়ণ নোহোৱাটোকে স্পষ্ট কৰি তুলিছে৷

You might also like