কংগ্রেছৰ অন্ধকাৰ ভৱিষ্যৎ
দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্রেছৰ ভৱিষ্যৎ এই মুহূর্তত সম্পূর্ণৰূপে অন্ধকাৰৰ দিশে গতি কৰিছে৷ মধ্যপ্রদেশৰ যুৱনেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগ আৰু বিজেপিত যোগদানৰ বাবেই কংগ্রেছৰ এনে অৱস্থা হোৱা বুলি ক’ব নোৱাৰি৷ ২০১৪ চনৰ সাধাৰণ নির্বাচনৰ পিছৰে পৰা দলটোৱে নীতি–নির্ধাৰণেই হওক বা সঠিক কৌশল ৰচনাৰ দিশৰ পৰাই হওক বাৰে বাৰে এনেদৰে উজুটি খাবলগীয়া হৈছে যে দলটোৰ বহুতো কর্মী আৰু সমর্থক এতিয়া হতাশাগ্রস্ত হৈ পৰিছে৷ অৱশ্যেই সিন্ধিয়াৰ দল ত্যাগে কংগ্রেছত প্রভাৱ নেপেলায় বুলি কোনেও ক’ব নোৱাৰে৷ এনে এক ইংগিত মধ্যপ্রদেশৰ ৰাজপৰিয়ালৰ পৰা যথেষ্ট পূর্বেই আহিছিল৷ কিন্তু অতি ঘনিষ্ঠ হোৱা সত্ত্বেও ৰাহুল গান্ধীয়ে এই সন্দর্ভত কোনো ধৰণৰ পদক্ষেপ নল’লে৷ জ্যোতিৰাদিত্য সিন্ধিয়া আছিল মধ্যপ্রদেশৰ মুখ্যমন্ত্রিত্বৰ প্রার্থী৷ কিন্তু কংগ্রেছৰ শীর্ষ নেতৃত্বই কমল নাথক মুখ্যমন্ত্রীৰ আসনত বহুৱাই জ্যোতিৰাদিত্যক প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল৷ তেওঁ নেতৃত্বৰ এই সিদ্ধান্ত মানিও লৈছিল৷ কিন্তু মাহৰ পিছত মাহ এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ বৰঞ্চ ৰাজ্যৰ ৰাজনীতিত কমল নাথৰ নেতৃত্বতে জ্যোতিৰাদিত্যক একাষৰীয়া কৰাৰ ষড়যন্ত্রহে চলোৱা হ’ল৷ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে হস্তক্ষেপ কৰিব বুলি জ্যোতিৰাদিত্য সিন্ধিয়াই আশা কৰাটো আছিল স্বাভাৱিক কথা৷ কাৰণ গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ ঘনিষ্ঠতা সর্বজনবিদিত৷ কিন্তু এইবাৰো তেওঁ নিৰাশ হ’বলগীয়া হ’ল৷ যুৱনেতাজনে বিজেপিত যোগদান কৰাৰ পিছত এতিয়া মধ্যপ্রদেশত কংগ্রেছৰ চৰকাৰৰ পতন ঘটাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ইয়াতকৈ ডাঙৰ কথাটো হ’ল তেওঁৰ পদত্যাগৰ পিছত সর্বত্র প্রশ্ণ উঠিছে দলটোক নেতৃত্ব প্রদান কৰিবলৈ প্রকৃততে গান্ধী পৰিয়ালৰ বর্তমানৰ সদস্যসকল বিচক্ষণ হয় নে নহয় বুলি৷
ইতিমধ্যে কেইবাজনো কংগ্রেছ নেতাই গান্ধী পৰিয়ালৰ প্রতি আনুগত্য অস্বীকাৰ কৰিবলৈ সাহস প্রদর্শন কৰিছে৷ ৰাহুল গান্ধীৰ ওপৰত আস্থা হেৰুওৱা আন একাংশ কংগ্রেছ নেতাই পুনৰ স্থায়ীভাৱে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব গ্রহণ কৰিব বুলি আশাৰে অপেক্ষা কৰিছে৷ সাধাৰণভাৱে চাবলৈ গ’লৈ ক’ব পাৰি যে অধিকাংশ কংগ্রেছীৰে ৰাহুলৰ ওপৰত আস্থা ক্রমান্বয়ে হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে ছোনিয়াৰ ভগ্ণ স্বাস্থ্যৰ বাবে দলটোক পূর্বৰ দৰে নেতৃত্ব দিয়াটো সম্ভৱ হ’ব নে নাই তাক লৈ প্রশ্ণবোধক চিন উঠি আহিছে৷ অৱশ্যে কংগ্রেছৰ জটিল সময়ত ছোনিয়াই সবল নেতৃত্ব দিবলৈ সক্ষম হৈছিল আৰু দুবাৰকৈ তেওঁৰ নেতৃত্বতে কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে সাধাৰণ নির্বাচনত জয়ী হ’বলৈ সক্ষম হৈছে৷ কিন্তু বর্তমানৰ প্রেক্ষাপট সুকীয়া আৰু ৰাজনৈতিক পৰিৱেশো সম্পূর্ণ সলনি হৈছে৷ তাৰ লগতে আছে নেত্রীগৰাকীৰ ভগ্ণ স্বাস্থ্য৷ প্রিয়ংকা গান্ধীয়ে দলৰ নেতৃত্ব ল’লে দলটোৱে প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হ’ব বুলি একাংশ কংগ্রেছীয়ে বিশ্বাস কৰে যদিও এয়া নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰেই হ’ব৷ কিয়নো ৰাজনৈতিক বিচক্ষণতাৰ দিশৰ পৰা প্রিয়ংকাৰ দুর্বলতা ইতিমধ্যে প্রকাশ পাইছে৷ তদুপৰি বর্তমানৰ ৰাজনৈতিক প্রেক্ষাপটত যুৱ ভোটাৰসকলে বংশগত ভাবমূর্তিৰ সলনি বিচাৰে এনে এজন ৰাজনৈতিক নেতা, যিয়ে দেশৰ সাধাৰণ নাগৰিকৰ অন্তৰৰ কথা মর্মে মর্মে উপলব্ধি কৰিব পাৰে৷ এনে কাৰণতে কংগ্রেছে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতাক দলটোৰ নেতৃত্বৰ বাবে নির্বাচন কৰাৰ সময় আহি পৰিছে৷ এইক্ষেত্রত যদি দলটোৱে সবল সিদ্ধান্ত ল’ব পাৰে, তেন্তে বংশানুক্রমিক ৰাজনীতি কৰি অহা বুলি বিজেপিয়ে ২০১৩–১৪ চনৰে পৰা কৰি অহা সমালোচনাৰো দুৱাৰ বন্ধ কৰি দিয়াটো সম্ভৱ হ’ব৷