ক’ভিড–১৯ আৰু ট্রাম্প
একোটা মহামাৰীয়ে মানৱ জাতিৰ বাবে কি দুর্যোগ কঢ়িয়াই আনিব পাৰে শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯এ সমগ্র বিশ্বজুৰি তাৰ প্রমাণ দাঙি ধৰিছে৷ মাত্র তিনিটা মাহৰ ভিতৰতেই বিশ্বৰ দেশে দেশেই এতিয়া ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰিছে মৃত্যু উপত্যকা৷ সমৃদ্ধিশালী, শক্তিশালী বুলি দম্ভ কৰি থকা ইউৰোপৰ দেশে দেশে এতিয়া এই ভাইৰাছৰ সংক্রমণে সৃষ্টি কৰিছে কেৱল আতংক৷ বিশ্বৰ ভিতৰতে মহাপৰাক্রমী বুলি প্রতিমুহূর্ততে আত্মদম্ভত ভুগি থকা আমেৰিকাৰ এতিয়া অসহায় অৱস্থা৷ প্রতিদিনে হাজাৰ হাজাৰ লোকে এই মহামাৰীত আক্রান্ত হৈ হেৰুৱাবলগীয়া হৈছে অমূল্য জীৱন৷ মৃত মানুহক সমাধিস্থ কৰাৰ বাবে মোতায়েন কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ লোক৷ এই ভাইৰাছৰ সংক্রমত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত যিমানেই যুদ্ধকালীন ব্যৱস্থা গ্রহণ কৰা হৈছে, সিমানেই নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে লাখ লাখ লোক৷ আমেৰিকা, ইটালী, স্পেইন, ব্রিটেইন, ফ্রান্স, জার্মানী, ইৰান আদি সকলো দেশতেই এতিয়া কেৱল ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৰকেটৰ গতিত বৃদ্ধি পাইছে৷ মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমণৰ পিছত বহু লোকক হেৰুৱাই তেওঁলোকৰ আত্মীয়ই কেৱল আর্ত চিৎকাৰ কৰিছে৷ এয়া যেন এখন দেশ, এটা জাতি বা এটা অঞ্চলৰ শোক নহয়৷ এয়া সমগ্র বিশ্বৰ চকুপানী৷ বিশ্ববাসীক কন্দুৱাইছে এই মাৰাত্মক ক’ৰোনাই৷ আৰু কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে এই ভাইৰাছবিধৰ সংক্রমণে এতিয়া কেৱল তাৰেই হিচাপ–নিকাচ চিকিৎসা বিশেষজ্ঞসকলৰ৷ দেশে দেশে পৰীক্ষাগাৰত চলিছে ক’ৰোনাৰ টিকা উদ্ভাৱনৰ বাবে বিশেষজ্ঞসকলৰ নিৰলস গৱেষণা৷ কিন্তু কোনেও সম্ভৱ কৰি তুলিব পৰা নাই এই কাম৷ এনে এক বিপর্যয়ৰ মাজতে এতিয়া ক’ৰোনাৰ সংক্রমণৰ বাবে দায়ী কোন তাক লৈ সমৃদ্ধিশালী দেশবোৰৰ মাজত চলিছে অৰিয়াৰি৷ চীনৰ ৱুহানৰ পৰা মাৰাত্মক ভাইৰাছবিধৰ বিস্তাৰ ঘটা বাবেই এতিয়া বিশ্ব শক্তিৰ সন্মুখত শত্রু হিচাপে চিহ্ণিত হৈছে চীন৷ আনকি এই ভাইৰাছবিধক জৈৱিক অস্ত্র হিচাপে পৰীক্ষাগাৰত শীতল মস্তিষ্কৰে প্রস্তুত কৰা বুলি চীনৰ বিৰুদ্ধে অভিযোগৰ তর্জনী টোঁৱাইছে বহু দেশে৷ প্রথম পর্যায়ৰ পৰা চীন ক’ৰোনামুক্ত হৈছে যদিও পুনৰ দেশখনত নতুনকৈ সংক্রমণ ঘটিছে ভাইৰাছবিধৰ৷ ইয়াৰ ফলত আতংকিত বেইজিং প্রশাসন৷ লক্ষণীয়ভাৱে আমেৰিকাত ক’ৰোনাৰ প্রতিৰোধৰ ক্ষেত্রত কোনোধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ড’নাল্ড ট্রাম্প প্রশাসনে৷ গতিকে নিজৰ ব্যর্থতা ঢ়াকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক এই মহামাৰীৰ বিৰুদ্ধে তাৎক্ষণিক প্রতিৰোধী ব্যৱস্থা গ্রহণ নকৰা বুলি কঠোৰ সমালোচনা কৰিছে আমেৰিকাই ৷
ব্যর্থতাক কোনেও ঢ়াকিব পৰা নাই৷ বিশ্বৰ ভিতৰতে চিকিৎসা ক্ষেত্রত দ্বিতীয় স্থানত থকা ইটালীয়ে এতিয়া কেৱল চকুপানী টুকিবলগীয়া হৈছে৷ এনে এক পৰিস্থিতি অব্যাহত থকাৰ সময়তে বিভিন্ন সময়ত বিতর্কিত সিদ্ধান্তৰে পৃথিৱীবাসীক হতচকিত কৰা ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছে যে বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকাই সাহায্য পুঁজি আগ নবঢ়ায়৷ অর্থাৎ ঘোষিত সাহায্য পুঁজিত প্রতিৰোধ লগোৱাৰ সিদ্ধান্ত লৈছে ট্রাম্পে৷ চীনৰ পক্ষপাতী সংস্থা বুলি অভিযোগ কৰিয়েই বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে ট্রাম্পে৷ লগে লগে পৃথিৱীজুৰি সৃষ্টি হৈছে হাহাকাৰ৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে এই মহাদুর্যোগৰ সময়ত ট্রাম্পক সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ আবেদন জনাইছে যদিও নিজৰ স্থিতিত আঁকোৰগোজ ট্রাম্প৷ বিশ্ব স্বাস্থ্য সংস্থা হৈছে ৰাষ্ট্রসংঘৰ এক শাখা সংস্থা৷ ১৯৪৮ চনতে ইয়াৰ প্রতিষ্ঠা হৈছিল৷ ১৯৪খন সদস্য ৰাষ্ট্র থকা বিশ্ব স্বাস্থ্য সংস্থালৈ অৱশ্যে অধিক ধন আমেৰিকাই সাহায্য হিচাপে বছৰি আগবঢ়াই আহিছে৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে যিকোনো মহামাৰী বা দুর্যোগৰ সময়ত আমেৰিকাই এই সংস্থাটোলৈ আগবঢ়োৱা সাহায্যত প্রতিৰোধ লগাই ইয়াক পংগু কৰি সমগ্র পৃথিৱীলৈ বিপর্যয় কঢ়িয়াই আনিব৷ ট্রাম্পৰ সিদ্ধান্ত নিঃসন্দেহে অবিবেচকী৷ কিন্তু এই দুর্যোগ আৰু অস্থিৰ পৰিস্থিতিৰ সময়ত আমেৰিকাক বুজাব কোনে মহামাৰীৰ সময়ত ট্রাম্পে পৃথিৱীলৈ কঢ়িয়াই আনিলে অন্য এক মহাবিপর্যয় ৷