অসমৰ নিবনুৱালৈ আশাৰ বার্তা
সমগ্র দেশৰ লগতে অসমতো নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰিছে৷ প্রতিবছৰে শিক্ষিত নিবনুৱাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা নাই খালী পদৰ সংখ্যা৷ তদুপৰি অসমত পর্যাপ্ত পৰিমাণৰ উদ্যোগ গঢ়ি নুঠা বাবেই অসমৰ নিবনুৱাসকলে কর্মসংস্থাপনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ এনে অৱস্থাৰ অৱসানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে কার্যভাৰ গ্রহণ কৰাৰ পিছতে কিছুমান সুদূৰপ্রসাৰী সিদ্ধান্ত গ্রহণ কৰিছে৷ যিবোৰ সিদ্ধান্তই অসমৰ শিক্ষিত যুৱক–যুৱতীসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷ ২০২১ চনত মুখ্যমন্ত্রীৰ গধুৰ দায়িত্ব গ্রহণ কৰাৰ পিছতে ৰাজ্যত ১ লক্ষ নিবনুৱাক নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল৷ সেই সময়ৰ পৰাই মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন বিভাগত প্রতিবছৰে হাজাৰ হাজাৰ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ প্রক্রিয়া আৰম্ভ কৰে৷ যোৱা বর্ষৰ ছেপ্টেম্বৰত তেওঁ ২৩,৯৫৯গৰাকী শিক্ষকক ৰাজহুৱাভাৱে নিযুক্তি–পত্র প্রদান কৰিছিল৷ সেই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল যে ২০২৫ চনৰ ভিতৰত তেওঁ আৰু ৫০ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি প্রদানৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ২০২১ চনত শাসনলৈ অহাৰ সময়তে মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছিল যে চৰকাৰৰ চলিত কার্যকালত ৰাজ্যৰ ১ লাখ নিবনুৱাক কর্মসংস্থাপন দিয়া হ’ব৷ কিন্তু ইতিমধ্যে চৰকাৰখনে সেই সীমা অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ ২০২১ চনৰ শেষৰফালৰ পৰাই নিযুক্তিৰ অভিযান আৰম্ভ কৰি বর্তমানলৈকে লক্ষাধিকক চৰকাৰী চাকৰি প্রদানেৰে অভিলেখ স্থাপন কৰিছে৷ মন কৰিবলগীয়া যে অসমৰ শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি ২০২২ চনত প্রায় ১০ লাখ যুৱক–যুৱতীয়ে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিছে৷ ইয়াৰ আগৰ বছৰত এই সংখ্যা আছিল মাত্র ১ লাখ ৪ হাজাৰ৷ নিবনুৱা যুৱক–যুৱতীৰ এনে বর্ধিত সংখ্যাই ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ অৱস্থাটোকে প্রকট কৰি তুলিছে৷ ২০২১ চনত এই সংখ্যা আছিল ১,৩৭,৮৬৫গৰাকী৷
আজি ৰাজ্য চৰকাৰে চতুর্থ আৰু তৃতীয়বর্গৰ চাকৰিৰ বাবে পুনৰ ১০ সহস্রাধিক প্রার্থী বাছনি কৰি উলিয়াইছে৷ এই পদসমূহৰ বাবে যোৱা বর্ষৰ ২৭ অক্টোবৰত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ এই পৰীক্ষাত অৱতীর্ণ হৈছিল ১৮ লাখ প্রার্থী৷ কেৱল বৰাক ভেলীৰ পৰাই ৭৫,৭০৭গৰাকীয়ে পৰীক্ষাত বহিছিল৷ এই ১৮ লক্ষ প্রার্থীৰ মাজৰ পৰা মেধাৰ ভিত্তিত বাছনিপ্রাপ্ত প্রার্থীসকলৰ মাজৰ পৰা সাক্ষাৎকাৰৰ জৰিয়তে ১২,৬০০ খালী পদৰ বাবে প্রার্থী বাছনি কৰা হ’ব৷ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ সম্পূর্ণৰূপে মেধাৰ ভিত্তিত ঘোষণা কৰা এই পৰীক্ষাৰ ফলাফলে দুখীয়া ছাত্র–ছাত্রী আৰু পৰিয়ালবর্গৰ মাজলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে৷ কিয়নো এইখন চৰকাৰে দায়িত্ব গ্রহণ কৰাৰ আগলৈ অসমত মেধাসম্পন্ন ছাত্র–ছাত্রীসকলে চাকৰি পোৱাটো সহজসাধ্য নাছিল৷ আওপকীয়া পথেৰে ধনিক শ্রেণীৰ যুৱক–যুৱতীয়ে চাকৰিৰ বাবে যোগ্য হৈ পৰা বাবে তীক্ষ্ণ মেধাৱী ছাত্র–ছাত্রী হতাশ হ’বলগীয়া হৈছিল৷ আনকি অসম লোকসেৱা আয়োগৰ পৰীক্ষাতো অনুৰূপ অৱস্থাৰ সৃষ্টি হৈছিল৷ ইয়াৰ পৰিণতিত বহু ছাত্র–ছাত্রী এনে পৰীক্ষাত অৱতীর্ণ হোৱাৰ পৰা দূৰত আছিল৷ কিন্তু সম্প্রতি এই অৱস্থাৰ অৱসান ঘটিছে৷ টকা–পইচা উৎকোচ নিদিয়াকৈ মেধাৱী ছাত্র–ছাত্রীয়ে অসম লোকসেৱাৰ পৰীক্ষাত উত্তীর্ণ হৈ ৰাজ্যৰ প্রশাসনৰ লগতে বিভিন্ন বিভাগত চাকৰি কৰাৰ পথ সুগম কৰিছে৷ অৱশ্যে কেৱল চৰকাৰী চাকৰিত সংস্থাপন দি ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধান কৰা সম্ভৱ নহয়৷ সেইবাবে চৰকাৰে এডভাণ্টেজ আছামৰ দৰে কার্যসূচী গ্রহণ কৰি বিভিন্ন দেশৰ উদ্যোগপতিসকলক আমন্ত্রণ জনাই অসমত ধন বিনিয়োগ কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰাইছে৷ ইয়াৰ ফলত শীঘ্রে অসমত বিভিন্ন উদ্যোগ স্থাপন হ’ব আৰু লক্ষ লক্ষ নিবনুৱাই কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইতিমধ্যে জাগীৰোডত আৰম্ভ হোৱা টাটাৰ অভিলাষী আঁচনি ছেমিকণ্ডাক্টৰে অসমৰ উদ্যোগ ক্ষেত্রখনত নৱজাগৰণৰ সৃষ্টি কৰিছে৷ এই উদ্যোগটোত হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে কর্মসংস্থান লাভ কৰাটো নিশ্চিত হৈছে৷ মুখ্যমন্ত্রীগৰাকীৰ এনে প্রচেষ্টাই পৰৱর্তী কেইবছৰমানৰ ভিতৰতে অসমৰ নিবনুৱা সমস্যাৰ ভয়াৱহতা বহু পৰিমাণে হ্রাস কৰিবলৈ সক্ষম হ’ব৷