কৃষকৰ দুৰ্দিন
কৃষিপ্রধান ৰাজ্য অসমৰ অর্থনীতিলৈ কৃষিখণ্ডৰ অৰিহণা স্বাভাৱিকতে প্রভূত৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ৰাজ্যত মুঠ খেতিয়কৰ সংখ্যা ৩১,৩৮,৫৫৪জন৷ ৰাজ্যখনৰ জনসংখ্যাৰ প্রায় ৭০ শতাংশই প্রত্যক্ষ অথবা পৰোক্ষভাৱে কৃষিৰ ওপৰত নির্ভৰশীল৷ তৎসত্ত্বেও অসমৰ কৃষিখণ্ডৰ সম্পূর্ণৰূপে আধুনিকীকৰণ তথা যান্ত্রিকীকৰণ আজিপর্যন্ত সম্ভৱ হৈ নুঠিল৷ দেশে স্বাধীনতা লাভৰ দীর্ঘসময় অতিক্রম কৰাৰ পাছতো ৰাজ্যখনৰ কৃষক জনতাই নানা সমস্যাৰ মাজত কক্বকাই থাকিবলগীয়া হৈছে৷ তাৰ মাজতে প্রতিবছৰে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ প্রলয়ংকৰী বান–গৰাখহনীয়া খেতিয়কসকলৰ বাবে হৈ পৰিছে এক বিৰাট প্রত্যাহ্বান৷ চলিত বর্ষত মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশজুৰি বলৱৎ হোৱা লকডাউনৰ পৰিণতিত অসমৰ কৃষকসকলো অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ উৎপাদিত ফচল বিক্রী কৰিবলৈ বজাৰ নোপোৱাত গেলি–পচি গৈছে পথাৰতে৷ পৰিণতিত ধাৰ–ঋণ লৈ কৃষিকর্মত আত্মনিয়োগ কৰা বহু খেতিয়ক এতিয়া সর্বস্বান্ত৷ তাৰ মাজতো কৃষকসকলৰ আশা আছিল আগতীয়া ধান আৰু মৰাপাটৰ খেতিক লৈ৷ পিছে বছৰৰ প্রথমটো বানে ভূতৰ ওপৰত দানহ পৰা দি সেই আশাতো চেঁচাপানী ঢ়ালিলে৷ হাজাৰ হাজাৰ হেক্টৰ ভূমিৰ আহু–বৰোকে ধৰি আগতীয়া ধান আৰু মৰাপাটৰ খেতি ইতিমধ্যে বানত বিনষ্ট হৈছে৷ এনে দুর্দিনত চকুৰে ধোঁৱা–কোঁৱা দেখা কৃষক জনতাক তাৎক্ষণিকভাৱে সকাহ দিবলৈ কৃষি বিভাগ তথা চৰকাৰে পদক্ষেপ গ্রহণ কৰাটো সকলোৱে বিচাৰিছে৷ কৃষি বিভাগৰ তথ্যৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, বছৰৰ প্রথমটো বানত ৫৩,৩৯১.৩২ হেক্টৰ আহু–বৰো ধান ৮,৯৪৪ হেক্টৰ মৰাপাট ২,৪৬২ হেক্টৰ গোমধান ৩,৭২১ হেক্টৰ খাৰিফ শস্য আৰু ৩৭০ হেক্টৰ ভূমিৰ কুঁহিয়াৰ খেতি বুৰ গৈছে৷ তদুপৰি ১,৭৬৯ হেক্টৰ ভূমিৰ বাও আৰু শালি ধানৰ কঠীয়াও জাহ গৈছে বানত৷ প্রধানতঃ ১৬খন জিলাত বানৰ ফলত আহু–বৰো ধানৰ খেতিত ব্যাপক লোকচান হৈছে৷ একেৰাহে কেইবাদিনো খেতিপথাৰ বানত জলমগ্ণ হৈ থকাত মূৰৰ ঘাম মাটিত পেলাই কৰা ধান খেতি কৃষকে চপাবলৈও নোৱাৰিলে৷ বছৰটোত কৃষকসকলৰ বাবে হয়তো এইটোৱেই শেষ প্রাকৃতিক দুর্যোগ নহ’ব৷ আৰু সম্ভাব্য বান পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ প্রথমটো বানত বিধ্বস্ত খেতিপথাৰ দেখি হূদক্রিয়া বন্ধ হৈ ইতিমধ্যে এজন কৃষকে মৃত্যুক সাবটি ল’বলগীয়া হোৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে এইখন অসমতে৷ সেয়েহে দুর্যোগপীড়িত কৃষকক সকাহ দিয়াৰ বিষয়টো চৰকাৰ তথা কৃষি বিভাগে অগ্রাধিকাৰ দিয়া উচিত৷
লকডাউনৰ পৰিপ্রেক্ষিতত লোকচানৰ সন্মুখীন হোৱা দেশৰ কৃষক–শ্রমজীৱী জনসাধাৰণক সকাহ দিবলৈ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ অসমৰ কৃষকে উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ অতি কষ্টৰে কৃষকে ফচল উৎপাদন কৰাৰ বিপৰীতে মুনাফা লুটি আহিছে মধ্যভোগীয়ে৷ যোৱা ১ জুনত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকে ২০২০–২১ বর্ষত খাৰিফ শস্যৰ নূ্যনতম সমর্থন মূল্য উৎপাদন ব্যয়ৰ ডেৰগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ১৪বিধ খাৰিফ শস্যত নূ্যনতম সমর্থন মূল্য ৫০ৰ পৰা ৮৩ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ কৃষিৰ কাৰণে এতিয়াৰে পৰা খেতিয়কে পাব তিনি লাখ টকাৰ অগ্রিম ঋণ৷ সেইদৰে যোৱা ৩ জুনত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ আন এখন বৈঠকে ‘অত্যাৱশ্যকীয় সামগ্রী আইন, ১৯৫৫’ সংশোধনত অনুমোদন দিয়ে৷ ঘেঁহু, দাইল, আলু, পিঁয়াজ, সৰিয়হ আদি কৃষিজাত সামগ্রীৰ উৎপাদন–বিক্রীৰ ক্ষেত্রত কৃষকক অধিক ‘স্বাধীনতা’ প্রদান কৰি দুখনকৈ অধ্যাদেশতো অনুমোদন জনায় কেন্দ্রীয় কেবিনেটে৷ ইয়াৰ লগে লগে দেশৰ কৃষকসকল ‘এগ্রিকালচাৰ প্রডিউচ মার্কেট কমিটী’ৰ আওতাৰ পৰা মুক্ত হোৱাৰ পথ প্রশস্ত হৈ পৰিল৷ এতিয়াৰে পৰা কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্রী বৃহৎ–খুচুৰা ব্যৱসায়িক প্রতিষ্ঠান, ৰপ্তানিকাৰী আদিক পোনপটীয়াকৈ বিক্রী কৰিব পাৰিব৷ কেবিনেটৰ সিদ্ধান্ত সদৰী কৰিবলৈ গৈ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে কৈছিল যে ভাৰতে ১৯৪৭ চনতে স্বাধীনতা লাভ কৰিছিল৷ কিন্তু দেশৰ কৃষকসকলে স্বাধীনতা লাভ কৰিলে আজি৷ কেন্দ্রীয় কৃষিমন্ত্রী টোমৰৰ এই মন্তব্য তেতিয়াহে বাস্তৱ ৰূপে পৰিগণিত হ’ব, যেতিয়া কৃষকসকলে ইয়াৰ সুফল লাভ কৰাটো ১০০ শতাংশই নিশ্চিত হ’ব৷ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্ত তথা আঁচনিসমূহ ৰূপায়ণৰ দিশটোক ৰাজ্য চৰকাৰ আৰু কৃষি বিভাগে গুৰুত্বসহকাৰে ল’ব লাগিব৷ প্রকৃত কৃষকে ইয়াৰ সুফল লাভ কৰাটো নিশ্চিত হ’ব লাগিব৷ এই প্রসংগত ‘প্রধানমন্ত্রী কৃষক সন্মান নিধি’ৰ হিতাধিকাৰী বাছনিক লৈ হোৱা খেলিমেলিৰ প্রসংগ উনুকিয়াব পাৰি৷ তেনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে, সেইটোত তীক্ষ্ণ নজৰ ৰাখিব লাগিব৷