নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ

চীনৰ হুবেই প্রদেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পাছত মাত্র তিনি সপ্তাহতে ২০খন দেশলৈ এই মাৰাত্মক ভাইৰাছ বিয়পি পৰিছে৷ ইতিমধ্যে ৮ হাজাৰ মানুহ এই ৰোগত আক্রান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ইতিমধ্যে ১৭০ অতিক্রম কৰিছে৷ দ্রুতগতিত বিভিন্ন দেশলৈ ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাটো নিশ্চয়কৈ উদ্বেগৰ বিষয়৷ তদুপৰি তিনি সপ্তাহৰ ভিতৰতে আক্রান্ত লোক আৰু মৃত্যুৰ সংখ্যা ইমান দ্রুতগতিত বৃদ্ধি পোৱাটো চিন্তাজনক৷ জটিল পৰিস্থিতি অনুধাৱন কৰি বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ সমগ্র বিশ্বতে জৰুৰীকালীন ব্যৱস্থা গ্রহণৰ কথা ঘোষণা কৰিছে৷ ভাইৰাছৰ আক্রমণত প্রতিবছৰে বিশালসংখ্যক মানুহে প্রাণ হেৰুৱাবলগীয়া হয়৷ কিন্তু একে সময়তে ব্যাপক হাৰত ভাইৰাছৰ এনে সংক্রমণে কম সময়তে বহু লোকৰ প্রাণ কাঢ়ি নিয়াৰ আশংকা থাকে৷ সেয়ে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰোঁতে উচ্চমান বজাই ৰখাটো সবাতোকৈ জৰুৰী কথা৷ ইতিমধ্যে বিগত কেইটামান বছৰত বিশ্ববাসীয়ে কেইবাবিধো প্রাণঘাতী ভাইৰাছৰ মুখামুখি হ’বলগীয়া হৈছে৷ এইচ ১ এন ১ ভাইৰাছে মাজে–সময়ে বিশ্বৰ বিভিন্ন স্থানত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিয়ে আছে৷ তদুপৰি জিকা আৰু ইব’লাৰ দৰে ভাইৰাছে বিশ্বত আতংক সৃষ্টি কৰি গৈছে৷ এই মাৰাত্মক ভাইৰাছসমূহৰ একে শাৰীতে ৰখা হৈছে ক’ৰোনা ভাইৰাছক৷ স্বাভাৱিকতে এই জটিল সময়খিনিত কোনো কাৰণতে আত্মসন্তুষ্টিক প্রশ্রয় দিব নোৱাৰি৷ এই ভাইৰাছ সংক্রমিত হোৱাৰ আশংকা থকা প্রতিখন দেশেই আগতীয়াকৈ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰাটো অত্যন্ত জৰুৰী৷ ভাইৰাছৰ এনেধৰণৰ ভয়াৱহ সংক্রমণে জনস্বাস্থ্যৰ লগতে অর্থনীতিতো ব্যাপক হাৰত প্রভাৱ পেলাই আহিছে৷ বিশ্বৰ সাম্প্রতিক অর্থনৈতিক পৰিস্থিতিত ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিশ্চিতভাৱে অর্থনীতিৰ বাবেও সংশয়ৰ কাৰণ হৈ পৰিছে৷ ইতিমধ্যে প্রকাশ পাইছে যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবেই চীনৰ অর্থনৈতিক বিকাশৰ হাৰ যথেষ্ট পৰিমাণে হ্রাস পাব৷ সন্তুষ্টিৰ বিষয় যে চীনে এই ভাইৰাছৰ সংক্রমণৰ তথ্য অবিলম্বে ৰাজহুৱাকৈ ঘোষণা কৰি বিশ্ববাসীক সতর্ক কৰি দিয়াৰ দূৰদৃষ্টি প্রদর্শন কৰিলে৷ ইয়াৰ পূর্বে চীনত যিবোৰ ভাইৰাছৰ সংক্রমণৰ ঘটনা ঘটিছিল, সেই প্রতিটো সংক্রমণতে চীনে তথ্য প্রকাশত বিলম্ব কৰিছিল যাৰ বাবে অন্যান্য দেশলৈ এই ভাইৰাছ সহজে আৰু কম সময়তে সংক্রমিত হৈছিল৷ চীনৰ তথ্য মতে, ক’ৰোনা ভাইৰাছৰ উৎপত্তিস্থলত ইতিমধ্যে মানুহৰ অহা–যোৱা সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ এই অঞ্চলসমূহৰ প্রায় ৬ কোটি লোকক আন ঠাইলৈ যোৱাৰ অনুমতি দিয়া নাই চীনৰ প্রশাসনে৷ এনে ব্যৱস্থাৰ ফলত জনসংখ্যা বিশাল হোৱা সত্ত্বেও চীনে ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণ কৰাত যথেষ্ট সফল হৈছে বুলি ক’ব পাৰি৷
চীনৰ দৰেই ভাৰতো বিশাল জনসংখ্যাৰ দেশ হোৱা বাবে যিকোনো ভাইৰাছৰ দ্রুত সংক্রমণৰ আশংকা অধিক৷ বিশেষকৈ মানুহৰ পৰা মানুহলৈ সংক্রমিত ভাইৰাছে ভাৰতৰ দৰে দেশত আতংক সৃষ্টি কৰাৰ আশংকা প্রবল হয়৷ উদ্বেগৰ বিষয় যে ক’ৰোনা ভাইৰাছে আন বাহকৰ লগতে মানুহৰ পৰাও মানুহলৈ সংক্রমিত হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে ইতিমধ্যে নিশ্চিত কৰিছে৷ লক্ষণীয় যে কেৰালাৰ এজন ছাত্র ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ চীনত থকা ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰি আহিবলৈ পৰামর্শ দিয়া হৈছে৷ এই লোকসকলৰ লগতে চীন ভ্রমণ কৰি অহা আন লোকৰ ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী৷ ইতিমধ্যে বিমানবন্দৰসমূহত্ এই ব্যৱস্থা কৰা হৈছে যদিও প্রতিৰোধমূলক ব্যৱস্থা সম্পূর্ণ নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে এই লোকসকলক সম্পূর্ণ পৃথকে ৰাখি অধিক পৰীক্ষা–নিৰীক্ষা চলোৱাৰ প্রয়োজন আছে৷

You might also like