নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চমকপূর্ণ প্রচাৰ

অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে তিনিটা পর্যায়ত ক্রমে অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ দেশৰ নির্বাচন আয়োগে পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পডুচেৰীসহ অসমৰ নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত গৰম বতাহ বলিছে৷ শাসক–বিৰোধী উভয় পক্ষই আৰম্ভ কৰিছে দিছপুৰ দখলৰ কচৰৎ৷ ইতিমধ্যে প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রার্থীৰ মনোনয়ন–পত্র দাখিলৰ অন্তিম সময়সীমা উকলি গৈছে৷ প্রথম পর্যায়ত মুঠ ২৯৫জন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছিল যদিও ইয়াৰে ১৮জনে মনোনয়ন–পত্র প্রত্যাহাৰ কৰাৰ বিপৰীতে আন ১০জনৰ মনোনয়ন–পত্র নাকচ হয়৷ অর্থাৎ প্রথম পর্যায়ৰ নির্বাচনী ৰণত নমা প্রতিদ্বন্দ্বীৰ সংখ্যা হৈছেগৈ ২৬৭জন৷ সেইদৰে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে চাৰি শতাধিক প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছে৷ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে দাখিল কৰা মনোনয়ন–পত্রসমূ ১৫ মার্চত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন–পত্র প্রত্যাহাৰৰ অন্তিম দিন হৈছে ১৭ মার্চ৷ অর্থাৎ ১৭ মার্চত স্পষ্ট হ’ব দ্বিতীয় পর্যায়ৰ নির্বাচনত কিমানসংখ্যক প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হয়৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ কাৰণে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে৷ ১৯ মার্চত মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন৷ মনোনয়ন–পত্র দাখিল কৰা বা দাখিল কৰিবলগীয়া প্রার্থীসকলে ইতিমধ্যে প্রচাৰ অভিযান তুংগত তুলিছে৷ নিজ নিজ দলৰ কর্মী–সমর্থকৰ সহযোগত প্রতিজন প্রার্থীয়ে পদযাত্রা–সমদল উলিয়াই, সমাৱেশ অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ কাষ চপাৰ অভিযানত নামি পৰিছে৷ এনেধৰণৰ নির্বাচনী প্রচাৰত ইতিমধ্যে ৰাজ্যৰ শাসকীয় মিত্রজোঁট নেতৃত্বাধীন বিজেপি, মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপই একপ্রকাৰ চমক দিছে৷ এইক্ষেত্রত পিছপৰি ৰোৱা নাই বিজেপিক উৎখাতৰ হুংকাৰ দিয়া মহাজোঁটেও৷ বিৰোধী মিত্র বাহিনীৰ দুই প্রধান দল কংগ্রেছ আৰু এ আই ইউ ডি এফে ভোটাৰক আকর্ষিত কৰাৰ চেষ্টাত নামি পৰিছে৷ নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই একাধিকবাৰ অসম ভ্রমণেৰে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নির্বাচনী ৰণডংকা বজাইছিল৷ এতিয়া নির্বাচনৰ দিন ঘোষণাৰ পাছত বিজেপিৰ ইজনৰ পাছত সিজনকৈ শীর্ষ নেতাৰ অসম ভ্রমণসূচী স্থিৰ হৈছে৷ ইতিমধ্যে কেন্দ্রীয় বস্ত্রশিল্পমন্ত্রী স্মৃতি ইৰাণী, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহে অসমত প্রচাৰ চলাইছে দলীয় প্রার্থীৰ হৈ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আদিৰো অসম ভ্রমণসূচী স্থিৰ হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ সেইদৰে কংগ্রেছেও অসমলৈ প্রচাৰ চলোৱাৰ বাবে আহিবলগীয়া শীর্ষ নেতাসকলৰ নাম সন্নিৱিষ্ট কৰি ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ কৰিছে৷ মুঠৰ ওপৰত ভোটযুদ্ধৰ দিন চমু চাপি অহাৰ লগে লগে চমকপূর্ণ নির্বাচনী প্রচাৰেৰে ক্ষমতা দখলৰ যুঁজত নামি পৰিছে প্রতিটো ৰাজনৈতিক দল–প্রতিদ্বন্দ্বী প্রার্থীসকলে৷ পিছে প্রচাৰ অভিযানৰ এই চমকৰ বিপৰীতে অসমৰ ৰাইজে কি ৰায় দিয়ে, সেয়া স্পষ্ট হ’ব ২ মে’ৰ ফলাফলতহে৷ নির্বাচন আয়োগে এইবাৰৰ স্বচ্ছ, নিকা আৰু নিৰাপদ নির্বাচনৰ ওপৰতো গুৰুত্ব প্রদান কৰিছে৷ নিৰাপদ শব্দটো সংযোজন হোৱাৰ মূলতে মহামাৰী ক’ভিড–১৯৷ সেয়েহে প্রচাৰ অভিযানৰ সময়ত ৰাজনৈতিক দল আৰু প্রার্থীসকলে এইক্ষেত্রত নির্বাচন আয়োগৰ গাইডলাইন মানি চলা উচিত৷ তদুপৰি নির্বাচনী প্রচাৰৰ নামত যাতে আচৰণ বিধি ভংগ নহয়, সেই ক্ষেত্রতো প্রার্থীসকলৰ কৰণীয় আছে৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি ১৩ মার্চলৈ মুঠ ৫২২টা আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন হৈছে৷ স্বাভাৱিকতে এই তথ্য বিবেচিত হৈছে যথেষ্ট উদ্বেগজনক ৰূপে৷

You might also like