নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দুই ঘনিষ্ঠ মতিউৰ–নুৰুলে গঠন কৰিলে এইউডিএফ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্রেছৰ সৈতে মহাজোঁটবন্ধন কৰি কার্যতঃ ক্ষতিৰ সন্মুখীনহে হ’ল সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল৷ মহাজোঁটৰ অংশীদাৰ হোৱা বাবেই দলটোৱে এইবাৰ বহুকেইটা বিজয়ৰ সম্ভাৱনাপূর্ণ সমষ্টি এৰিবলগীয়াত পৰে৷ এই ঘটনাই দলটোৰ ভিতৰচ’ৰাত ইতিমধ্যে তীব্র জোকাৰণি সৃষ্টি কৰিছে৷ জিলাই জিলাই দলটোৰ নেতা আৰু কর্মীসকলে আজমলৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্রকাশ কৰিছে৷ শেহতীয়াকৈ কংগ্রেছৰে আসন বুজাবুজি আৰু দলীয় টিকটকেন্দ্রিক সংঘাতৰ বাবে এ আই ইউ ডি এফত উলম্ব বিভাজন ঘটিল৷ বদৰুদ্দিন আজমলৰ অতিকে ঘনিষ্ঠ এ আই ইউ ডি এফৰ কেন্দ্রীয় কমিটীৰ নেতা নুৰুল আমিন চৌধুৰী আৰু মতিউৰ ৰহমানে বিশেষভাৱে উদ্যোগ গ্রহণ কৰি জন্ম দিলে এ ইউ ডি এফ (আছাম ইউনাইটেড ডেম’ক্রেটিক ফ্রণ্ট) নামৰ নতুন ৰাজনৈতিক দল এটাৰ৷

আজমলৰ কর্মকাণ্ডত অসন্তুষ্ট হৈ পৰা এ আই ইউ ডি এফৰ নেতা–কর্মীক লৈয়েই গঠন কৰিছে এই এ ইউ ডি এফ নামৰ দলটো৷ মন কৰিবলগীয়া এয়ে যে এই নতুন দলটোৰ নির্বাচনী প্রতীকো প্রায় এ আই ইউ ডি এফৰ সৈতে একেই৷ এ আই ইউ ডি এফৰ তলা–চাবি প্রতীকৰ বিপৰীতে এ ইউ ডি এফ দলে প্রতীক হিচাপে লৈছে চাবি৷ অহা ২৭ মার্চত প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত এ ইউ ডি এফৰ বেনাৰত বটদ্রৱাত মতিউৰ ৰহমান আৰু ৰূপহীহাটত নুৰুল আমিন চৌধুৰী নির্বাচনত অৱতীর্ণ হৈছে৷ ইতিমধ্যে দুয়োটা সমষ্টিতে দুয়োগৰাকী প্রার্থীয়ে নতুন দলটোৰ নাম আৰু প্রতীকেৰে বেনাৰ–পোষ্টাৰ লগাই নির্বাচনী প্রচাৰকার্য তুংগত তুলিছে৷ প্রথম পর্যায়ৰ নির্বাচনত তেওঁলোক দুজনেই অৱতীর্ণ হৈছে যদিও দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনত বহুকেইগৰাকী প্রার্থী তেওঁলোকে প্রক্ষেপ কৰিব বুলি জানিবলৈ দিছে৷

এ আই ইউ ডি এফৰ বর্তমান দখলত থকা তথা বিজয়ৰ সম্ভাৱনা থকা যিবোৰ সমষ্টি আজমলে মহাজোঁটৰ অংশীদাৰ দলক এৰি দিব, সেই সমষ্টিসমূহত এ ইউ ডি এফে নিজাববীয়াকৈ প্রার্থী থিয় কৰাই আজমলৰ সিদ্ধান্তৰ প্রত্যাহ্বান জনাব বুলি তেওঁলোকে প্রকাশ কৰে৷ এনে পৰিস্থিতিত আজমলে কংগ্রেছৰে আসন বুজাবুজি কৰি এ আই ইউ ডি এফৰ লগতে কংগ্রেছকো কিমান উপকৃত কৰিব পাৰে, সেয়া সময়তহে ক’ব পৰা যাব৷ কিন্তু সাম্প্রতিক দৃশ্যপটত এটা কথাই স্পষ্ট হৈ পৰিছে– মহাজোঁটৰ অংশীদাৰ হোৱাৰ ফলত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত ইমানদিনে ফেক্টৰ হিচাপে পৰিগণিত হৈ অহা আজমল যেন ক্রমাৎ নিশকটীয়া হোৱাৰ দিশেহে অগ্রসৰ হ’ল৷

You might also like