চৰকাৰ আৰু কিতাপ
নাগৰিকৰ স্বাস্থ্য–শিক্ষা–জীৱন আদি সকলো বিষয়ৰে দায়িত্ব লোৱা চৰকাৰে নাগৰিকৰ মানসিক স্বাস্থ্যৰ কথাৰ পিনেও সমানে মনযোগ দিব লাগে বুলি সকলোৱে মানি লয় বাবেই চৰকাৰী উদ্যোগত শিল্প–সাহিত্য–কলা আদিৰ চর্চা, প্রচাৰ, প্রসাৰ আৰু সংৰক্ষণৰ বাবে নানা ধৰণৰ প্রতিষ্ঠানৰ জন্ম দিয়া হয়৷ এই অনুষ্ঠানবোৰে বর্তমানৰ নাগৰিকৰ এনে ধৰণৰ প্রয়োজন পূৰণ কৰাৰ সমান্তৰালভাৱে যাতে এক উজ্জ্বল আৰু সমৃদ্ধ ভৱিষ্যতৰ ভেটি স্থাপন কৰিব পাৰে সেই আদর্শইএনে আঁচনিবোৰক পৰিচালনা কৰে৷ তেনে ধৰণৰ নাগৰিকৰ কল্যাণমুখী আঁচনি আৰু কার্যকৰী পৰিকল্পনাৰ এটি হ’ল চৰকাৰৰ দায়িত্বত গঢ় লৈ উঠা পুথিভঁৰালসমূহ৷ অসমৰ প্রতিটো মহকুমাতেই তেনে ধৰণৰ পুথিভঁৰাল আছে, চৰকাৰে এই পুথিভঁৰালবোৰৰ বাবে বহু পৰিমাণৰ অর্থ ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰ লগতে এই পুথিভঁৰালবোৰৰ বাবে বহু টকাৰ কিতাপ কিনি অসমৰ লেখক–প্রকাশকসক সহায় কৰি আহিছে৷ অকল ইমানেই নহয়, জিলা পুথিভঁৰালবোৰৰ লগত থকা প্রেক্ষাগৃহবোৰো বিভিন্ন সাংস্কৃতিক কামৰ একোটা অংগ হৈ পৰে৷ পুথিভঁৰালৰ প্রসংগ উত্থাপিত হ’লেই বিভিন্ন স্কুল–কলেজৰ লগত থকা পুথিভঁৰালবোৰৰ প্রসংগও অনিবার্যভাৱে আহি পৰে৷ এই পুথিভঁৰালবোৰতো চৰকাৰৰ কিছু ধন ব্যৱহাৰ হয়৷ কিন্তু কথা হ’ল, চৰকাৰী প্রচেষ্টাত কিতাপ পঢ়াৰ ইমান ব্যৱস্থা থকাৰ পিছতো সামগ্রিকভাৱে অসমত অধ্যয়নৰ পৰিমাণ কমি যোৱা বুলি অভিযোগ উত্থাপিত কিয় হৈ থাকে সেই কথা ভবাৰ প্রয়োজন আছে৷ নাগৰিকসকলৰ মানসিক স্বাস্থ্যৰ কথা ভবাটো চৰকাৰৰ দায়িত্ব আৰু সেই দায়িত্ব ধাৰাবাহিকভাৱে পালন কৰি থকাৰ পিছতো ভবামতে ফল দেখা নগ’লে কথাবোৰ নতুন ধৰণে বিবেচনা কৰা প্রয়োজন৷ পুথিভঁৰাল, কিতাপ আৰু অধ্যয়ন অভ্যাস– এই তিনিওটাৰ মাজত থকা সম্পর্কটোক কেৱল অসমীয়া মাধ্যমৰ বিদ্যালয় কমি যোৱা কাৰণটোৰে ঢ়াকি থ’ব নোৱাৰি৷ এটা প্রজন্মক দ্বিতীয়টো উন্নত ঢ়াপলৈ নিয়াৰ বাবে অধ্যয়নৰ প্রয়োজনীয়তাৰ উপদেশ দি থকাই যথেষ্ট নহয়, তাৰ বাবে কাম কৰাটো প্রত্যেকৰে দায়িত্ব আৰু চৰকাৰে যিখিনি কৰা দৰকাৰ সেই কথা সোঁৱৰাই দি থকাটো অকল বিধি প্রণয়ন কৰা জনপ্রতিনিধিৰেই নহয়, ছাত্রৰ স’তে জডিত প্রতিগৰাকী আৰু কিতাপৰ স’তে জডিত প্রতিগৰাকীৰো দায়িত্ব হোৱা উচিত৷ আৰু এই সকলোবোৰ কথাৰ প্রহৰীৰ দায়িত্ব পালনৰ বাবে সংবাদপত্রতো আছেই৷
কিন্তু প্রশ্ণৰ উদয় হয়, কিয় চৰকাৰী ইমান প্রয়াসৰ পিছতো সাধাৰণ নাগৰিক আৰু ছাত্র–ছাত্রীৰ মাজত অধ্যয়নৰ অভ্যাস কমি যোৱাৰ কাৰণ কি? প্রথম আৰু প্রধান কাৰণ হ’ল এই সমগ্র ব্যৱস্থাটিৰ অংশীদাৰসকলৰ অভ্যাসহীনতা আৰু দূৰদৃষ্টিহীনতা৷ চাৰি দশক আগৰ ধাৰণাৰে নির্মাণ আৰু পৰিচালনা কৰা পুথিভঁৰাল এটিয়ে এতিয়াৰ ছাত্র বা যুৱকক আকর্ষণ কৰিব নোৱাৰে৷ স্কুলবোৰত পুথিভঁৰাল চলাবলৈ পুথিভঁৰালীৰ কোনো ব্যৱস্থা নাই, স্কুলৰ প্রধান শিক্ষকৰ ইচ্ছা আৰু আগ্রহৰ ওপৰতেই পুথিভঁৰালৰ শ্রীবৃদ্ধি নির্ভৰশীল৷ আগ্রহী শিক্ষকৰ স্বেচ্ছাসেৱী মনোভাবেৰে পুথিভঁৰাল সেৱাক সফলতাৰে আগবঢ়াই নিয়া সম্ভৱ নহয়৷ তেনেদৰে চৰকাৰী পুথিভঁৰালসমূহো সেই প্রাচীন পদ্ধতিৰে চলি আছে, আধুনিক কৰাৰ কোনো আগ্রহ কাৰো নাই৷ চৰকাৰে পুথিভঁৰালৰ কাৰণে কিতাপ কিনা ব্যৱস্থাও বন্ধ কৰি দিছে৷ কিনা ব্যৱস্থা থাকোঁতেও বহু অদৰকাৰী কিতাপ পুথিভঁৰালৰ বাবে কিনা হৈছিল আৰু তাতকৈ দুখৰ কথা, সেই কিতাপ নির্বাচন প্রক্রিয়াৰ লগত জডিত আছিল অসমৰে বিশিষ্ট সাহিত্যিক৷ চিনেমাকর্মীসকলক উৎসাহ দিয়াৰ বাবে চৰকাৰে চলচ্চিত্র বঁটাৰ আয়োজন কৰে, চিনেমা নায়কৰ নামত বহুখৰচী অনুষ্ঠানৰ আয়োজন কৰে৷ এইবোৰ প্রয়োজনীয়৷ অসমত চৰকাৰৰ তৰফৰ পৰা এটা সাহিত্য বঁটাৰ ঘোষণা মাননীয় মুখ্যমন্ত্রীয়ে কৰিছিল ব্রহ্মপুত্র সাহিত্য উৎসৱত৷ চলচ্চিত্র বঁটাৰ লেখীয়াকৈ এই বঁটাই অসমৰ সাহিত্য আৰু প্রকাশন জগতখনক উৎসাহিত কৰাৰ স্থল আছিল৷ কিন্তু সেই বঁটাৰ কোনো খবৰ পৰৱর্তী কালত নোহোৱা হ’ল৷ ক’ৰোনাৰ বিভীষিকা শাম কাটিলে চৰকাৰে এই কথাটোও মনত পেলাই এটা দায়িত্ব পালন কৰিব বুলি আশা কৰিব পাৰি৷