নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিস্থিতিৰ বাবে প্রধান জগৰীয়া কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ

মই ভাবি ভাবি পাৰ পোৱা নাই,– লোকৰ জোতা মেৰামতি আৰু চাফা কৰি পৰিয়াল পোহপাল দিয়া মুচীবোৰে, আনৰ লেতেৰা কাপোৰ–কানি ধুই ইস্ত্রি কৰি দিয়া ধোবাবোৰে, চুলি কটা নাপিতবোৰে আৰু,– দর্জীবোৰে ৰিক্সা, ঠেলাগাড়ী, অট’ৰিক্সা, অট’ভেন্, ঈ–ৰিক্সা আৰু অন্যান্য বিভিন্ন যান–বাহনৰ চালক আৰু হেণ্ডিমেনসকলে দিন হাজিৰা কৰা হৰেক মিস্ত্রি, যোগালি, ৰাজপথৰ বনুৱা চানাচুৰ, ভজা বাদাম, গোমধান, ফুচ্কা, ডাব্ নাৰিকল, দা–কটাৰী, হাতুৰী–বটালী, স্ক্রূ ড্রাইভাৰ (ৰ্), প্লাছ্, তলা–চাবি, শিকলি, হেতা, চামুচ, ঘোটনী, কাপ্–প্লেইট্, ছাকনী (‘চেকনী’ মানে সৰু এছাৰি), এন্দুৰ মৰা–নিগনি মৰা দেৱাই আদি, লেখ লৈ শেষ কৰিব নোৱৰা ‘‘হৰেক মাল’’ বেচি জীৱিকা অর্জা বেপাৰী–ফেৰিৱালাবোৰে আনৰ ঘৰত বাচন–বর্তন আৰু কাপোৰ–কানি ধোৱা, ঠাই সৰা–পোঁচা, ভাত–আঞ্জা ৰন্ধা–বঢ়া আৰু অন্যান্য বন–বাৰি কৰি দুবেলা দুমুঠি ভাত মোকলোৱা ‘‘বাই’’হঁতে আৰু ৰান্ধনীহঁতে তথা এনেকুৱা হৰেক মনুষ্যই, ক’ভিড্–১৯ নামৰ কালধুমুহাটোৱে সৃষ্টি কৰা কর্মহীনতাৰ মাজত, নমৰি, কি কৰি, কি খাই, কেনেকৈ নিজৰ আৰু পৰিয়ালৰ আটাইৰে জীউটোহঁত বচাই ৰাখিছে এওঁলোকৰো, ক’ৰবাত ক’লা টকা আছে নেকি
অৱস্থা অতি ভয়াৱহ স্পষ্ট কথা– সম্ভৱতঃ আৰু বেছি ভয়াৱহ হ’ব৷ আৰু কিমান মানুহ আক্রান্ত হ’ব, কিমান মৰিব, কিমান কোটি মানুহ নিবনুৱা হ’ব, কোনেও ক’ব নোৱাৰে৷ মহামাৰী মানে মহামাৰীয়েয়৷ পূর্বে হাইজা (কল্ৰা) হওঁতে কি হৈছিল, আটায়ে পঢ়িছেই, জানেই৷ এক (১) ক পাঁচেৰে পূৰণ কৰক পাঁচক দহেৰে পূৰণ কৰক পঞ্চাশক কুৰিৰে এনেকৈ গৈ থাকক৷ হাইজাত পৰা একো একোখন গাঁও, একো একোটা বৃহৎ অঞ্চল দুই–তিনি–চাৰি ৰাতিতে উছন হৈ গৈছিল৷ এতিয়া ক’ভিড্–১৯ত সেই অর্থত ‘উছন’ নহ’লেও, সংক্রমণে বাৰুকৈয়ে পাইছে৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ ঘটনাই সকলো উদঙাই দিছে৷ প্রায় এহেজাৰ মানুহ একেলগে থকা এটা কাৰাগাৰত সংক্রামক ৰোগৰ দ্বাৰা এজন লোক আক্রান্ত হ’লেই পৰিণতি কি হ’ব পাৰে, সেই কথা কাকো চকুত আঙুলি গুঁজি বুজাই দিব নালাগে৷ গুৱাহাটী কাৰাগাৰৰ কথাবোৰ থাপি–থুপি থ’ব খোজা হৈছিল নে হোৱা নাছিল, মই নাজানো কিন্তু হৈছিল বুলি ব্যাপক অভিযোগ উঠিছিল৷ পিচে, এনে কথা থাপি–থুপি থ’বলৈ চেষ্টা কৰিলেও সফল হ’ব নোৱাৰি৷ হয়তো (প্রথম কথা) কাৰাবন্দীসকলৰ মাজত বিভিন্ন প্রকাৰৰ দাগী অপৰাধী আৰু চৰকাৰৰ বাবে ‘‘বিপদজনক’’ ভালেকেইজন ৰাজনৈতিক বন্দী থকা আৰু (দ্বিতীয় কথা) ক্রমবর্ধমানসংখ্য ৰোগাক্রান্ত লোকক ৰখা আৰু চিকিৎসা কৰাৰ ঠাই তথা চিকিৎসাৰ বাবে ঔষধ আৰু সঁজুলিৰ সা–সুবিধা, আৰু (তৃতীয় কথা) সামগ্রিক নিৰাপত্তা তথা সম্ভাৱ্য ৰাজহুৱা প্রতিক্রিয়া আদিৰ প্রশ্ণ আৰু চিন্তাই চৰকাৰক বিপাঙত পেলাইছিল৷ তাৰ উপৰি, সাধাৰণ, গতানুগতিক, জন স্বার্থবর্জিত, দলীয় ৰাজনৈতিক প্রশ্ণবোৰ আছে৷
তলা বন্ধ, আবদ্ধকৰণ মণ্ডল (কণ্টেইন্মে’ণ্ট্ জৌন্), সান্ধ্য আইন আদিৰ বুজা–নুবুজা খিচিৰিৰ ভিতৰতে, আৰু, কোনো ক’লৈকো ওলাব নোৱৰা, এক বিভীষিকাময়, অঘোষিত জৰুৰী অৱস্থাৰ মাজতে, বিধান সভা নির্বাচনলৈ মাথোন দহমাহ বাকী থকা অৱস্থাত, চৰকাৰ তথা প্রধান চৰকাৰী দলটোৰ গাদী ৰক্ষাৰ ৰাজনীতি চৰকাৰৰ ভিতৰতে অর্থাৎ চুকতে থাকি বুকুত কামুৰিবলৈ আতংকগ্রস্ত, ‘কেব্’ বিৰোধী (?), ‘দো নয়ামে’ দো পাওৱালা’ ৰজাঘৰীয়া ‘‘বিৰোধী’’ দলৰ– ‘য়ে’ পুচ্ছ্ চোড় দিয়া যায়ে’, য়া জোৰসে’ পাক্ৰ্কে’ ঝুল্ ৰহা যায়ে’–ৰ প্রশ্ণ আৰু ‘ৱচন যায়ে’ পৰ্ গদ্দী ন যায়ে’–ৰ ধ্যান সাগৰত অস্তিত্ব ৰক্ষাৰ ৰাজনীতি যিযেয় ৰজা, তাৰে ঘিউ–মৌ খোৱা দলৰ সুযোগ সন্ধানী ৰাজনীতি হাথ্কী ছাফাই দল, চাবি–বিন–তালা দল আৰু হথৌৰী, মতলব, মার্তুল দলৰ আলিংগন ৰাজনীতি৷ ক্ষমতালিপ্সু ৰাজনীতিকে আৰু দলে ক্ষমতাৰ ৰাজনীতি কৰিবই৷ প্রায় ৯০জন মানুহৰ প্রাণ লোৱা বানৰ মাজতো দলবোৰে সাহায্য প্রদানৰ নামত ভাওনা কৰিবলৈ এৰা নাই৷ মথাউৰিক ‘‘মাথাউৰি, মাথাউৰি’’ কৰি থকা কলিয়াবৰীয়া ঘেঁহোৱা মহন্তই বিগত চাৰিটা বছৰত ‘‘মাথাউৰি’’ নির্মাণ আৰু মেৰামতিৰ বিষয়ে কিমানবাৰ কিমান মূৰ পোলোকা দিলে তাৰ লেখ নাই৷ সোণাৰিয়ে মাকৰ কাণৰো সোণ খোৱাৰ দৰে, ৰাজনীতিকে মহামাৰীক লৈও ৰাজনীতি কৰিবই৷
লেঠাটো তাতেই৷ কিন্তু কথাটো সম্পূর্ণ খোলাখুলিকৈ কোনেও ক’ব নোখোজে৷ কি ক’লে কিমানখিনি ভোট পাব, কিমানখিনি ভোট হেৰুৱাব, তাৰে হিচাপ–নিকাচ কৰি থাকোঁতেই, কিবা এটা ক’বলৈ অলপমান মুখ মেলিয়েই আকৌ ঠাইতে কান্ধুলি মাছৰ দৰে লুটি–বাগৰ মাৰি থাকোঁতে প্রকৃত কথাটো কোৱা কাৰো হৈ নুঠেগৈ৷ আচল কথা হ’ল,– বিষয়গত বিবেচনা যিমান, ৰাজনৈতিক বিবেচনা তাতোকৈ বহুত বেছি৷ বর্তমান পৰিস্থিতিৰ মূলতে প্রতিটো ৰাজনৈতিক দলৰে নির্বাচনী ভীতিবিহ্বলতা৷ এটা সম্পূর্ণ অভাৱনীয়, অকল্পনীয় প্রত্যাহ্বানমূলক পৰিস্থিতিত যে কেন্দ্রীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰসমূহে বহুখিনি কৰিছে, সেইটো অনস্বীকার্য্য৷ কিন্তু তাৰ অর্থ এইটো নহয় যে কেন্দ্রীয় চৰকাৰে সামগ্রিকভাবে আৰু, অসমৰ বেলিকা, অসম চৰকাৰে একো ভুল কৰা নাই৷
অনিচ্ছা সত্ত্বেও দীঘলীয়াকৈ কিছু কথা ক’ব লাগিব, শুনক৷ ইতিপূর্বে মই একাধিক কাকতত লিখা একাধিক প্রৱন্ধৰ যোগে কেইবাটাও কথা আঙুলিয়াই দিছিলোঁ৷ মই বিজ্ঞানী, চিকিৎসক বা বিশেষজ্ঞ নহওঁ৷ মোৰ কথা আছিল সমাজৰ এজন সাধাৰণ মানুহে সাধাৰণ সামাজিক দৃষ্টিকোণৰপৰা কোৱা ৰাজহুৱা স্বার্থজড়িত কথা৷ সময় উকলি যোৱা নাছিল৷ অসমৰ কাৰণে পৰিস্থিতি বহু দূৰ বিপদমুক্ত কৰি ৰাখিব পৰাৰ সময় তেতিয়াও আছিল৷ কিন্তু সংশ্লিষ্টসকলৰ কোনেও কর্ণপাত নকৰিলে৷
অসমত ক’ভিড্ ৰোগীৰ সংখ্যা ১০০ (এশ) হ’বলৈ সময় লাগিছিল প্রায় পঞ্চাশ দিন৷ সেই গতিৰে এতিয়ালৈ ৰাজ্যত মুঠ ক’ভিড্ ৰোগী হ’লহেঁতেন খুব বেছি এহেজাৰমান৷ কিন্তু এতিয়া সেই সংখ্যা চৌবিশ–পঁচিশ হাজাৰ৷ স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কৈছে, কৈয়েই আছে যে এনেদৰে হ’লে অসমত দৈনিক নতুনকৈ আক্রান্ত লোকৰ সংখ্যা দুহেজাৰো হ’বগৈ পাৰে৷ হ’ব পাৰে বেছিও হ’ব পাৰে আচৰিত নহয় কোনেও ক’ব নোৱাৰে৷ কিন্তু তাৰ বাবে দায়ী কোন? এচাম সামাজিক সচেতনতাবিহীন, বে’–পৰোৱা, ধিতিঙা আৰু উদণ্ড লোক যে তাৰ বাবে বহু পৰিমাণে দায়ী, তাত তিলমানো সন্দেহ নাই৷ কিন্তু চৰকাৰ সম্পূর্ণ দায়মুক্তনে? আমি এক সংখ্যক লোকে, বছৰৰ পাছত বছৰ জুৰি সামাজিক পৰিষ্কাৰ–পৰিচ্ছন্ন ৰক্ষা, ৰাজহুৱা স্থান আৰু জীৱনত, বিশেষতঃ নগৰীয়া অঞ্চলত, শৃংখলা ৰক্ষাৰ হকে বিভিন্ন মঞ্চৰ যোগে মাত মাতি আহিছোঁ৷ কিন্তু চৰকাৰে নিজৰ কৰণীয়খিনি কৰিছেনে? চৰকাৰে, স্থানীয় পৌৰ কর্তৃপক্ষসমূহে জন স্বাস্থ্য ৰক্ষাৰ হকে উপযুক্ত অনাময় ব্যৱস্থা, পৰিষ্কাৰ–পৰিচ্ছন্ন ৰক্ষা, সংক্রামক ৰোগ প্রতিষেধার্থে ৰাইজৰ কৰণীয়খিনিৰ বিষয়ে ব্যাপক নিৰন্তৰ প্রচাৰ আৰু সজাগতা সৃষ্টি আৰু বৃদ্ধিৰ অর্থে শিক্ষামূলক আৰু শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিছেনে? দৰাচলতে, যোৱা ৭৩টা বছৰত, ৰাজহুৱা স্থানত শৃংখলা আৰু চাফ–চিকুণতাৰ দিশত অসমত আইন–শৃংখলা বুলি কিবা এটা, চৰকাৰ বুলি কিবা এটা আছিলনে?
প্রথম লক্ডাউনৰ সময়ত, ‘‘লক্ডাউন্নো কেনে চলিছে, চাই আহোঁচোন’’ বুলি এপাক ওলাই অহা চেঙেলীয়া, আদহীয়া আদি আটাই লোককে আৰক্ষীয়ে বাটতে ধৰি চাইকেল (বাইছিক্ল্), বাইক্ সূকটাৰ্, গাড়ীৰপৰা নমাই, কিছুমানৰপৰা বাহনৰ চাবিও কাঢ়ি ৰাখি, কাণত ধৰাই, আঁঠু কঢ়াই, উঠা–বহা কৰাইছিল, বুকডন কৰাইছিল আৰু ভেকুলী জাঁপ মৰাইছিল৷ বাটলৈ ওলাই অহাৰ লঘু দোষত ৰাজপথত এনেদৰে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অধিকাৰ সন্দর্ভত আইনৰ প্রশ্ণ জড়িত হৈ আছে৷ কিন্তু ভয়ংকৰ বিপদজনক পৰিস্থিতিলৈ লক্ষ্য ৰাখি কোনেও বিশেষ একো আপত্তি কৰা নাছিল৷ ৰাইজেও বাকচৰ পর্দাত দৃশ্যবোৰ চাই আৰু নেপথ্যৰ ৰসাল ধাৰা বিৱৰণী শুনি আমোদ পাইছিল আৰু আৰক্ষীয়েও হাত আৰু জিভাৰ বহুদিনীয়া খজুৱতি মৰাৰ লগতে, উৰহৰ খং জাৰিবলৈ ভগা ঢ়াৰি পাই হর্ষ লভিছিল৷ কিন্তু পাছলৈ, অন্যান্য সময়ত, একেবোৰ বাধা–নিষেধ কাকতে–পত্রই বাহাল থকা সত্ত্বেও, চৌদিশে অলেখ লোকে, মাস্ক্ (‘‘মাক্স্’’MAAKS?) পৰিধান নকৰাকৈ বাট–পথ, হাট–বজাৰ সকলোতে পিংপিঙাই ফুৰোঁতেও, মেকুৰীৰ মূৰত মাৰিবলৈ ফলা খৰি এডাল নোহোৱাৰ দৰে, ‘‘খাকী পোছাকটোনো কেনেকুৱা, চাই আহোঁচোন’’ বুলি কোনোবা ওলাই আহিলেও, ক’তো কোনেও পুলিচ–মনিচ এজনো দেখিবলৈ নাছিল কিয়? ক’ভিডে টা–টা–বাঈ–বাঈ দিছিলনেকি? নে, কেইদিনমান ‘‘ভাল কাম’’ কৰি প্রশংসা লভি আমনি লগাত আৰক্ষী পুনর্মুষিক ভৈল? নে, ইয়াত, ক’ভিড্–১৯ৰ সংক্রমণ বৃদ্ধি হ’বলৈ সুবিধা দিয়াৰ কিবা অন্তর্নিহিত উদ্দেশ্যৰ ৰাজনীতি আছিল?
এতিয়া স্বাস্থ্য মন্ত্রীয়ে প্রতিদিনে নতুনকৈ আক্রান্ত মানুহৰ হিচাপ দাখিল কৰি আছে আৰু কথাবোৰ এনেকৈ কৈ আছে যেন এই বৃদ্ধিৰ বাবে মাথোন মানুহবোৰহে দায়ী, এই ক্ষেত্রত চৰকাৰ ধোৱা তুলসীৰ পাত মানুহবোৰতো দায়ী হয়েই কিন্তু তেখেত, আৰু, তেখেতৰ উপৰি, বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম সকলোৰে জিলা সদৰসমূহ ভ্রমণ কৰি জিলা উপায়ুক্তসকল, আৰক্ষী অধীক্ষকসকল আৰু সিসৱৰ অধীনস্থ আটাইকে, নির্দেশ উলংঘা কৰা সকলো লোককে কঠোৰ শাস্তি বিহিবলৈ কঠোৰ নির্দেশ দি থকা গৃহ মন্ত্রী সর্বানন্দ সোণোৱাল, এই দুয়োজন যে এনুৱা ভাবুকি প্রদানতে ক্ষান্ত হৈ থাকিল, তেখেতসকলে তথা তেখেতসকলৰ চৰকাৰে সেই ভাবুকি বাস্তৱায়িত নকৰিলে কিয়? টিঘিলঘিলোৱাসকলেত্ টিঘিলঘিলায়েই থাকিল৷ এনেকুৱা ফোঁপোলা ঘোষণাবোৰৰ উদ্দেশ্য কি?
গুৱাহাটীত প্রথমবাৰ সন্ধিয়া ৭ বজাৰপৰা পাছদিনা পুৱা ৭ বজালৈ সান্ধ্য আইন চলি থাকোঁতেই ৰাতি ১০–৩০/১১ বজাতো, ফাঁচীবজাৰৰ গোলাৰ গলিত, মাস্ক্ নিপিন্ধা অনেক বণিয়াই দোকানৰপৰা ওলোৱা–সোমোৱা কৰি বনুৱাক নির্দেশ দি তদাৰকী কৰি থকা আৰু মাস্ক্ নিপিন্ধা অনেক বনুৱাই ট্রাকৰপৰা মাল–বস্তু নমাই বণিয়াৰ গুডামত/দোকানত সুমুওৱাৰ দৃশ্য বাকচৰ পর্দাত পোনপটীয়াকৈ সম্প্রচাৰিত হৈ আছিল৷ খোজ কাঢ়ি অহা–যোৱা কৰিলে ঘটনাস্থলী আৰু ফাঁচীবজাৰ আৰক্ষী আস্থানৰ মাজত তিনি–চাৰি মিনিটৰ বাট৷ কিন্তু কি হ’ল? কি ব্যৱস্থা ল’লে আৰক্ষীয়ে? কি কৰিলে চৰকাৰে? আইনমতে, সান্ধ্য আইন ভংগ কৰা লোকৰ ওপৰত, যথোচিত সতর্ক বাণী সাপেক্ষে পর্য্যায়ক্রমে,– গুলীচালনাও কৰিব পাৰি৷ কিন্তু সেই অনা বাদ মৃদু লাঠীচালনা কিম্বা কন্দুৱা গেছ প্রয়োগো হ’লনে? যোৱা সাতটা দশকতকৈ অধিক কাল অসম চৰকাৰ ফাঁচী বজাৰৰ জেপত সোমাই থকা নাইনে? দিনদিয়েক আগেয়ে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই, বণিয়াই নিয়ম ভংগ কৰি দোকান খোলা বুলি নিজেও ধমক দি, বণিয়াৰপৰাও ৰাজস্থানী হিন্দীত ধমক খাই গধূলিলৈ এটা বাকচত সোমাই এই বুলি কৈ থাকোঁতে পর্দাত দেখা আৰু শুনা গ’ল বোলে তেখেতে কেতিয়াও একো আপোচ নকৰে, কর্তব্য কৰিবই, আৰু, প্রয়োজন হ’লে, মন্ত্রিত্ব এৰিবলগীয়া হ’লেও, এৰিবলৈ কুণ্ঠাবোধ নকৰে পিচে, এদিন পাছত, খৰিয়া মাছৰ দৰে ওলোটা খৰ সুৰ মোলায়েম ঃ দুঃখ প্রকাশ, অর্থাৎ ক্ষমা প্রার্থনাৰ নামান্তৰ৷ ত্যাগৰ দেশ, বুদ্ধৰ দেশ, গান্ধীৰ দেশ, ভাৰতবর্ষত এনেকুৱা ত্যাগ বহুত দেখিলোঁ৷ দুদিন নে এদিন পাছত, অসমৰ ৰাজস্থানী গে’টৌ ghetto) ফাঁচীবজাৰৰ, আইন ভংগকাৰী বণিয়াৰ ‘‘স্বাভিমান’’ত লগা ঘাঁডোখৰত মলম লেপিবলৈ হাস্যবদনে, কৰযোৰে উপস্থিত হ’লগৈ আইন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য্য৷ বছ, ফাঁচী বাজাৰ খুশ্, তো দিছপুৰ খুশ্, সাৰা আসাম খুশ্৷ জয় আই অক্খম৷
মই প্রায়ে ভাবোঁ,– এই যে অসম মুলুকত, কোনো শিক্ষানুষ্ঠানৰ কোনো শ্রেণী বা মহলাত নাম আৰু ক্রমিক সংখ্যা (ৰৌল্ নাম্বা(ৰ্)) নথকা, ৪০/৪৫/৫০/৬০/৬২ বছৰীয়া আমাৰ প্রৌঢ় আৰু বৃদ্ধ ‘‘ছাত্র নেতা’’ আৰু ‘‘যুৱ নেতা’’সকল আছে, সেইসকলৰ সেই পথ অৱৰোধকাৰী, টায়াৰ আৰু জুমুঠি দাহকাৰী, শ–শ কোটিটকীয়া, হাজাৰ কোটিটকীয়া সংগঠনবোৰে, পৰীক্ষাত ৫০০ নম্বৰৰ ভিতৰত ৪৯৭/৪৯৮ নম্বৰ পোৱা ভোটাতৰাবোৰ আৰু সেইবোৰৰ পিতৃ–মাতৃ আদি গ্রহ–নক্ষত্রবোৰক সম্বর্ধনা জনোৱা উৎসৱ তথা খেলপথাৰত বিহু পাতি, বিদেশী বহিষ্কৰণ আন্দোলনৰ বিৰোধীকে ধৰি হৰেকজনক সম্বর্ধনা জনোৱা উৎসৱ পাতি পর্বত প্রমাণ ধন খৰচ কৰে, তাতকৈ যদি কেইশমান থলুৱা ডেকাক সংগঠিত কৰি ফাঁচীবজাৰৰ পুৰণা কেন্দ্রীয় কাৰাগাৰৰ স্থান বা তেনে আন কোনো ঠাইত এখন বৃহৎ পাইকাৰী বজাৰকে স্থাপন কৰিলেহেঁতেন আকাশত চাং এখন পাতি উঠি চাইছিলোঁ, নামিবলৈ নাপালোঁ ধমহকৈ প’লোঁ দ’ক৷
সমস্যা অধিক গভীৰ হৈ গৈ আছে৷ অর্থনীতি, ব্যক্তিগত জীৱন যাত্রা সকলো বিধ্বস্ত৷ বেলূনকেইটামান ফুলাই উৰাই থকা হৈছে৷ পৃথিৱীত খাৰুৱা তেলৰ দাম সর্বকালৰ নিম্নতম হোৱা সত্ত্বেও, পাকিস্তান আৰু বাংলাদেশকে ধৰি অনেক দেশত পে’ট্রল (–পেট্র’ল–নহয়) আৰু ডীয্লৰ দাম কমি যোৱা সত্ত্বেও, ভাৰতত দুয়োটাৰে দাম দৈনিক বাঢ়িয়েই আছে৷ অন্যান্য কাৰণ আছেই, কিন্তু অধিকন্তু,– ক’ভিড্ নাইণ্টীনৰ চিকিৎসা ব্যয়৷ কিন্তু ভুলটো ক’ত হ’ল? কোনো ৰোগে ৰজা, প্রজা, সৰু, ডাঙৰ, ভাল–বেয়া, ৰাজনীতিক, চিকিৎসক কাকো চিনি নাপায়৷ ক’ভিডে কিয় চিনিব? এতিয়া ক’ভিডত আক্রান্ত চিকিৎসক, চিকিৎসা কর্মী, পৰিচাৰিকা (নার্ছ্), আৰক্ষী লোক আৰু সাংবাদিকৰো সংখ্যা বাঢ়ি গৈ আছে৷ মৃত্যুও হৈছে অনেকৰ৷ অন্যান্য ৰোগীৰ সংখ্যা লাখৰ ঘৰত, মৃতকৰ সংখ্যা হাজাৰৰ ঘৰত৷ যদি চিকিৎসক, চিকিৎসা কর্মী, পৰিচাৰিকা, আৰক্ষী আৰু সাংবাদিকৰ সংখ্যা কমি গৈ থাকে, তেন্তে চিকিৎসা কোনে কৰিব, আইন–শৃংখলাৰ কি হ’ব, আমি খা–খবৰ কেনেকৈ পাম? কিন্তু ভুলটো, ভুলবোৰ ক’ত হ’ল?
অকল অসমৰ কথালৈ আহোঁ৷ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শাSha)হে হেনো ডঃ হিমন্ত বিশ্ব শর্মাৰ লগত কথা পাতি খা–খবৰ লৈছে আৰু কিবা–কিবি কৈছে৷ ললিপপ্৷ সকলো খুলি দি, বীজাণুবাহী লোকৰ যোগে অসমলৈ তথা ভিন্ ভিন্ ৰাজ্যলৈ বীজাণুৰ ৰপ্তানি–আমদানিৰ ব্যৱস্থা কৰি মান্যৱৰে এতিয়া খবৰ–খাতি লৈ কৰিব কি? সেইটো নিয়মাফিক নিচুকণি৷ দহ বছৰীয়া কার্য্যকালত এখনো সংবাদ মেল সম্বোধন নকৰা বাবে ড০ মনমোহন সিঙক অতি সঠিকভাৱে সমালোচনা কৰা, অথচ নিজৰ ছবছৰ দুমহীয়া কার্য্যকালতো এখনো সংবাদ মেল সম্বোধন নকৰা প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে হেনো মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ লগত কথা–বতৰা পাতি অসমৰ খা–খবৰ লৈছে কভিড্ আৰু বানে সমস্ত ঢ়াহি–মুহি নিছে৷ চোৰ গ’ল, বৰষুণ গ’ল, আস্তাবলৰপৰা ঘোঁৰা ওলাই গ’ল৷ এতিয়া আৰু সাত্ব্ন্না বাণীৰ বাহিৰে দিবলৈ আছে কি হস্তিনাপুৰৰ? চিৰাচৰিত নীতি৷ অসমীয়াক প্রবঞ্চনাৰ উদ্দেশ্যে ‘‘আইটে’ম্ নাম্বা(ৰ্) ৱান্’’ হ’ল ডিঙিত মেৰাই লোৱা গামোচাখন৷
পৰিস্থিতি অত্যন্ত বিভ্রান্তিকৰ৷ অনেকে অনেক কথা কৈছে৷ কাকো বিশ্বাস কৰিব নোৱাৰি৷ খোলাখুলি হোৱা ভাল৷ ইতিমধ্যে মই স্থানান্তৰত একাধিকবাৰ কৈছোঁ যে ৰেইল পথ, স্থল পথ, আকাশী পথ, সকলোৰে যাতায়াত ইমান সোনকালে খুলি দিয়াটো এটা ডাঙৰ ভুল হ’ল৷ যদি ক’ৰবাত একে লেথাৰিয়ে চৈধ্য দিন মানুহ ঘৰত সোমাই থাকিলেই বেমাৰটোৰ সংক্রমণ ৰোধ হয়, তেন্তে সামগ্রিক ৰাষ্ট্রীয় স্বার্থত, ইমান এটা জৰুৰী অৱস্থাত সমগ্র ভাৰতত একেলেথাৰিয়ে ৩০/৩৫ দিন লক্ডাউন জাৰি কৰা নহ’ল কিয়? এতিয়াতো পাঁচ মাহেয় পাৰ হ’লহি৷ ৰোগীৰ সংখ্যা দেখোন নিতৌ বাঢ়িহে আছে চিকিৎসক, চিকিৎসা কর্মী, আৰক্ষী, সাংবাদিক তথা সকলো শ্রেণীৰ লোক আক্রান্ত কি হ’ব? বর্তমান শাসনাধিষ্ঠিত দলটোৱে ভিন্ ভিন্ নামেৰে (হিন্দু মহাসভা, জনসংঘ তদুপৰি, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ্, বজৰং দল, বিশ্ব হিন্দু পৰিষদ আদি চালিকা শক্তিসমূহ আছেই) ১৯৪৭ চনৰ আগৰে পৰা এতিয়ালৈকে ৮০/৮৫ বছৰ সক্রিয় ৰাজনীতি কৰিছে৷ ৱাজপেয়ী আৰু মোদী দুয়োজনৰে চৰকাৰৰ কর্মকাল ১২ বছৰ ৩ মাহ ৩ দিন৷ বিৰোধী ৰাজনীতি, চৰকাৰী ৰাজনীতি, দুয়োবিধ কৰিছে৷ কথাবোৰ নুবুজাৰ প্রশ্ণ নাই৷ যাতায়াত খুলি নিদিয়া হ’লে, সংক্রমণ নিয়ন্ত্রিত হ’লহেঁতেন৷ ভোটজীৱী বিৰোধী দলবোৰৰ তোষণধর্মী ওলোটা–ওভতা, লুটি–বাগৰ মৰা কথা আৰু ৰাজনীতি আৰু শাসকীয় দল/মর্চাৰ ক্ষমতা ৰক্ষাৰ মৰখঁক, এই সকলো মিলিয়েই আজিৰ এই ভয়ংকৰ অৱস্থা হ’ল৷ কিন্তু মানুহতো মৰিবই৷ কিন্তু বহুত কম মানুহ মৰিলহেঁতেন৷
ইমানদিনে মোদীৰ কর্মপদ্ধতি নিৰীক্ষণ কৰি যি বুজিছোঁ, তেখেতে আগেয়ে কাৰো লগত আলোচনা কৰি পৰামর্শ লৈ সিদ্ধান্ত গ্রহণ নকৰে৷ আগেয়ে সিদ্ধান্ত লৈ আনক জনাই ‘‘আলোচনা’’ কৰে৷ স্বাস্থ্য আৰু ৰোগ সম্পর্কীয় ইমান এটা ডাঙৰ সমস্যাৰ পৰিপ্রেক্ষিতত সকলো যাতায়াত ব্যৱস্থা খুলি দিয়াৰ আগেয়ে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ তথা ভাৰতীয় চিকিৎসক পৰিষদৰ দৰে সংগঠন/সংস্থাৰ লগত তেখেতে গভীৰভাৱে কাৰিকৰী আলোচনা কৰিছিলনে? মোদীৰ মন্ত্রীসভাত ভিন্ন মত প্রকাশ কৰাৰ কিবা পৰম্পৰা বা কাৰোবাৰ সাহস আছে বুলি মোৰ মনে নধৰে৷
অসমত প্রথমতে বিশেষ কর্মতৎপৰতা আৰু দক্ষতাৰে কামত আগবঢ়া ডঃ হিমন্ত বিশ্ব শর্মাক, কেন্দ্রীয় চৰকাৰৰ–যাতায়াত ব্যৱস্থা শিথিলকৰণৰ সিদ্ধান্তৰ পাছত একপ্রকাৰ অসহায় হৈ পৰা আৰু মাথোন নিয়ম মাফিকভাৱে,– ‘‘এতিয়া অসমত কভিডাক্রান্ত লোকৰ সংখ্যা বাঢ়িব’’ বুলি ৰাইজক বিভিন্ন প্রকাৰে সঘনাই সতর্ক কৰি থকাহে দেখা গ’ল৷ মই আগেয়েও কৈছোঁ আৰু আজিও কওঁ যে বহিঃৰাজ্যৰপৰা অসমলৈ অহা মানুহৰ ভিতৰত অসমৰ থলুৱা ছাত্র–ছাত্রী আৰু চাকৰিয়ালৰ সংখ্যাতকৈ বাপ–বে’টা, চাচা–ভতিজা, মামা–ভাঞ্জা, বড়াভাই–ছোটা ভাই সম্পর্কৰ অনা–সমীয়া লোকৰ সংখ্যা বেছি৷ উক্ত সম্বন্ধৰে অসমলৈ আহি ছমাহ–এবছৰ থাকি ইফালে–সিফালে ভ্রমি কাম কৰি জীৱিকা উলিয়াই ঠাইবোৰ আৰু বাট–পথবোৰ চিনি লৈ মাটি দখল কৰি অসমৰ কোনো এখন নগৰৰ ভুৱা ‘‘স্থায়ী ঠিকনা’’ দি অধিক টকা ঘটিবৰ বাবে দিল্লী, চেন্নাই, আহমেদাবাদ, মুম্বাই, পুনে, বে’ংগালুৰুলৈ গৈ এতিয়া বিপদৰ সময়ত ৰেইল গাড়ীত দলে–বলে উঠি ‘‘চলো আসাম পুকাৰকে’– ’’৷ ভাৰতৰ য’তে ত’তে ৰেইলে–বাছে উঠি, একো বাধা বিঘিনি নোপোৱাকৈ অসমলৈ আহি বসতি স্থাপন কৰাটো পৃথিৱীৰ অতি সহজ কামবোৰৰ অন্যতম৷
মই কল্পনা কৰি আনন্দ লভিছিলোঁ যে সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাই, দেশৰ অন্যান্য সকলো ৰাজ্য চৰকাৰক অনুপ্রাণিত কৰি কেন্দ্রীয় চৰকাৰক ক’ব যে যি য’তে আছে, তাতে থাকিবলৈ দি চিকিৎসা কৰোৱা হওক য’ৰপৰা য’লৈ প্রয়োজন হয়, চিকিৎসক আৰু চিকিৎসা কর্মীৰ আমদানি–ৰপ্তানি হওক, কিন্তু ৰোগীবোৰ একে ঠাইতে থাকক কাকো ক’লৈকো ওলাবলৈ দিয়া নহওক৷ প্রয়োজন হ’লে অধ্যাদেশ জাৰি কৰা হওক (অসমত বিনামূলীয়া চাউল খাই মাটিৰ মূৰ চোবোৱা কৃষকৰ মাটি বহিৰাগত বণিয়াক দিয়াৰ ষড়যন্ত্রমূলক, গোপন সিদ্ধান্ত ভিত্তিক অধ্যাদেশৰ দৰে)৷ এতিয়া যিমান লাখ কোটি টকা খৰচ হৈছে, তাতকৈ কেইবা লাখ কোটিও কম খৰচ হ’লহেঁতেন৷ পিচে, দিবাস্বপ্ণ ভাগিল বিছনাৰপৰা বিছনাতে ধুপুচকৈ পৰিলোঁ৷

You might also like