নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিত চোকা দৃষ্টি ৰাখিব ড্রোনে

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ লাডাখৰ পূব প্রান্তৰ এলএচিত আগ্রাসী চীনৰ গতিবিধি সঠিকভাৱে নিৰীক্ষণ কৰিবলৈ থলুৱাভাৱে নির্মিত অত্যাধুনিক প্রযুক্তিৰ ড্র’নৰ ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাই৷ ইয়াৰ সমান্তৰালকৈ বিশ্বাসঘাতক চীনৰ যিকোনো দুঃসাহসিক অভিযান প্রতিহত কৰাৰ লক্ষ্যৰে সমৰসজ্জা গঢ়ি তুলিছে ভাৰতে৷ দেশৰ উত্তৰ প্রান্তৰ বায়ুসেনা ঘাটিত নৌ বাহিনীয়ে মিগ–২৯ কে যুঁজাৰু বিমান মোতায়ন কৰিছে৷ ভাৰতীয় নৌ বাহিনীৰ ৪০তকৈ অধিক মিগ–২৯ এ যুঁজাৰু বিমানৰ ভিতৰত যুদ্ধ জাহাজ আই এন এছ বিক্রমাদিত্যত ইয়াৰে ১৮খন মোতায়ন কৰা হৈছে৷ আনপিনে বাকীখিনি গোৱাত মোতায়ন কৰা হৈছে৷

লক্ষণীয় যে গোৱাৰ পৰা কিছুসংখ্যক ৰাছিয়াৰ পৰা অনা যুদ্ধ বিমান ভাৰতীয় বায়ুসেনা বাহিনীৰ উত্তৰত থকা ঘাটিলৈ প্রেৰণ কৰা হৈছে৷ দেশৰ সুৰক্ষাৰ প্রতি লক্ষ ৰাখি এনেদৰে বিভিন্ন বায়ুসেনা ঘাটিৰ পৰা যুদ্ধ বিমানসমূহ লাডাখৰ ঘাটিলৈ অনা হৈছে বুলি প্রতিৰক্ষা বিভাগত প্রকাশ৷ ইপিনে, এলএচিৰ দুর্গম পর্বতমালা আৰু সু–উচ্চ অঞ্চলত চীনৰ সেনাৰ গতিবিধি সঠিকভাৱে নিৰীক্ষণৰ লক্ষ্যৰে ভাৰতীয় সেনাই নিয়োজিত কৰিছে দেশীয়ভাৱে নির্মিত ড্র’ন৷ লাডাখৰ এলএচিত চীনা সৈন্যৰ সৈতে সংঘর্ষৰ পিছত উক্ত অঞ্চলত সামৰিক শক্তি বৃদ্ধি কৰি থকা ভাৰতে দেশীয়ভাৱে নির্মিত ‘ভাৰত ড্র’নে’ৰে চুবুৰীয়া ৰাষ্ট্রখনৰ সেনাৰ গতিবিধি নিৰীক্ষণ কৰিব৷ প্রতিৰক্ষা বিভাগৰ সূত্রই প্রকাশ কৰা মতে, লাডাখৰ পূব প্রান্তত চুবুৰীয়া ৰাষ্ট্রৰ সেনাৰ গতিবিধি সঠিকভাৱে নিৰীক্ষণৰ বাবে ভাৰতীয় সেনাৰ ড্র’নৰ প্রয়োজন৷ এইক্ষেত্রত ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন চমুকৈ ডিআৰডি’ৱে ভাৰত ড্র’ন যোগান ধৰিব৷

উল্লেখ্য যে চণ্ডীগড়স্থিত ডিআৰডি’ৰ লেবৰেটৰীত ভাৰত ড্র’ন বিকশিত কৰা হৈছে৷ এই ভাৰত হৈছে বিশ্বৰ সবাতোকৈ কার্যদক্ষ আৰু পাতল নিৰীক্ষণকাৰী ড্র’ন৷ এই ড্র’ন সৰু হ’লেও যিকোনো স্থানত অতি সঠিক আৰু স্বয়ংক্রিয়ভাৱে কাম কৰা শক্তিশালী ড্র’ন৷ কৃত্রিম বুদ্ধিমত্তাৰে সম্পৃক্ত এই ড্র’নে শত্রুপক্ষকো সহজতে চিনাক্ত কৰিব পাৰে৷ অতি শীতল পৰিৱেশত কার্যক্ষম হৈ থকা এই ড্র’নটো অতি উত্তপ্ত পৰিৱেশত কার্যক্ষম কৰি ৰখাৰ বাবেও গৱেষণা চলাই থকা হৈছে৷ ড্র’নটোৱে সঠিক সময়ৰ ভিডি’ সম্প্রচাৰ কৰাৰ লগতে নিশাও এই ড্র’নটোৰ জৰিয়তে শত্রুৰ গতিবিধি নিৰীক্ষণ কৰিব পাৰে৷ তেনেদৰে গভীৰ বনাঞ্চলত লুকাই থকা মানুহকো চিনাক্ত কৰিব পাৰে এই ড্র’নটোৱে৷ আগষ্ট মাহৰ প্রথম সপ্তাহত চুবুৰীয়া ৰাষ্ট্র চীনক প্রতিহত কৰিবলৈ অত্যাধুনিক ৰাফেল যুদ্ধ বিমান লাডাখত মোতায়েন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা ভাৰতীয় সেনাবাহিনীয়ে ভাৰত ড্র’নৰ জৰিয়তে শত্রুপক্ষৰ গতিবিধিও নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে কালি আন্দামান–নিকোবৰ দ্বীপপুঞ্জত বিশ্বৰ সর্ববৃহৎ পাৰমাণৱিক শক্তিসম্পন্ন যুদ্ধ বিমান কঢ়িওৱা আমেৰিকাৰ যুদ্ধ জাহাজৰ সৈতে ভাৰতীয় নৌ বাহিনীয়ে অনুশীলন কৰি চুবুৰীয়া ৰাষ্ট্রখনক নতুন দিল্লীয়ে শক্তিশালী বার্তা প্রেৰণ কৰিছে৷ ভাৰতীয় নৌ বাহিনীৰ সৈতে সামৰিক অনুশীলন চলোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষামন্ত্রী মাইক এছপাৰে ভাৰতৰ সৈতে সম্পর্ক অতি গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি এল এ চিৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা বুলি মন্তব্য কৰিছে৷

You might also like