ট্রাম্পৰ নতুন আঁচনি
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৮ চনত আৰব বিশ্বত ইহুদী ৰাষ্ট্র ইজৰাইল জন্ম হোৱাৰ লগে লগে সমগ্র মধ্যপ্রাচ্যত সৃষ্টি হৈছিল নতুন অশান্তি৷ দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰৰ পাশৱিকতাৰ বলি হোৱা ইহুদীসকলেই আমেৰিকাৰ শক্তিৰে বলীয়ান হৈ নিজা দেশ হিচাপে ইজৰাইল লাভ কৰাৰ পিছত পেলেস্তাইনক চেপি–খুন্দি নিঃশেষ কৰাৰ প্রচেষ্টা চলায়৷ জন্মলগ্ণৰে পৰা ইজৰাইলে পেলেস্তাইনৰ বিৰুদ্ধে চলাই আহিছে আতিশয্য৷ অকল পেলেস্তাইন বুলিয়েই নহয়, মধ্যপ্রাচ্যৰ কেইবাখনো ৰাষ্ট্রৰ সৈতে সীমা সংকট চলি আহিছে ইজৰাইলৰ৷ আনকি বাৰে বাৰে ইজৰাইল–পেলেস্তাইনৰ্ মাজত সামৰিক সংঘাতৰ সৃষ্টি হৈছে৷ মধ্যপ্রাচ্যৰ ৱেষ্ট বেংক আৰু গাজা পেলেস্তাইনৰ হাতৰ পৰা নিজৰ নিয়ন্ত্রণলৈ নিয়াৰ বাবে ইজৰাইলে চলাই আহিছে আগ্রাসন৷ এই আগ্রাসনক সঘনে সমর্থন দি আহিছে আমেৰিকাই৷ আনকি ৰাষ্ট্রসংঘত অধিকসংখ্যক সদস্য দেশে পেলেস্তাইনৰ বিৰুদ্ধে ইজৰাইলে চলাই অহা আগ্রাসনক সমালোচনা কৰিছে যদিও আমেৰিকাই কোনো দিনে নিজৰ স্থিতি সলনি কৰা নাই৷ পেলেস্তাইনৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা যুদ্ধ অপৰাধ সন্দর্ভত আন্তর্জাতিক মানৱ অধিকাৰ সংস্থাসমূহৰ উপৰি বিভিন্ন সংগঠনে গৰিহণা দি আহিছে যদিও ইয়াক হোৱাইট হাউছে অগ্রাহ্য কৰি আহিছে৷ শেহতীয়াকৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইহুদী ৰাষ্ট্র ইজৰাইলৰ পক্ষত থিয় দি দেশখনৰ গোলান হাইট আৰু জেৰুজালেম সন্দর্ভত নতুন নীতি গ্রহণ কৰি আন্তর্জাতিক সম্প্রদায়ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ বিবদমান বিভিন্ন বিষয়ত ট্রাম্পে আঁকোৰগোজস্থিতি গ্রহণ কৰি আন্তর্জাতিক ক্ষেত্রত বিতর্কৰ সৃষ্টি কৰাই নহয়, মধ্যপ্রাচ্যত নতুন সংঘাতৰ জন্ম দিছে৷ জেৰুজালেমক একপক্ষীয়ভাৱে ইহুদী ৰাষ্ট্র ইজৰাইলৰ ৰাজধানী আখ্যা দিছে ট্রাম্পে৷ সেইদৰে ছিৰিয়াৰ পৰা ইজৰাইলে দখল কৰা গোলান হাইটক ইজৰাইলৰ সার্বভৌমত্বৰ অধীনস্থ অঞ্চল বুলিও ঘোষণা কৰিছে ট্রাম্পে৷ ট্রাম্পৰ এই ঘোষণাৰ বিৰুদ্ধে তীব্র বিষোদ্গাৰ প্রকাশ কৰিছে মধ্যপ্রাচ্যৰ সকলো দেশে৷ আনকি ছৌদি আৰবৰ দৰে আমেৰিকাৰ মিত্র দেশেও ট্রাম্পৰ এই সিদ্ধান্তক সমালোচনা কৰাৰ পৰা বিৰত থকা নাই৷ তথাপি ট্রাম্পে ইজৰাইল সন্দর্ভত অধিক নমনীয় স্থিতি গ্রহণ কৰি আহিছে৷ শেহতীয়াকৈ ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুক লগত লৈ ৱাশ্বিংটনত ট্রাম্পে ঘোষণা কৰিছে যে মধ্যপ্রাচ্যৰ শান্তিৰ বাবে তেওঁ নতুন আঁচনি গ্রহণ কৰিছে৷ আনকি ১৮১ পৃষ্ঠাৰ এই আঁচনি মুকলি কৰি দিছে নেতাগৰাকীয়ে৷ একে সময়তে বেঞ্জামিন নেতান্যাহুক মধ্যপ্রাচ্যৰ শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লোৱা বুলি প্রশংসাও কৰিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ ট্রাম্পৰ এই নতুন আঁচনিত আছে বিবদমান গাজা ষ্ট্রীপ আৰু ৱেষ্ট বেংকৰ মাজত স্বাধীন পেলেস্তাইন সৃষ্টিৰ সূত্র৷ কিন্তু এই সূত্রক ইতিমধ্যেই অগ্রাহ্য কৰিছে পেলেস্তাইনীসকলে৷
মূল কথাটো হৈছে আগন্তুক আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ড’নাল্ড ট্রাম্পে মধ্যপ্রাচ্য সন্দর্ভত গ্রহণ কৰা নীতিৰে দেশবাসীৰ আস্থা অর্জন কৰিব লাগে৷ গতিকে মধ্যপ্রাচ্যৰ শান্তি প্রক্রিয়াত বিগত এটা কার্যকালত ট্রাম্পে কি কৰিলে তাক লৈ আৰম্ভ হৈছে হিচাপ–নিকাচ৷ এই বিষয়টোলৈ নজৰ ৰাখিয়ে মধ্যপ্রাচ্যৰ শান্তিৰ প্রতি যে আগ্রহী তাক ট্রাম্পে স্বাধীন পেলেস্তাইনৰ প্রস্তাৱেৰে বুজাই দিব বিচাৰিছে৷ কিন্তু বিগত কেইবাটাও দশকত হোৱাইট হাউছে পেলেস্তাইনীসকলৰ সংকটৰ বিষয়টোক কোনো কাৰণতে গুৰুত্ব প্রদান কৰা নাই৷ ইজৰাইলী সেনাৰ বোমা ক্ষেপণাস্ত্রত বিগত সময়ছোৱাত ৱেষ্ট বেংক আৰু গাজাত প্রাণ হেৰুৱাবলগীয়া হৈছে কেইবাহাজাৰো লোকে৷ লক্ষণীয়ভাৱে অবোধ শিশুও ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতৰ পৰা সাৰি যোৱা নাই৷ এই ঘটনাবোৰক লৈয়েই ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সম্প্রদায়সমূহে ইজৰাইলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘাৰ অভিযোগ কৰি আহিছে৷ এই অভিযোগ সত্ত্বেও ইজৰাইলৰ স্থিতিকেই সমর্থন কৰি আহিছে আমেৰিকাই৷ আনকি ড’নাল্ড ট্রাম্পে মধ্যপ্রাচ্যৰ বিভিন্ন দেশৰ অশান্তিৰ মূল কাৰণ ইজৰাইল বুলি চিহ্ণিত হোৱাৰ পিছতো দেশখনৰ পক্ষতেই থিয় দি আহিছে৷ ৱেষ্ট বেংক আৰু গাজা ষ্ট্রীপক লৈ পেলেস্তাইনে যি স্বাধীনতাৰ প্রস্তাৱ আগবঢ়াই আহিছে তাক হোৱাইট হাউছ তথা আমেৰিকাৰ পূর্বৰ ৰাষ্ট্রপতিসকলে সমর্থন জনোৱা নাছিল৷ ট্রাম্পেও সেই প্রস্তাৱ সঘনে অগ্রাহ্য কৰি আহিছে৷ ইয়াৰ বিপৰীতে ইজৰাইলৰ শ্রুতলিপি অনুসৰি ট্রাম্পে আগবঢ়াইছে পেলেস্তাইনৰ স্বাধীনতা সন্দর্ভত নতুন প্রস্তাৱ৷ গতিকে এই প্রস্তাৱ পেলেস্তাইন বা ইজৰাইলৰ সৈতে বিবাদৰত মধ্যপ্রাচ্যৰ দেশসমূহে মানি নোলোৱাটো স্বাভাৱিক৷ বৰঞ্চ ট্রাম্পৰ এই নতুন আঁচনিয়ে মধ্যপ্রাচ্যত অসন্তুষ্টি বৃদ্ধি কৰিব৷ কাৰণ ইজৰাইলৰ প্রতি আস্থা ৰাখি আমেৰিকাই যি আঁচনি গ্রহণ কৰিছে তাক ছিৰিয়া, পেলেস্তাইন তথা মধ্যপ্রাচ্যৰ অন্য ৰাষ্ট্রসমূহক সন্তুষ্ট কৰাৰ কোনো ধৰণৰ নীতি নাই৷ হোৱাইট হাউছৰ এই একপক্ষীয় সিদ্ধান্তৰ বাবেই মধ্যপ্রাচ্যত নতুন অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ একে সময়তে ইৰান, ছিৰিয়া আদি দেশসমূহত ইজৰাইল তথা আমেৰিকাবিৰোধী বিক্ষোভ তীব্রতৰ হোৱাৰ আশংকাও আছে৷ গতিকে মধ্যপ্রাচ্য সন্দর্ভত ইজৰাইলক সন্তুষ্ট কৰাৰ নীতি যেতিয়ালৈকে ট্রাম্প বা হোৱাইট হাউছ প্রশাসনে এৰি নচলে তেতিয়ালৈকে সমগ্র অঞ্চলটোত অব্যাহত থাকিব অশান্তি তথা যুদ্ধ–সংঘর্ষ৷ ট্রাম্পৰ এই নতুন আঁচনি একপ্রকাৰ প্রহসনত পৰিণত হোৱাৰ সম্ভাৱনা আছে মধ্যপ্রাচ্যত৷