নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰে আলোচনা

১৮ বছৰীয়া আফগান যুদ্ধৰ অৱসান ঘটিব কেতিয়া? গৃহযুদ্ধত বিধ্বস্ত দেশখনত তালিবানৰ বিৰুদ্ধে ২০০১ চনত অভিযান আৰম্ভ কৰিছিল আমেৰিকাই৷ কুখ্যাত সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাই আমেৰিকাৰ হূৎপিণ্ড স্বৰূপ পেণ্টাগন আৰু বিশ্ব বাণিজ্য কেন্দ্রত আত্মঘাতী বিমান আক্রমণ চলোৱাৰ পাছতে পৃথিৱীজুৰি সৃষ্টি হৈছিল শিহৰণ৷ তেতিয়াৰ মার্কিন ৰাষ্ট্রপতি জর্জ বুশ্বে আমেৰিকা আক্রমণত জড়িত থকা লাডেনৰ আল–কায়দাক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি ঘোষণা কৰিছিল৷ ৰাষ্ট্রপতিগৰাকীয়ে আল–কায়দাক সমর্থন তথা আশ্রয় দিয়াৰ বাবেই আৰম্ভ কৰিছিল তেতিয়াৰ আফগানিস্তানৰ তালিবান প্রশাসনৰ বিৰুদ্ধে সামৰিক অভিযান৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ গৰিষ্ঠসংখ্যক সদস্য দেশৰ অনুমোদন অবিহনেই আফগানিস্তানত চলোৱা হৈছিল এই অভিযান৷ আমেৰিকাৰ এই অভিযানত বিশ্বৰ কেইবাখনো দেশৰ বাহিনীয়ে সহযোগিতা আগবঢ়াইছিল৷ কিন্তু তালিবানক মুহূর্ততে উৎখাত কৰিব বুলি হোৱাইট হাউছ প্রশাসনে যি সংকল্প গ্রহণ কৰিছিল সেয়া অসাৰ হৈ পৰে৷ দুর্গম ভৌগলিক পৰিৱেশত আফগানিস্তানত আমেৰিকান বাহিনীৰ বাবে তালিবানৰ সৈতে যুদ্ধ কৰাটো হৈ পৰে ক্রমাৎ কঠিন কার্য৷ গতিকে আফগানিস্তানৰ এই যুদ্ধৰ অৱসান ঘটাবলৈ হোৱাইট হাউছ প্রশাসনে নীতিৰ পৰিপন্থী হ’লেও তালিবানৰ সৈতে আলোচনাৰ প্রস্তাৱ আগবঢ়ায়৷ আলোচনাৰ মাজেৰে যুদ্ধবিধ্বস্ত দেশখনলৈ শান্তি কঢ়িয়াই আনিবলৈ হোৱাইট হাউছ প্রশাসনে প্রচেষ্টা চলোৱাই নহয়, পাৰস্য উপসাগৰীয় ৰাষ্ট্র কাটাৰৰ ৰাজধানী দোহাত তালিবানৰ শীর্ষ নেতৃত্বৰ সৈতে কেইবালানি আলোচনাও চলায়৷ কিন্তু বিগত বর্ষটোৰ শেষৰ ভাগত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অভাৱনীয়ভাৱে ঘোষণা কৰে যে তালিবানৰ সৈতে শান্তি আলোচনা চলাই যোৱাটো সম্ভৱ নহয় হোৱাইট হাউছ প্রশাসনৰ বাবে৷ লগে লগে যুদ্ধবিধ্বস্ত দেশখনত আফগান তথা আমেৰিকান বাহিনীৰ বিৰুদ্ধে তালিবানৰ অভিযান অধিক তীব্রতৰ হয়৷ এনে পৰিস্থিতিত বিভিন্ন মহলৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ড’নাল্ড ট্রাম্প৷
আন্তর্জাতিক সম্প্রদায়ৰ অসন্তুষ্টি আৰু সমালোচনাত শিৰনত কৰি ট্রাম্পে কেইদিনমান পাছতে ঘোষণা কৰে যে তালিবানৰ সৈতে শান্তি আলোচনাৰ প্রক্রিয়া অব্যাহত থাকিব৷ শেহতীয়াকৈ হোৱাইট হাউছ প্রশাসন আৰু তালিবানৰ শীর্ষ নেতৃত্বই আফগানিস্তানৰ সংঘাতৰ অৱসান ঘটোৱাৰ ক্ষেত্রত এক শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ সহমত পোষণ কৰিছে৷ উভয় পক্ষই আগন্তুক ২৯ ফেব্রুৱাৰীত ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰি আফগানিস্তানৰ অশান্ত পৰিস্থিতিৰ অন্ত পেলোৱাৰ সংকল্প লৈছে৷ অকল সেয়াই নহয়, পর্যায়ক্রমে আমেৰিকাৰ মধ্যস্থতাক তালিবান আৰু আফগানিস্তান চৰকাৰ আলোচনাত মিলিত হ’ব বুলিও ঘোষণা কৰিছে ৱাশ্বিংটন তথা তালিবানৰ শীর্ষ নেতৃত্বই৷ তালিবান নেতৃত্বই উল্লেখ কৰা অনুসৰি আগন্তুক মার্চ মাহৰ প্রথম সপ্তাহতে আফগানিস্তান চৰকাৰৰ সৈতে প্রথমলানি আলোচনা অনুষ্ঠিত হ’ব৷ স্মর্তব্য যে শীতল যুদ্ধৰ সময়ছোৱাত অধিক জটিল হৈ পৰিছিল আফগানিস্তানৰ পৰিস্থিতি৷ তেতিয়াৰ ছোভিয়েট ইউনিয়নে আফগানিস্তানৰ ক্ষমতাত বহুৱাইছিল জেনেৰেল নাজীমুল্লাক৷ কিন্তু নাজীমুল্লাক উৎখাত কৰিবলৈ তালিবানক দুগ্ধপোষ্য পুত্রৰ দৰে লালন–পালন কৰিছিল হোৱাইট হাউছ প্রশাসনে৷ হোৱাইট হাউছে নিজহাতে গঢ়া তালিবান এটা সময়ত সমগ্র আমেৰিকাৰ বাবে বিপদ হৈ পৰিল৷ গতিকে প্রখ্যাত ঔপন্যাসিক মেৰী শ্বেলীৰ বহুপঠিত উপন্যাস ‘ফ্রেংকেনষ্টাইন’ৰ মানৱসৃষ্ট দৈত্যটোৰ দৰে হোৱাইট হাউছে তালিবানক ধ্বংসৰ বাবে আৰম্ভ কৰিবলগীয়া হ’ল যুদ্ধ৷ ১৮ বছৰ ধৰি এই ফ্রেংকেনষ্টাইনৰ নিধনযজ্ঞ চলাই এতিয়া ভাগৰি পৰিছে আমেৰিকা৷ গতিকে তালিবানৰ সৈতে শান্তিপূর্ণ আলোচনাৰে সমস্যা সমাধানৰ বাবে আগ্রহী হৈ পৰিছে দেশখন৷ কিন্তু বিগত চাৰিটা দশকত আফগানিস্তান যে বধ্যভূমিত পৰিণত হ’ল, তাৰ হিচাপ–নিকাচ কৰিব কোনে? চাৰি দশক পূর্বে পাকিস্তানলৈ পলায়ন কৰা ডেৰ নিযুত আফগান শৰণার্থীৰ জীৱন যন্ত্রণাৰ কথা উপলব্ধি কৰিব কোনে? পাঁচ–ছয় নিযুত লোক যুদ্ধৰ চিকাৰ হোৱাৰ পাছত আফগানিস্তানলৈ প্রকৃত শান্তি আহিব জানো? তথাপি আমেৰিকা আৰু তালিবানৰ ঐতিহাসিক শান্তি চুক্তিৰ প্রতি নজৰ আছে বিশ্ববাসীৰ৷ কাৰণ বিশ্বৰ শান্তিকামী জনগণে ৰক্তক্ষয়ী সংঘর্ষত আক্রান্ত হোৱা দেশখনত বিচাৰে স্থায়ী শান্তি৷

You might also like