নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগৰ প্রতিশ্রুতি

নতুন চৰকাৰখনে সমস্যাৰ মাজত বুৰ গৈ থকা ৰাজ্যখনৰ শাসনভাৰ গ্রহণ কৰিছে আৰু ৰাজ্যখনৰ তাৎকালীন সমস্যাটোৰ মুখামুখি হোৱাত মনোযোগ দিবলগীয়া হৈছে৷ ক’ভিডে ৰাজ্যখনক যিদৰে আক্রমণ কৰিছে সেই আক্রমণৰ যিমান সম্ভৱ উত্তৰ দি থকাটোৱেই প্রধান কাম হৈছে৷ এই জ্বালামুখী সময়ৰ মাজতো কিন্তু চৰকাৰে কিছু অইন ধৰণৰ সমস্যা সমাধানৰ কথাও চিন্তা কৰিব লাগিব৷ এতিয়া ক’ভিডৰ বাবে মানুহে কিছুমান কথাৰ প্রতি বিশেষ মনোযোগ দিয়া নাই, সমস্যা থাকিলেও সেইবোৰৰ সমাধানৰ কোনো পৰিৱেশ নাই৷ কিন্তু ক’ভিডৰ সমস্যা শাম কটাৰ লগে লগেই বাকী যিবোৰ সমস্যাই মূৰ দাঙি উঠিব তাৰ এটা হ’ল নিযুক্তিৰ সমস্যা৷ যোৱা কেইবছৰমানৰ তথ্য চালে দেখা যায় যে ২০১৬ চনৰ ফেব্রুৱাৰী মাহত অসমৰ নিবনুৱা সমস্যাই আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, সেই সময়ত নিবনুৱাৰ পৰিমাণ আছিল ১২.৭ শতাংশ৷ তাৰ পিছত বিভিন্ন কাৰণত এই হাৰ নিম্নমুখী হৈছিল, পুনৰ সি গৈ ১১.১ শতাংশ পাইছিল যোৱা বছৰৰ এপ্রিল মাহত৷ কিন্তু তাৰ পিছৰে পৰা মোদীসৃষ্ট পৰিস্থিতিত এই পৰিৱেশ সম্পূর্ণ পৃথক হৈছে, এই হাৰ ভালেখিনি বাঢ়িছে৷ ক’ভিডসৃষ্ট পৰিৱেশে ব্যক্তিগত খণ্ডত কাম কৰা বহুতৰে জীৱিকা কাঢ়ি নিলে, বাহিৰত কাম কৰা বহু লোক ঘূৰি আহিল, আহি একো সংস্থাপনৰ ব্যৱস্থা কৰিবই পৰা নাই, অসংগঠিত খণ্ডত থকা বহু শ্রমিকৰ কাম নোহোৱা হ’ল, বহু ক্ষুদ্র ব্যৱসায়ীৰ আৰু বহুতৰে ব্যৱসায়ৰ অৱস্থা বেয়া হ’ল৷ এইবোৰৰ সংখ্যা হিচাপ কৰিলে নিবনুৱাৰ হাৰ আৰু ভালেখিনি বৃদ্ধি পাব৷ এইটো ঠিক যে ক’ভিডে যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব সেই কথা কোনেও ভবা নাছিল, গতিকে তেনে অৱস্থাৰ বাবে কোনো সাজু থকাৰো কথা নাছিল৷ কিন্তু এইটো যুক্তিৰে চৰকাৰে নিজৰ দায়িত্বৰ পৰা পলাব নোৱাৰিব৷ ‘বানপানী ক’ত নহয়, আমেৰিকাতো হয়’ জাতীয় উত্তৰ কোনোবা মুখ্যমন্ত্রীয়ে দিছিল, ৰাইজে সেই উত্তৰ হঁাহিৰ খোৰাক হিচাপে গ্রহণ কৰিছিল৷ কিন্তু এইখন চৰকাৰৰ পৰা ৰাইজে সেই ধৰণৰ হঁাহি–ধেমালি আশা কৰা নাই, ৰাইজে কেৱল কামহে বিচাৰিছে৷
এই নিবনুৱা সমস্যা ৰোধ কৰাৰ বাবে চৰকাৰে হ্রস্বমা্যদী আৰু দীর্ঘম্যাদী উভয় ধৰণৰ কার্যপন্থা হাতত ল’ব লাগিব৷ অকল চৰকাৰী চাকৰিৰে এই নিবনুৱা সমস্যা সমাধান কৰা সম্ভৱ নহয়৷ চৰকাৰে ইতিমধ্যে কেইবালাখো নিবনুৱাক কর্মসংস্থাপন দিব পৰাকৈ আঁচনিৰ প্রস্তুতকৰণৰ দায়িত্ব গ্রহণ কৰিছে৷ যদি হ্রস্বম্যাদী আঁচনিৰ যোগে অতি কম সময়ৰ ভিতৰতে লক্ষাধিক নিবনুৱাক সংস্থাপন দিব পৰা যায় সেয়া ৰাইজৰ বাবে আশাৰ খবৰ হ’ব৷ কিন্তু অকল অফিচৰ চাকৰিৰে নিবনুৱা সমস্যাৰ অন্ত পেলাব নোৱাৰিব, সেইটো সকলোৱে জনা কথা৷ গতিকেই নিযুক্তিৰ অইন ক্ষেত্র উলিয়াব লাগিব, তাৰ পৰিসৰ বৃদ্ধি কৰিব পাৰিব লাগিব আৰু এইবোৰ কৰা দায়িত্ব চৰকাৰৰ৷ শ্রমিকনির্ভৰ উদ্যোগৰ সংখ্যা বৃদ্ধি কৰিব লাগিব যাতে উৎপাদনৰ লগে লগে নিযুক্তিৰ পথো প্রশস্ত হৈ থাকে৷ ঠিক একে ধৰণে কৃষিখণ্ডকো অধিক পৰিকল্পনাৰে ব্যাপক কৰি তুলিব লাগিব, যাতে তাত পৰম্পৰাগত শ্রমিকৰ লগতে কাৰিকৰীভাৱে প্রশিক্ষিত নতুন নতুন শ্রমিকৰ সংযোজন ঘটে৷ এই কথাটোৰ লগত সংযোগ হৈ আছে কাৰিকৰী শিক্ষাৰ প্রতিষ্ঠানৰ কথা৷ কাৰিকৰী শিক্ষাৰে শিক্ষিতসকলে ‘সেৱাখণ্ড’তো নিযুক্তিৰ সুবিধা পাব আৰু একে সময়তে নিজাকৈ সেৱা যোগাওঁতা হিচাপেও কাম কৰিব পাৰি৷ সেৱাখণ্ডৰ বিকাশ এতিয়া আৰম্ভ হৈছে আৰু দুই তিনি বছৰৰ ভিতৰতে ইয়াৰ পৰিসৰ আৰু বৃদ্ধি পাব বুলি উদ্যোগ পৰামর্শদাতাসকলে ধাৰণা কৰে৷ সামগ্রিকভাৱে দেখা যায় যে নিবনুৱাসকলৰ বাবে নিযুক্তিৰ ব্যৱস্থা কৰিব বিচাৰিলে বিভিন্ন ধৰণৰ সময় দৈর্ঘ্যৰ আঁচনি হাতত ল’ব লাগিব আৰু প্রতিখন ক্ষেত্রৰ বিকাশৰ বাবে চৰকাৰৰ তৰফৰ পৰা ভৱিষ্যমুখী দৃষ্টিৰে আঁচনি প্রস্তুত কৰি তাক কার্যক্ষম কৰি তুলিব লাগিব৷ ইয়াৰ লগতে শিক্ষা ব্যৱস্থাকো চাকৰিমুখী কৰি তোলাৰ পৰিৱর্তে কর্মমুখী কৰি তুলিব পাৰিব লাগিব৷ ইয়াৰ বাবে প্রয়োজন হ’ব আধুনিক মনৰ সামাজিক আৰু নৈতিকভাৱে দায়বদ্ধ মানুহৰ অংশগ্রহণ৷ কেৱল জ্যেষ্ঠতাৰ ভিত্তিত চৰকাৰী বিষয়াই সিদ্ধান্ত গ্রহণ কৰাৰ দিন এতিয়া আৰু নাই৷ নতুন চৰকাৰখনে এই কথা বুজা যেন অনুভৱ হয়৷

You might also like