পাঠ্যপুথিৰ দায়িত্ব
হাইস্কুল পর্যায়ৰ এখন পাঠ্যপুথিত জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, ভূপেন হাজৰিকা আদিৰ বিষয়ে মাৰাত্মক ভুল তথ্য থকা কিতাপ এখনৰ প্রকাশ আৰু প্রচলনক কেন্দ্র কৰি প্রথমে ছ’চিয়েল মিডিয়া আৰু তাৰ পিছত সংবাদ পত্রত বিভিন্ন ধৰণৰ মন্তব্য প্রকাশ হৈছে৷ ভাষা পৃথক হ’লেও এই মন্তব্যবোৰত এটা কথা স্পষ্ট যে পাঠ্যপুথিত ভুল থকা কথাটোৰ দায়িত্ব কিতাপখনৰ লগত জডিত কোনো পক্ষই এৰাই যাব নোৱাৰে৷ প্রথমখন অসমীয়া চিনেমাৰ মুক্তি লাভ, তাৰ সংগীত পৰিচালক কোন আদি তথ্যবোৰ প্রায় প্রতিগৰাকী শিক্ষিত লোকৰ মুখস্থ৷ এনে তথ্যবোৰ ভুলকৈ ছপা হোৱাটোৱে কি বুজায়? কিতাপখনৰ দায়িত্বত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক আৰু এখন মহাবিদ্যালয়ৰ শিক্ষয়িত্রী আৰু দুয়োগৰাকীৰেই কেইবাখনো ছপা কিতাপ আছে, তাৰে কেইখনমান মহাবিদ্যালয়–বিশ্বব্ ছাত্র–ছাত্রীয়ে পঢ়িবলগীয়া বুলি ভবা হয় আৰু এই দিশত দুয়োৰে নামো কিছুসংখ্যক লোকে জানে৷ এইধৰণৰ পৃষ্ঠভূমি থকা শিক্ষাৰ লগত জডিত লোকে পাঠ্যপুথি জাতীয় কিতাপ প্রণয়ন কৰোঁতে কামটো পাল মাৰি কৰি থ’ব বুলি সাধাৰণতে ভবা নহয়৷ যিসকল মানুহৰ হাতত ত্রিছ বছৰতকৈও অধিক কালৰ একো একোটা প্রজন্মৰ মানসিক বিকাশৰ দায়িত্ব থাকে, তেনে লোকসকলক সাধাৰণ ৰাইজে শ্রদ্ধাৰ দৃষ্টিৰে চায় আৰু সন্মান প্রদর্শন কৰে৷ এনেকুৱা একোটা সামাজিক স্থানত থাকি এনেধৰণৰ কাম, যাক ছাত্র–ছাত্রীসকলক ঠগোৱা কাম বুলি সহজভাৱে কৈ দিব পাৰি, সেই কাম কৰাটো উচিত হোৱা বুলি কোনেও নাভাবে৷ এই ধৰণৰ প্রৱঞ্চনা টকা–পইচাৰ ক্ষেত্রত হোৱা হ’লে আইনৰ বহু ধাৰাৰে তেওঁলোকক শিক্ষা দিব পৰা গ’লহেঁতেন৷ কিন্তু এইধৰণৰ বৌদ্ধিক প্রৱঞ্চনা হয়তো এতিয়াও আমাৰ আইনৰ আওতাৰ ভিতৰত নাই৷ এই কাম অকল সাধাৰণ দায়িত্বজ্ঞানহীনতাৰ উদাহৰণ নহয়, ই মানসিক অধঃপতনৰো উদাহৰণ৷ কলেজ শিক্ষকৰ সা–সুবিধা আদিৰ কথা ভাবিবলৈ শিক্ষকসকলৰ সংগঠন আছে আৰু বহুক্ষেত্রত তেওঁলোক যথেষ্ট সৰৱ৷ কিন্তু এইধৰণৰ অপকর্মৰ বাবে এনে সংস্থাসমূহৰ কোনোধৰণৰ মন্তব্য আছে নে নাই সেই কথাটো জনাৰ অধিকাৰ ৰাইজৰ আছে৷ এইটো ঠিক যে কিতাপখনৰ দুই–তিনিটা মূলৰ কথাহে আলোচিত হৈছে, কিন্তু সম্পূর্ণ কিতাপখনত আৰু কিমান ভুল আছে সেই কথাও বিচাৰ কৰিব লাগিব৷ কিন্তু ভুলৰ সংখ্যাৰে দায়িত্বজ্ঞানহীনতাৰ পৰিমাণ কম–বেছি কৰিব নোৱাৰি৷
অসম চৰকাৰে স্কুল পর্যায়ত যিবোৰ পাঠ্যপুথিৰ ব্যৱস্থা কৰিছে, সেইবোৰ একোটা উপযুক্ত প্রতিষ্ঠানে প্রস্তুত কৰে৷ তাত বহুতো দায়িত্বশীল লোক থাকে, বিভিন্ন লোকৰ সামূহিক প্রচেষ্টাৰ অন্তত সেই কিতাপবোৰ প্রস্তুত হয়৷ তাতো দুই এটা ভুল থকা কথা পোহৰলৈ আহে আৰু সেইবোৰৰ সংশোধন কৰাও হয়৷ অসমৰ ইংৰাজী মাধ্যমৰ স্কুলবোৰত আগতে অসমীয়া পঢ়োৱা হোৱা নাছিল, শেহতীয়াভাৱে অসমীয়া পঢ়ুৱাবলৈ আৰম্ভ কৰা হৈছে৷ কিন্তু ইয়াৰ বাবে কোনো নির্ধাৰিত পাঠ্যক্রম নাই, পাঠ্যপুথি নাই৷ কিছুমান স্কুলত প্রধান শিক্ষক আৰু বিভাগীয় শিক্ষকে নিজৰ বিদ্যা–বুদ্ধি আৰু অভিজ্ঞতাৰে পাঠ্যক্রম আৰু কিতাপ নির্বাচন কৰে৷ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বহু বিদ্যালয়ৰ পৰিচালকসকলৰ অধিকাংশই ব্যৱসায়িক মনোভাবৰ হয়, স্কুলৰ কিতাপ–বহী–কাগজ–প্ আদিৰ পৰাও তেওঁলোকে মুনাফাৰ সন্ধান কৰে বুলি শুনা যায়৷ তেনেস্থলত দায়িত্বজ্ঞানহীন কিতাপ ব্যৱসায়ীয়ে তেনে সুবিধা লোৱাৰ বাবে আগবঢ়াতো স্বাভাৱিক কথা৷ কিন্তু ছাত্র–ছাত্রীৰ ভৱিষ্যতৰ কথা জডিত থকা এনে বিষয় এটিত চৰকাৰী হস্তক্ষেপৰ প্রয়োজন খুব জৰুৰী হৈ পৰিছে৷ চৰকাৰী সিদ্ধান্ত থকাৰ পাছতো যিবিলাক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া পঢ়োৱা নহয়, তেনে বিদ্যালয়বোৰকো চৰকাৰে নিয়ন্ত্রণ কৰা সময় আহি উপস্থিত হৈছে৷