নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুঁজি যোগানত হেমাহি কিয়

বিকাশ য’ত সুষম আৰু সমৃদ্ধ, সেই ভূ–খণ্ডত জনসাধাৰণ নতুবা জনসাধাৰণৰ কোনো অংশৰ বাবে ৰাজপথলৈ ওলাই গৈ, হাতত অস্ত্র লৈ আন্দোলন কৰাৰ যুক্তি সীমিত হৈ পৰে৷ জনগণে আন কথাক লৈ ব্যস্ত থকাৰ সুবিধা লাভ কৰে৷ সর্বশেষত ইয়ে সভ্যতাকে লাভান্বিত কৰে৷ কিন্তু বিকাশ যেতিয়া মূল সমস্যা হৈ পৰে, মানুহক ই বিভিন্ন ধৰণে বিপর্যস্ত কৰি তোলে৷ সেই দুৰৱস্থাই জনসাধাৰণক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰে৷ কোনো কোনোৱে হাতত অস্ত্র তুলি লয়৷ আনহাতে, অস্ত্রই সভ্যতা আৰু সমাজৰ বাবে নতুন বিপদ কঢ়িয়াই আনে৷ বিকাশৰ বাবে অতি প্রয়োজনীয় আহিলাবিধ হৈছে পুঁজি৷ কেতিয়াবা পুঁজিৰ সমবিতৰণ নোহোৱা হেতুও কোনো কোনো অঞ্চল বিকাশৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ ৰয়৷ তেনে অনুন্নত আৰু বঞ্চিত অঞ্চলৰ বিকাশৰ বাবে চৰকাৰে সুকীয়াকৈ পেকেজৰ দিহা কৰে৷ অৱশ্যে অসমত আন্দোলন–সংগ্রাম অবিহনে জনসাধাৰণৰ অংশবিশেষে তেনেদৰে চৰকাৰী পেকেজ লাভ কৰাৰ নজিৰ নাই বুলিয়েই ক’ব পাৰি৷ বিটিচি, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ ইয়াৰ জ্বলন্ত ডদাহৰণ৷ তিনিওখন স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে জনসাধাৰণৰ কঠোৰ সংগ্রামৰ মাজেৰে৷ সংগ্রামৰ পিছত চুক্তি হৈছে৷ চুক্তিত চৰকাৰৰ তৰফৰ পৰা বিকাশৰ অর্থে পুঁজি যোগানৰ প্রতিশ্রুতি দিয়া হৈছে৷ কিন্তু যদি প্রাপ্য ধনখিনি মোকলাই দিয়াত কৃপণালি কৰা হয়? ই কেৱল প্রতিশ্রুতি ভংগৰ জগৰেই নহয়, এটা আন্দোলন আৰু সেই আন্দোলনৰ জৰিয়তে বিকাশৰ মধুৰ স্বপ্ণ ৰচা জনসাধাৰণৰ আৱেগ–নুভূতিৰ সৈতেও নির্দয়ভাৱে খেলা হয়৷ শেহতীয়াকৈ ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙে সদনত দাঙি ধৰা তথ্যই এই নির্মম বাস্তৱকেই প্রতিফলিত কৰিছে৷ লক্ষণীয় কথাটো হ’ল, এই কামটো কেৱল এটা নির্দিষ্ট দল বা মর্চা চৰকাৰে কৰা নাই, বিগত সময়ছোৱাত কেন্দ্রত শাসনাধিষ্ঠিত প্রতিখন চৰকাৰে একেটা নীতিকেই অনুসৰণ কৰি আহিছে৷ যেন চুক্তি স্বাক্ষৰেই মূল কথা৷ জনসাধাৰণৰ আশা–আকাংক্ষা বুলি একো কথা নাই৷ অসমৰ জনসাধাৰণ মাত্রকেই সকলোৱে এটা কথা ভালদৰে জানে যে এইখন ৰাজ্যই কেন্দ্রৰ পৰা বিকাশৰ অর্থে যি পৰিমাণত সুবিধা আৰু আন্তৰিকতা লাভ কৰিব লাগিছিল, আজিকোপতি তাৰে আধা অংশও লাভ কৰিব পৰা নাই৷ যাৰ বাবে বিকাশ আজিও ৰাজ্যবাসীৰ বাবে মাথোঁ স্বপ্ণ হৈ থাকিল৷ সম্পদেৰে সমৃদ্ধিশালী দেশখনৰ আন আন ৰাজ্যই ডন্নতিৰ জখলা বগাই গৈ থাকিল, অসমৰ জনসাধাৰণে প্রগতিৰ আকুলতাৰে আন্দোলন কৰি থাকিবলগীয়া হৈ থাকিল৷ আৰু সামান্য পৰিমাণত যি বিকাশ ঘটিল, তাৰো পৰিধিয়ে সমগ্র ৰাজ্যখন স্পর্শ কৰিব নোৱাৰিলে৷ পুঁজি বিতৰণ তথা সম্পদ গঠনৰ ক্ষেত্রত বৈষম্যই ঠাই অধিকাৰ কৰি ল’লে৷ দিছপুৰৰ বিৰুদ্ধে অংশবিশেষে জনসাধাৰণৰ ক্ষোভো ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিলে৷ নেতৃত্ব যদি ডদাৰ হ’লহেঁতেন, বিকাশ যদি সুষম হ’লহেঁতেন, পাহাৰীয়া জিলাকেইখনত ক্ষোভৰ জুইকুৰা জ্বলি ডঠিলহেঁতেননে? বি টি এ ডি অঞ্চলত এটাৰ পিছত এটাকৈ ৰক্তাক্ত আৰু অহিংস আন্দোলন গঢ় লৈ নুঠিলহেঁতেন ৷

একেদৰে ৰাভা হাছং, তিৱাকে ধৰি অন্যান্য জনজাতি–জনগোষ্ঠীয় লোকে স্বাধিকাৰ, আত্মপৰিচয় ৰক্ষাৰ তাগিদাত আন্দোলন কৰিবলগীয়াও নহ’লহেঁতেন বুলি ক’ব পাৰি৷ বিকাশৰ প্রাপ্য অধিকাৰ লাভৰ তাগিদাতেই সংবিধানৰ ষষ্ঠ অনুসূচী আৰু সংশোধিত ষষ্ঠ অনুসূচীৰ অধীনত ৰাজ্যখনত তিনিখনকৈ স্বায়ত্তশাসিত পৰিষদ গঠন হয়৷ চৰকাৰে আন্দোলনকাৰী পক্ষৰ সৈতে চুক্তি কৰি সংশ্লিষ্ট অঞ্চলৰ বঞ্চিত জনসাধাৰণৰ বিকাশৰ অর্থে সাংবিধানিকভাৱে স্বায়ত্তশাসনৰ ক্ষমতা দিয়াৰ লগতে বিশেষ পেকেজৰ জৰিয়তে পুঁজি যোগানৰ প্রতিশ্রুতি দিলে৷ কিন্তু বাস্তৱত কি হ’ল? পেকেজৰ ধনৰ বাবে আজিও পৰিষদকেইখনে হামৰাও কাঢ়ি থাকিবলগীয়া হৈছে৷ ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙে যোৱা তিনি মার্চত সংসদত ঘোষণা কৰা অনুসৰি ২০০৩ চনৰ ১০ ফেব্রুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তি আৰু পৰৱর্তী সময়ত কেন্দ্রীয় চৰকাৰে প্রতিশ্রুতি দিয়া অনুসৰি, বি টি চিয়ে কেন্দ্রীয় চৰকাৰৰ পৰা পেকেজৰ বিপৰীতে মুঠ ৭৫০ কোটি টকা পাব লাগে৷ কিন্তু ২০১৯–২০ বিত্তীয় বর্ষলৈকে পৰিষদে তাৰে ৩৮.৮১ কোটি টকা অদ্যাপি পাবলগীয়া হৈ আছে৷ অনুৰূপ ধৰণে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে কেন্দ্রৰ পৰা বুজন পৰিমাণৰ পেকেজৰ ধন লাভ কৰিবলৈ বাকী আছে৷ ২০১১ চনৰ ২৫ নৱেম্বৰত সম্পাদিত কার্বি চুক্তি অনুসৰি কেন্দ্রীয় চৰকাৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদক বছৰি ৭০ কোটি টকাকৈ মুঠ ৩৫০ কোটি টকা পেকেজ হিচাপে আদায় দিয়াত প্রতিশ্রুতিবদ্ধ হৈছিল৷ এই ধনৰাশি ২০১৬ চনৰ ভিতৰতে আদায় দিয়াৰ কথা আছিল৷ কিন্তু চলিত বিত্তীয় বর্ষলৈকে পৰিষদে মাথোঁ ৯৫.১৭ কোটি টকাহে পাবলৈ সক্ষম হ’ল৷ অর্থাৎ অনাদায় ধনৰাশিৰ পৰিমাণ ২৫৪.২৯ কোটি টকা৷ আনহাতে, ২০১২ চনৰ ৮ অক্টোবৰত স্বাক্ষৰিত ডিমা হাছাও চুক্তি অনুসৰি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে বছৰি ৪০ কোটি টকাকৈ পাঁচ বছৰত মুঠ দুশ কোটি টকা পাব লাগে৷ কিন্তু এতিয়ালৈকে পৰিষদে মাথোঁ ৭৩.৮০ কোটি টকাহে লাভ কৰিছে৷ লক্ষণীয় কথাটো হ’ল, চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ২০১৪–১৫ বর্ষলৈকে পৰিষদে কেন্দ্রৰ পৰা সেই পেকেজৰ বিপৰীতে এটকাও পোৱা নাছিল৷ একেই অৱস্থা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ৷ পৰিষদে চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ২০১৪ চনলৈকে তিনি বছৰত বছৰি ৭০ কোটি টকাৰ বিপৰীতে সর্বমুঠ ১.৭২ কোটি টকাহে লাভ কৰে৷ পুঁজি যোগানৰ ক্ষেত্রত যদি চৰকাৰৰ এয়াই নীতি হয়, জনসাধাৰণে বিকাশৰ অধিকাৰ লাভ কৰিব কিদৰে? এই তিনিওখন পৰিষদৰ লগতে ৰাভা হাছঙকে ধৰি আন পৰিষদকেইখনৰো একেই দুর্গতি৷ প্রাপ্য পুঁজি কোনেও নাপায়৷ যিখিনি পায়, তাকো সময়মতে নাপায়৷ পুঁজি যোগানৰ ক্ষেত্রত যদি পূর্বতে আদায় দিয়া ধন ব্যৱহাৰৰ প্রমাণ–পত্রৰ আৱশ্যক, নতুবা আন কোনো বিধি–ব্যৱস্থাৰ প্রয়োজন, সেইখিনিৰ বাবে চৰকাৰে প্রয়োজনীয় ব্যৱস্থা লওক৷ কিন্তু জনসাধাৰণক প্রগতিৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাটো কোনোপধ্যে বাস্তৱসন্মত নীতি হ’ব নোৱাৰে৷ ই একপ্রকাৰ অপৰাধেই ৷

You might also like