নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনাঞ্চলত বেদখল

গছ থাকিলেহে মানুহ থাকিব ৷ –এই শ্লোগানেৰে চৰকাৰৰ লগতে বিভিন্ন প্রকৃতি–পৰিৱেশপ্রেম্ সংগঠনে জনসাধাৰণৰ মাজত বছৰৰ পিছত বছৰ ধৰি সজাগতা অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে ইয়াৰ নামত ব্যয় হৈছে ৰাজকোষৰ বৃহৎ পৰিমাণৰ পুঁজি৷ পিছে এনে সজাগতা অভিযান তথা চৰকাৰী ধনৰ খৰচ সার্থক হৈছেনে? বাস্তৱ পৰিস্থিতিলৈ চাই সচেতন প্রতিজন লোকে এই প্রশ্ণটোৰ বিপৰীতে দিয়া উত্তৰ হ’ব নেতিবাচক৷ আজিৰ তাৰিখতো ৰাজ্যখনত ব্যাপক হাৰত অব্যাহত আছে বন ধ্বংস৷ চোৰাং কাঠ ব্যৱসায়ী চক্রই বনাঞ্চলসমূহৰ মূল্যৱান গছ–গছনি কাটি তহিলং কৰা বাতৰিয়ে নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– যিটো বিভাগে বনাঞ্চলৰ সুৰক্ষা আৰু বৃক্ষৰোপণৰ হকে সজগতা সৃষ্টিৰ নামত ৰাজকোষৰ বিপুল অর্থৰাশি ব্যয় কৰি আহিছে, সেই বিয়াগোম বিভাগটোৰে একাংশ দুর্নীতিগ্রস্ত তথা কমিছনলোভী বিষয়া–কর্মচাৰীৰ বনদস্যুৰ সৈতে মিতিৰালি থকাৰ অভিযোগ আছে৷ বাৰম্বাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো এনে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে ঊর্ধ্বতন কর্তৃপক্ষই ব্যৱস্থা গ্রহণৰ ঘটনা আঙুলিৰ মূৰত লেখিব পৰা৷ বন ধ্বংসৰ সমান্তৰালভাৱে ব্যাপক হাৰত বেদখলৰ কবলতো পৰিছে অসমৰ বনাঞ্চলসমূহ৷ পৰিণতিত ক্রমশঃ সংকুচিত হৈ আহিছে ৰাজ্যখনৰ বনভূমি৷ অসমত পাঁচখন ৰাষ্ট্রীয় উদ্যান, ১৮খন অভয়াৰণ্য আৰু ৩১২খন সংৰক্ষিত বনাঞ্চল আছে৷ ৰাষ্ট্রীয় উদ্যানকেইখনৰ মুঠ মাটিকালি ১,৯৭৭.৭৯০ বর্গকিলোমিটাৰ হোৱাৰ বিপৰীতে অভয়াৰণ্যকেইখনৰ এই পৰিমাণ হ’ল ১,৮৪০.১৩০ বর্গকিলোমিটাৰ৷ সেইদৰে সংৰক্ষিত বনাঞ্চলসমূহৰ সর্বমুঠ মাটিকালি হৈছে ১৩,৫৯০.২৬৭ বর্গকিলোমিটাৰ৷ কিন্তু বন বিভাগৰ অতি শেহতীয়া উদ্বেগজনক তথ্যটো হ’ল ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলকেইখনৰ উক্ত মাটিকালিৰ ভিতৰত ৩,৭৮০.১১০২ বর্গকিলোমিটাৰেই সম্প্রতি বেদখলকাৰীৰ কবলত পৰিছে৷ মানস, ডিব্রু–ছৈখোৱা আৰু নামেৰি ৰাষ্ট্রীয় উদ্যানৰ ৪১.৪৭ বর্গকিলোমিটাৰ ভূমিত খুঁটি পুতি বহিছে বেদখলকাৰীয়ে৷ একেদৰে সোণাই–ৰূপাই, আমচাং, লাওখোৱা, বুঢ়াচাপৰিকে ধৰি অভয়াৰণ্যকেইখনৰ বেদখল হোৱা মাটিৰ পৰিমাণ হ’ল ৯৭.২৯ বর্গকিলোমিটাৰ৷ ৩১২খন সংৰক্ষিত বনাঞ্চলৰ ৩,৬৪১.৪৫০২ বর্গকিলোমিটাৰ মাটি সম্প্রতি বেদখলকাৰীৰ কবলত৷
চোৰাং কাঠ ব্যৱসায়ী চক্রৰ লগতে এই বেদখলকাৰীসকলৰ দ্বাৰাও যে ৰাজ্যৰ বনাঞ্চলসমূহৰ বন ধ্বংস কার্য চলি আছে সেই কথা অতি সহজে অনুমেয়৷ এইটো কথা নিশ্চিত যে এদিন বা এটা মাহৰ ভিতৰতে অসমৰ বনাঞ্চলৰ উক্ত বৃহৎ পৰিমাণৰ ভূমিত বেদখল সম্ভৱ হোৱা নাই৷ বেদখল হোৱাৰ সময়তে নিশ্চয় বন বিষয়া, চৰকাৰী প্রশাসন যন্ত্রই এই অবৈধ কার্যৰ খবৰ লাভ কৰিছিল৷ তেতিয়াই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰা হ’লে হয়তো বনাঞ্চলসমূহ মুক্ত হৈ থকাৰ লগতে বিষয়টোৱে জটিল ৰূপ ধাৰণ নকৰিলেহেঁতেন৷ তদুপৰি সংবাদ মাধ্যমত প্রকাশ পাই আহিছে যে বেদখলকাৰীসকলৰ বহুতেই সন্দেহজনক লোক৷ মূলতঃ এই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই বেদখল উচ্ছেদৰ বাবে ক্ষিপ্র তথা কার্যকৰী পদক্ষেপ গ্রহণৰ আৱশ্যকতা আছে৷ পিছে বন বিভাগটোৰ তেনে মানসিকতাৰ প্রতিফলন ঘটা পৰিলক্ষিত হোৱা নাই৷ বিভাগটোৰ তৰফৰ পৰা কেৱল কৈ অহা হৈছে যে বিভিন্ন বনাঞ্চলত থকা বেদখলসমূহ মুক্ত কৰিবলৈ জিলা প্রশাসনৰ সহযোগত উচ্ছেদ অভিযান চলাই অহা হৈছে৷ তদুপৰি সময়ে সময়ে বেদখলকাৰীক বনাঞ্চলৰ অবৈধ দখল এৰিবলৈ জাননী জাৰি কৰা হৈছে৷ বনাঞ্চলত থকা বেদখল মুক্ত ৰাখিবলৈ জৰীপকে ধৰি যাৱতীয় কার্যৰ বাবে প্রয়োজনীয় পুঁজি আবণ্টনৰ কর্ম–আঁচনি প্রস্তুত কৰি থকা হৈছে৷ এতিয়া প্রশ্ণ হৈছে– সময়ে সময়ে উচ্ছেদ অভিযান চলালেই, বেদখলকাৰীলৈ জাননী জাৰি কৰিলেই, জৰীপকে ধৰি যাৱতীয় কার্যৰ বাবে পুঁজি আবণ্টনৰ কর্ম–আঁচনি প্রস্তুত কৰি থাকিলেই বনাঞ্চলসমূহ বেদখলমুক্ত হ’ব নেকি? এই প্রসংগতে আন এক গুৰুত্বপূর্ণ বিষয় হ’ল– চুবুৰীয়া ৰাজ্যৰ আগ্রাসন৷ সীমা বিবাদৰ গইনা লৈ নাগালেণ্ড আৰু অৰুণাচল প্রদেশে অসমৰ বহু পৰিয়ালৰ বনভূমি নিজৰ দখললৈ নিছে৷ শেহতীয়া এক অভিযোগ অনুসৰি চৰাইদেউ জিলাৰ অন্তর্গত ৬,৭৩২.৬৬ হেক্টৰ মাটিকালিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ প্রায় ৩,০০০ হেক্টৰ ভূমি নগাই দখল কৰি লৈছে৷ নগা চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চলখনৰ মূল্যৱান গছ–গছনি কাটি চালান দি আহিছে নাগালেণ্ডলৈ৷ যোৱা ২৯ নৱেম্বৰত বনাঞ্চলখনত এক অপ্রীতিকৰ ঘটনাও সংঘটিত হয়৷ অভিযানকাৰী অসম আৰক্ষীলৈ লক্ষ্য কৰি সেইদিনা গুলীবর্ষণ কৰিছিল নগা দুর্বৃত্তই৷ এনে ঘটনা যে এয়াই প্রথম হৈছে, তেনে নহয়৷ পূর্বেও একাধিকবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে৷ সেয়ে বিষয়টোক চৰকাৰে গুৰুত্বসহকাৰে গ্রহণ কৰাটো দৰকাৰ৷ নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰে অসমৰ সীমা বিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়ত ১৯৮৯ চনৰে পৰা বিচাৰাধীন হৈ আছে৷ এই গোচৰৰ যাতে শীঘ্রে নিষ্পত্তি হয়, তাৰ বাবে অসম চৰকাৰ অধিক সক্রিয় হ’ব লাগে৷ মুঠৰ ওপৰত অসমৰ বনাঞ্চল বেদখলমুক্ত কৰাৰ ক্ষেত্রত বন বিভাগ তথা ৰাজ্য চৰকাৰ দায়বদ্ধ হোৱা উচিত৷ তেতিয়াহে ‘গছ থাকিলেহে মানুহ থাকিব’ শীর্ষক শ্লোগানেৰে সজাগতা সৃষ্টিৰ প্রয়াস সার্থক হ’ব ৷

You might also like