নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদকালত শিক্ষার্থীক সকাহ

ক’ভিড–১৯ক লৈ চলি থকা বিশ্বজুৰি বিভীষিকাৰ বাবে তিনি মাহে বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহৰ দুৱাৰ৷ ক’ভিড–১৯ক লৈ উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকললৈ দেওবাৰে সুখবৰ কঢ়িয়াই আনিছে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয়ত শিক্ষা গ্রহণ কৰা ছাত্র–ছাত্রীসকলৰ বাবে নামভর্তি এইবাৰ বিনামূলীয়া হ’ব বুলি শিক্ষামন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে৷ পূর্বতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্র–ছাত্রীসকলৰ নামভর্তি বিনামূলীয়া আছিল যদিও এইবাৰ ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো শিক্ষানুষ্ঠানৰ সকলোৰে বাবে নামভর্তি বিনামূলীয়া কৰা হৈছে৷ আনকি উচ্চ শিক্ষা গ্রহণ কৰা ছাত্র–ছাত্রীসকলক পাঠ্যপুথি ক্রয়ৰ বাবে এহেজাৰ টকা আৰু হোষ্টেলত থকা ছাত্র–ছাত্রীসকলক মাহিলি এহেজাৰ টকাকৈ প্রদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে৷ শিক্ষামন্ত্রী ড০ শর্মাৰ এই ঘোষণাই ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলৰ লগতে অভিভাৱকসকলকো আনন্দিত কৰি তুলিছে৷ ক’ভিড–১৯ৰ বিভীষিকাৰ বাবে সর্বশ্রেণীৰ লোক ক্ষতিগ্রস্ত হৈছে৷ এনে দুর্যোগপূর্ণ পৰিস্থিতিত ছাত্র–ছাত্রী তথা অভিভাৱকসকলক সকাহ দিয়াৰ বাবে শিক্ষামন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপ নিশ্চিতভাৱে আদৰণীয়৷ কিন্তু শিক্ষামন্ত্রী ড০ শর্মাই গ্রহণ কৰা এনে পদক্ষেপত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহকো অন্তর্ভুক্ত কৰিলে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকল অধিক উপকৃত হ’ব৷ দেশে স্বাধীনতা লাভ কৰাৰ সাতটাকৈ দশক অতিক্রম কৰাৰ পাছতো অসমত প্রয়োজনীয় উচ্চ শিক্ষাৰ প্রতিষ্ঠান গঢ়ি উঠা নাই৷ ফলত বছৰি হাজাৰ হাজাৰ ছাত্র–ছাত্রী শিক্ষা গ্রহণৰ বাবে বহিঃৰাজ্যলৈ যাব লগা হৈছে৷ উচ্চ শিক্ষা গ্রহণৰ বাবে অসমত চৰকাৰী খণ্ডৰ প্রয়োজনীয়সংখ্যক মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয় নাই৷ বিগত দুই দশকত ইয়াৰ সুযোগ লৈছে একাংশ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে৷ যোৱা শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২.২১ লাখ ছাত্র–ছাত্রী উত্তীর্ণ হৈছে৷ চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ২,৩৬,৮০৯গৰাকী ছাত্র–ছাত্রী অৱতীর্ণ হৈছে৷ অহা ২৫ জুনত ফলাফল ঘোষণা কৰা হ’ব৷ ইয়াৰ লগে লগে মহাবিদ্যালয়সমূহত্ আসন বিচাৰি ছাত্র–ছাত্রীসকলৰ মাজত হাহাকাৰ লাগিব৷ বহুসংখ্যক ছাত্র–ছাত্রীয়ে উপায়হীন হৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভর্তি কৰিবলৈ বাধ্য হ’ব৷ এনে পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্র–ছাত্রীসকলক নামভর্তিৰ ক্ষেত্রত কিছু পৰিমাণে হ’লেও সকাহ দিয়াৰ বিষয়টো শিক্ষামন্ত্রী ড০ শর্মাই বিবেচনা কৰা উচিত৷

ক’ভিড–১৯ৰ মহামাৰীৰ বাবে অসমৰ ছাত্র–ছাত্রীসকলেও সীমাহীন সমস্যাৰ সন্মুখীন হৈছে৷ শিক্ষানুষ্ঠানসমূহৰ পাঠদান প্রক্রিয়া সম্পূর্ণ বন্ধ হৈছে৷ ৰাজ্যখনৰ বিদ্যালয়সমূহৰ দুৱাৰ কেতিয়া খোল খাব, সেয়া এতিয়াও অনিশ্চিত হৈ আছে৷ এনে দুর্যোগপূর্ণ মুহূর্তত ছাত্র–ছাত্রীসকলৰ ভৱিষ্যতক লৈ প্রতিগৰাকী অভিভাৱক চিন্তিত হৈছে৷ চাৰি দশক পূর্বে বিদেশী বহিষ্কৰণৰ দাবীত চলা অসম আন্দোলনৰ সময়ত অসমৰ ছাত্র–ছাত্রীসকলে হেৰুৱাব লগা হৈছিল এটি মূল্যৱান শিক্ষাবর্ষ৷ ছবছৰীয়া অসম আন্দোলনৰ লেখীয়া ৰাজ্যখনৰ ছাত্র–ছাত্রীয়ে যাতে ক’ভিড–১৯ মহামাৰীৰ বাবে আকৌ এটি শিক্ষাবর্ষ হেৰুৱাব লগা নহয়, সেয়া সকলোৱে কামনা কৰিছে৷ কিন্তু ছাত্র–ছাত্রীসকলে চলিত শিক্ষাবর্ষত যি ক্ষতিৰ সন্মুখীন হ’ব, সেয়া পূৰণ কৰাটো সহজসাধ্য নহ’ব৷ কিয়নো দিন বাগৰাৰ লগে লগে ক’ভিড–১৯ৰ সংক্রমণ ভয়াৱহ হৈ উঠিছে৷ সমগ্র দেশৰ লগতে অসমতো নিতৌ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা৷ এনে সময়তে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্রমে খোলাৰ বাবে পদক্ষেপ গ্রহণ কৰা হ’ব বুলি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্যক্ত কৰিছে৷ কিন্তু ক’ৰোনাৰ বিভীষিকাৰ শাম নকটাকৈ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰাটো কোনো পৰিস্থিতিতে সম্ভৱ নহ’ব৷ এনে পৰিস্থিতিত কোনো অভিভাৱকে ছাত্র–ছাত্রীক বিদ্যালয়লৈ পঠিয়াবলৈ সাহস নকৰিব৷ ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলে যাতে তেওঁলোকৰ মূল্যৱান শিক্ষাবর্ষ হেৰুৱাব লগা নহয়, তাৰ বাবে বহুসংখ্যক শিক্ষানুষ্ঠানে অনলাইন পাঠদান আৰম্ভ কৰিছে৷ ৰাজ্যৰ শিক্ষা বিভাগেও এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ কিন্তু অনলাইন পাঠদানৰ জৰিয়তে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলক উপযুক্ত শিক্ষা প্রদান কৰাটো যে সম্ভৱ নহয়, সেয়া স্পষ্ট হৈছে৷ বিশেষকৈ অনলাইন পাঠদানৰ বাবে প্রয়োজনীয় ম’বাইল ফোন ৰাজ্যখনৰ অধিকাংশ ছাত্র–ছাত্রীৰ বাবে সুলভ নহয়৷ বহু অঞ্চলত ম’বাইল ফোনৰ নেটৱর্ক নাথাকে৷ ফলত অনলাইন পাঠদানৰ জৰিয়তে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলে উপযুক্ত শিক্ষা লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷

ক’ৰোনাৰ বিভীষিকা শাম কাটিলেও ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ অধিক সময়ৰ প্রয়োজন হ’ব৷ কিয়নো বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰখা হৈছে একাংশ শিক্ষানুষ্ঠানৰ কোৱাৰেণ্টাইন কেন্দ্রত৷ ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলৰ পাঠদান নিশ্চিত কৰিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহৰ পৰা কোৱাৰেণ্টাইন কেন্দ্রসমূহ যথাসম্ভৱ সোনকালে উঠাই নিয়াটো প্রয়োজন৷ কিন্তু সম্প্রতি ৰাজ্যখনত যিদৰে ক’ভিড–১৯ত সংক্রমণৰ সংখ্যা বৃদ্ধি হৈছে, সেই অনুপাতে নতুনকৈ কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰাটো ৰাজ্য চৰকাৰখনৰ বাবে এক প্রত্যাহ্বান হৈছে৷ কিয়নো বাৰিষাৰ লগে লগে ৰাজ্যখনৰ খেলপথাৰকে ধৰি মুকলি স্থানসমূহ প্লাৱিত হৈছে৷ মাহৰ পাছত মাহ ধৰি কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰিব পৰা অৱস্থা খেলপথাৰসমূহত নাই৷ কিন্তু এনে প্রত্যাহ্বান সত্ত্বেও ছাত্র–ছাত্রীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ দায়িত্ব চৰকাৰখনে গ্রহণ কৰিব লাগিব৷

You might also like