বিপিএফৰ ভৱিষ্যৎ
বি টি আৰ গঠনৰ পথ প্রশস্ত হোৱাৰ পিছৰে পৰা অর্থাৎ তৃতীয়খন বডো শান্তি চুক্তি স্বাক্ষৰৰ পিছৰে পৰা বি টি এ ডিৰ ৰাজনৈতিক ক্ষেত্রখনলৈ পৰিৱর্তনৰ নতুন জোৱাৰ ডঠা পৰিলক্ষিত হৈছে৷ পৰিষদীয় অঞ্চললৈ নতুন ৰাজনৈতিক সমীকৰণৰ আগমন ঘটিছে৷ ৰাজনৈতিক দলৰ মাজত পুৰণি মিত্রক এৰি নতুন মিত্র দলৰ সন্ধান আৰম্ভ হৈছে৷ কোনোৱে কামফেৰা প্রকাশ্যে কৰিছে, কোনোৱে গোপনে অভিযান চলাই আছে৷ ইয়াৰ মাজতে বি পি এফে কেডগৰাকী কার্যবাহী সদস্যৰ প্রার্থিত্ব ঘোষণা কৰি নির্বাচনলৈ যে দলটো সম্পূর্ণৰূপে সাজু, সেই বার্তা প্রেৰণ কৰিবলৈ চেষ্টা চলাইছে৷ অৱশ্যে ইয়াৰ আঁৰত অনেকে হাগ্রামা মহিলাৰীৰ অসহায় অৱস্থা এটাহে দেখিবলৈ পাইছে৷ দলীয় খহনীয়া ৰোধ কৰাৰ ডদ্দেশ্যে বিটিচিপ্রধান মহিলাৰীয়ে আগতীয়াকৈ প্রার্থী তালিকা ঘোষণা কৰা বুলি পৰিষদৰ প্রধান বিৰোধী দল ইড পি পি এলে ইতিমধ্যে ৰাজহুৱাকৈ সমালোচনা কৰিছে৷ বিটিচিৰ সমাগত সাধাৰণ নির্বাচনক লৈ এই মুহূর্তলৈকে সবাতোকৈ চর্চিত বিষয়টো হৈছে বি পি এফৰ ৰাজনৈতিক মৃত্যু ঘটিব নেকি? পৰিষদখনক জন্মলগ্ণৰে পৰা শাসন কৰি থকা বি পি এফক লৈ ডত্থাপিত এই প্রশ্ণৰ একেবাৰে ভিত্তি নাই বুলিও ক’ব নোৱাৰি৷ বি এ চি গঠন হোৱাৰ পিছৰে পৰা পৰিষদীয় অঞ্চলটোত কেইবাটাও শক্তিশালী ৰাজনৈতিক দল গঠন হৈছিল৷ কিন্তু সময়ৰ বিচাৰত আৰু সঘনে সলনি হৈ থকা বডো ৰাজনৈতিক প্রেক্ষাপটে এটাৰ পিছত এটাকৈ তেনে দলক অপ্রাসংগিক তথা অস্তিত্বহীন কৰি তোলে৷ বিশেষকৈ পি ডি এফৰ দৰে শক্তিশালী দল এটা যেতিয়া মাথোঁ কেইবছৰমানৰ ভিতৰতে অস্তিত্বহীন হ’ব পাৰে, বি পি এফৰ ভৱিষ্যতক লৈও একো কথা নিশ্চিতকৈ ক’ব নোৱাৰি৷ অৱশ্যে পূর্বৰ ৰাজনৈতিক দলৰ তুলনাত বি পি এফৰ নেতৃত্ব যথেষ্ট পৰিপক্ব৷ দলটো সাংগঠনিক আৰু বিত্তীয় দিশৰ পৰাও অতি শক্তিশালী৷
কিন্তু বি টি এ ডি অঞ্চলত বডো জনগোষ্ঠীৰ অকুণ্ঠ সমর্থন অবিহনে বডো জাতীয়তাবাদী ৰাজনৈতিক শক্তি দীর্ঘদিন তিষ্ঠি থকাৰ নজিৰ নাই৷ কম সময়ৰ ভিতৰতে ৰাজনৈতিক প্রেক্ষাপট সলনি হয়৷ এইবাৰ পৰিষদীয় নির্বাচনত ইড পি পি এলৰ নেতৃত্বই নতুন ডদ্যমেৰে অৱতীর্ণ হ’ব৷ বডো শান্তি চুক্তিত স্বাক্ষৰ কৰা কেডটা শক্তি এই ৰাজনৈতিক দলটোৰ পতাকাৰ তলত নির্বাচনত অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বে অনুষ্ঠিত নির্বাচনত এবছুৰ প্রত্যক্ষ সহযোগ সত্ত্বেও দলটোৱে আশানুৰূপ সাফল্য লাভ কৰা নাছিল৷ লোকসভা, বিধানসভা, পৰিষদীয় সাধাৰণ নির্বাচন কোনো এটাতে ইড পি পি এলৰ সাফল্য চকুত পৰা বিধৰ নাছিল৷ কিন্তু বি টি আৰে দলটোক নতুন শক্তি দান কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ বিশেষকৈ বডোভাষী ভোটাৰৰ সিংহভাগে বি পি এফক প্রত্যাখ্যান কৰাৰ সম্ভাৱনা প্রবল৷ কিন্তু এবছু, এন ডি এফ বিকে ধৰি বি পি এফবিৰোধী শিবিৰতো সমস্যা আৰু সংকট নথকা নহয়৷ তাতো সমপর্যায়ৰ নেতা কেইবাগৰাকীও আছে৷ তেওঁলোকৰ নিজ নিজ অনুগামীৰ সংখ্যাও ডলাই কৰিব পৰা বিধৰ নহয়৷ ইয়ে সময়ত সংঘাতৰ ৰূপ পৰিগ্রহ কৰিব পাৰে৷ ইফালে, অজনজাতীয় ভোটাৰৰ সমর্থনৰ বিষয়টো বি টি এ ডিৰ সাধাৰণ নির্বাচনত সদায়েই গুৰুত্বপূর্ণৰূপে বিবেচিত হৈ আহিছে৷ এবছুৰ পক্ষত থকা দলসমূহে অজনজাতীয় ভোটাৰৰ সমর্থন বৰ বিশেষ পোৱাৰ সম্ভাৱনা নাই৷ বি পি এফে সাংগঠিনক শক্তিৰ জৰিয়তে কিছু ভোট আদায় কৰিবলৈ সক্ষম হ’লেও আচল খেলখন থাকিব সাংসদ হীৰা শৰণীয়াৰ হাতত৷ তেওঁ যদি অজনজাতীয় কার্ডখন সফলতাৰে খেলিব পাৰে, বি টি এ ডিৰ সমাগত নির্বাচনটোৱে চমক কঢ়িয়াই আনিব পাৰে৷ অন্ততঃ অজনজাতীয় জনপ্রতিনিধিৰ সমর্থন অবিহনে পৰিষদখন দখল কৰাটো কাৰো বাবে সম্ভৱ হৈ নুঠিব পাৰে৷ যিয়েই নহওক, সমাগত নির্বাচনটো বি পি এফ তথা দলটোৰ নেতা হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূর্ণ৷ প্রদর্শন দুর্বল হ’লে কোকৰাঝাৰ, দিছপুৰ সকলোতে গুৰুত্ব হেৰুৱাব৷