নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ১০ পৰিষদীয় সমষ্টিত নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বিজেপি

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ বিপিএফৰ সৈতে মিত্রতা থাকিলে ব্যাপক সাংগঠনিক তৎপৰতাৰে বিজেপিয়ে আগন্তুক বিটিচি নির্বাচনৰ কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে৷ এপ্রিলত হ’বলগীয়া বিটিচি নির্বাচনৰ দিন চমু চাপি অহাত অঞ্চলটোৰ বিভিন্ন ঠাইত সাংগঠনিক সভা পাতি বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ বিশেষকৈ ওদালগুৰি জিলাত দলটোৰ এনে তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে৷

কালি ভেৰগাঁৱত অনুষ্ঠিত বিজেপিৰ এখন সাংগঠনিক সভাত অংশ লৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিতে দলীয় প্রার্থী থিয় কৰাব বুলিও ঘোষণা কৰে৷ বিজেপিৰ ভেৰগাঁও মণ্ডলৰ সভাপতি উদিত খুংগুৰ বড়োৰ সভাপতিত্বত ভেৰগাঁৱৰ পুৰণি বজাৰৰ বাকৰিত অনুষ্ঠিত সাংগঠনিক সভাখনত দলৰ কার্যকর্তাসকলক নির্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনাই তেওঁ কয় যে বিজেপিৰ বিটিচি দখলৰ সপোন বাস্তৱায়িত কৰিব লাগিব তৃণমূল পর্যায়ৰ কর্মীসকলেই৷ নতুনকৈ সম্পাদিত বিটিআৰ চুক্তিৰ বাবে অবড়ো ৰাইজে ভয় খাবলগীয়া একো নাই বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে৷ ভেৰগাঁও মণ্ডলৰ উদ্যোগত অনুষ্ঠিত সভাখনত বিজেপিৰ ৰাজ্যিক পর্যবেক্ষক জয়ন্ত কুমাৰ দাস, ওদালগুৰি জিলা সমিতিৰ সভাপতি কার্তিক চন্দ্র বড়ো, সম্পাদক অজয় হাজৰিকা, ৰবিৰাম বড়ো, সর্বেশ্বৰ বড়ো, ৰঞ্জন অধিকাৰী প্রমুখ্যে ভেৰগাঁও পৰিষদীয় সমষ্টি আৰু ওদালগুৰি জিলাৰ সহস্রাধিক দলীয় নেতা–কর্মীয়ে অংশ লয়৷ জয়ন্ত কুমাৰ দাসে বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা সভা ৰাষ্ট্রীয় সংগীতেৰে সামৰণি পৰে৷ উল্লেখ্য যে সভাত কংগ্রেছী পার্বতী কুর্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

You might also like