বড়ো ৰাজনীতি
নেচনেল ডেম’ক্রেটিক অৱ বড়োলেণ্ড (এনডিএফবি), এবছু আৰু ইউনাইটেড বড়ো পিপলছ অর্গেনাইজেচন (ইউবিপি’)ৰ সৈতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যোৱা ২৭ জানুৱাৰীত ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ব্যাপক উছাহ পৰিলক্ষিত হৈছে বিটিএডিত৷ ত্রিপাক্ষিক চুক্তিত এনডিএফবিৰ চাৰিওটা গোটে স্বাক্ষৰ কৰাৰ ফলত বিটিএডিৰ অন্তর্গত চাৰিখন জিলা আৰু নিকটৱর্তী অঞ্চলসমূহত দীর্ঘদিন ধৰি চলি থকা হিংসা–হত্যাৰ বিভীষিকা স্তিমিত হ’ব বুলি আশা কৰিছে সর্বসাধাৰণ ৰাইজে৷ এখন পৃথক বড়োভূমিৰ দাবীত নিখিল বড়ো ছাত্র সন্থা (এবছু)কে ধৰি কেইবাটাও বড়ো দল–সংগঠনে দীর্ঘদিন ধৰি আন্দোলন কৰি আহিছে৷ স্বাধীন বড়োলেণ্ডৰ দাবীত এনডিএফবিয়ে তিনি দশকৰো অধিক সশস্ত্র সংগ্রামৰ নামত হত্যা, অপহৰণ, লুণ্ঠন চলাই আহিছে৷ বড়োভূমিত শান্তিৰ বাতাৱৰণ ঘূৰাই অনাৰ বাবে এনডিএফবিৰ চাৰিওটা গোট, এবছু আৰু ইউবিপি’ক লৈ ত্রিপাক্ষিক চুক্তি সম্পাদন কৰাটো নিশ্চিতভাৱে কেন্দ্রীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ বাবেই নহয়, অসমবাসীৰ বাবেও এক আশাৰ বতৰা৷ নতুন চুক্তি অনুসৰি বিটিএডিক নতুনকৈ গঢ়ি তোলা হ’ব বিটিআৰ ৰূপে৷ ২০০৩ চনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন প্রাক্তন বিএলটিৰ সৈতে ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিল৷ উক্ত চুক্তি অনুসৰি বিটিএডি গঠন হৈছিল৷ বিগত ১৬ বছৰে বিটিএডিৰ ক্ষমতাত আছে বিটিচি চুক্তি স্বাক্ষৰকাৰী হাগ্রামা মহিলাৰী৷ সংবিধান সংশোধন কৰি ষষ্ঠ অনুসূচীৰ অধীনত বিটিএডি গঠনৰ পূর্বে ১৯৯৩ চনত এবছুৰ সৈতে ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিল৷ প্রাক্তন সাংসদ এছ কে বিছমুতিয়াৰীৰ নেতৃত্বত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ আৰু হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচি চলি থকাৰ সময়তে তৃতীয়বাৰৰ বাবে স্বাক্ষৰিত চুক্তি অনুসৰি বিটিআৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ আৰু বিটিচিৰ তুলনাত প্রস্তাৱিত বিটিআৰক অধিক ক্ষমতা প্রদান কৰা হৈছে বুলি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগতে বড়ো নেতাসকলেও দাবী কৰিছে৷ কিন্তু বড়োভূমিৰ স্থায়ী শান্তি আৰু প্রগতিৰ বিকাশৰ বাট মুকলি কৰাৰ ক্ষেত্রত প্রস্তাৱিত বিটিআৰ চুক্তি সফল হ’বনে?
বিটিএডিত শান্তি আৰু বিকাশ নিশ্চিত কৰিবলৈ হ’লে বড়ো নেতৃত্ব ঐক্যবদ্ধ হ’ব লাগিব৷ চলিত বর্ষৰ ভিতৰতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচিৰ কার্যকাল শেষ হ’ব৷ অহা বছৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধানসভা নির্বাচন৷ বিটিএডিৰ নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে তৎপৰতা আৰম্ভ হৈছে৷ কিন্তু নির্বাচনৰ পূর্বে বড়ো নেতৃত্ব ঐক্যবদ্ধ হ’বনে? হাগ্রামা মহিলাৰীয়ে এবছুকে ধৰি বড়ো নেতাসকলক ঐক্যবদ্ধ কৰাৰ বাবে চেষ্টা চলাই আছে যদিও এইক্ষেত্রত বড়ো নেতাসকলে মুকলিকৈ সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই৷ ২০০৩ চনৰ ১০ ফেব্রুৱাৰীত বিটিচি চুক্তি স্বাক্ষৰৰ সময়ছোৱাত হাগ্রামা মহিলাৰীক সংগ দিছিল এবছুৰ নেতৃত্বই৷ বিটিচি চুক্তিৰ পাছত জন্মলাভ কৰা বিপিএফ দল গঠনৰ ক্ষেত্রতো এবছুকে ধৰি বড়ো আন্দোলনকাৰী নেতাসকলে অগ্রণী ভূমিকা লৈছিল৷ কিন্তু বিটিএডিৰ ক্ষমতা লাভ কৰাৰ দুবছৰৰ ভিতৰতে বড়ো নেতাসকলৰ মাজত সৃষ্টি হোৱা ক্ষমতাকেন্দ্রিক বিবাদৰ বাবে দলটো দুভাগত বিভক্ত হৈছিল৷ বিগত ১৫ বছৰে বিটিএডিৰ ক্ষমতা অক্ষুণ্ণ ৰাখিলেও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ স’তে এবছুৰ সংঘাত বৃদ্ধিহে পাইছে৷ বড়ো জনগোষ্ঠীৰ মাজত এবছুৰ বিশেষ প্রভাৱ আছে৷ কিন্তু এবছুক একাষৰীয়া কৰিয়েই হাগ্রামা মহিলাৰীয়ে ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱাটো বড়ো ৰাজনীতিৰ এক অন্যতম দিশ বুলিয়েই অভিহিত কৰিব পাৰি৷ কিন্তু এবছুক আঁতৰত ৰাখি বিটিএডিৰ ক্ষমতা আকৌ লাভ কৰা যে অধিক কষ্টকৰ হ’ব, সেয়া হাগ্রামা মহিলাৰীয়ে উপলব্ধি কৰিছে৷ ২০০৫ চনত প্রথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ সময়ছোৱাত বিটিএডিৰ ৪০খন আসনৰ ভিতৰত ৩৩খন আসন লাভ কৰিছিল মহিলাৰী নেতৃত্বাধীন দলটোৱে৷ ২০১০ চনত দলটোৰ আসনৰ সংখ্যা ৩১খনলৈ আৰু ২০১৫ চনৰ নির্বাচনত আসনৰ সংখ্যা ২০খনলৈ হ্রাস পাইছে৷ ২০১৫ চনৰ পৰিষদীয় নির্বাচনত এবছুৰ নেতৃত্বত নতুন ৰাজনৈতিক গোটে যুঁজত নামি ১৩খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু আগন্তুক পৰিষদীয় নির্বাচনৰ পূর্বে বড়ো ৰাজনীতিত বিভিন্ন দলসমূহ ঐক্যবদ্ধ হোৱাৰ কোনো লক্ষণ দেখা নাই৷ চুক্তি স্বাক্ষৰকাৰী এবছুৰ সভাপতি প্রমোদ বড়োৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ এনডিএফবিৰ গোবিন্দ বসুমতাৰী আৰু প্রাক্তন সাংসদ ইউ জি ব্রহ্মই নতুন ৰাজনৈতিক দলৰ পক্ষত থকা বুলিও চর্চা চলিছে৷ অৱশ্যে প্রায় চাৰি দশকজোৰা বড়ো সশস্ত্র সংগ্রামৰ নেতৃত্ব বহন কৰা ৰঞ্জন দৈমাৰী, এনডিএফবিৰ বিভাজিত গোটৰ সভাপতি বি চাওৰাইগৌৰা, জি বিদায়, বি আৰ ফেৰেংগা আদি নেতাই অস্ত্র সম্বৰণৰ পাছত নতুন ৰাজনৈতিক দল গঠন কৰিব নে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক সমর্থন দিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ বড়ো ৰাজনৈতিক নেতৃত্ব ঐক্যবদ্ধ নহ’লে প্রস্তাৱিত বিটিআৰে বড়োভূমিত স্থায়ী শান্তি আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰিব নোৱাৰি৷ বড়ো নেতাসকলৰ মাজত ক্ষমতাকেন্দ্রিক দ্বন্দ্ব অব্যাহত থাকিলে অনাগত দিনত বড়োভূমিত আকৌ ক্ষোভ–সন্তুষ্টিৰ উদ্ভৱ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ এইক্ষেত্রত চুক্তিত স্বাক্ষৰকাৰীসকলক ঐক্যবদ্ধ কৰি ৰখাৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰেও গুৰুদায়িত্ব ল’ব লগিব৷