ভুক্তভোগীয়েই নহয় হ’ব পাৰে সম্ভাব্য ভাবুকিও
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ভিড–১৯ৰ ভয়াৱহতাৰ পৰা বিশ্ববাসী যে খুব সোনকালে মুক্ত হোৱাৰ কোনো সম্ভাৱনা নাই সেই কথা এতিয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে৷ সমগ্র বিশ্বক আক্রান্ত কৰা এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ মানুহৰ হাতত মাত্র দুটা উপায়ে আছে– এটা হ’ল নিজৰ ৰোগ প্রতিৰোধ ক্ষমতা আৰু আনটো হ’ল সামাজিক দূৰত্ব ৰক্ষা কৰি জীৱন ধাৰণ অব্যাহত ৰখা৷ কাৰণ ক’ভিড–১৯ৰ কোনো ফলপ্রসূ ঔষধ এই পর্যন্ত আৱিষ্কাৰ হোৱা নাই৷ যিবোৰ ড্রাগ্ছ এই পর্যন্ত গৱেষণাগাৰত পৰীক্ষা–নিৰীক্ষাত আছে তাৰ বেছিভাগেই ক’ৰোনা ভাইৰাছ ধ্বংস কৰাৰ বাবে উপযুক্ত নহয় বুলি প্রমাণিত হৈছে৷ অর্থাৎ এই পর্যন্ত ক’ৰোনা ভাইৰাছৰ ঔষধৰ পৰীক্ষা–নিৰীক্ষা বিফল হৈছে৷
আনহাতে, ক’ৰোনা ভাইৰাছৰ প্রতিষেধক উদ্ভাৱনৰ বাবে কেইবাখনো দেশে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে৷ গৱেষকৰ দলে প্রেৰণ কৰা বার্তাৰ পৰা আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে৷ কিন্তু সমূহীয়া ভেকচিন প্রদান কৰিব পৰাকৈ এই প্রতিষেধক প্রস্তুত কৰাৰ বাবে আজিৰ পৰা অন্তত ডেৰ বছৰৰ প্রয়োজন হ’ব বুলি এই প্রকল্পসমূহৰ সৈতে জড়িত বিশেষজ্ঞসকলেই প্রকাশ কৰিছে৷ অত্যন্ত যদি জৰুৰী বুলি বিবেচিত হয়, তেন্তে কেতবোৰ সতর্কতামূলক ব্যৱস্থাক উপেক্ষা কৰি সম্ভৱত এবছৰৰ ভিতৰত ভেকচিন প্রদানৰ প্রক্রিয়াটো আৰম্ভ কৰিব পৰা যাব৷ কিন্তু তাৰ পিছতো মানৱকুল এই ভয়ংকৰভাৱে সংক্রামক ক্ষমতা আহৰণ কৰা ভাইৰাছবিধৰ পৰা সম্পূর্ণ নিৰাপদ বুলি ভবাটো ভুল হ’ব৷ ইয়াৰ বাবেই মানুহে এতিয়া লকডাউন আৰু সামাজিক দূৰত্বৰ সৈতে সহাৱস্থান কৰিবলৈ মানসিকভাৱে প্রস্তুত হোৱাটো অত্যন্ত প্রয়োজনীয়৷ এই মুহূর্তত আমাৰ ভৱিষ্যৎ অনিশ্চয়তাৰ গর্ভতে আছে৷ এই মহামাৰীৰ পৰা সম্পূর্ণৰূপে মুক্তি পোৱাৰ কোনো আশা দেখিবলৈ পোৱা নাই৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে কম্পিউটাৰ ছাইমুলেছনৰ মডেলিঙৰ জৰিয়তে মহামাৰীয়ে কেনে ধৰণৰ ৰূপ ল’ব পাৰে তাৰ এক ছবি প্রস্তুত কৰিছে৷ তেওঁলোকৰ মতে, ২০২২ চন পর্যন্ত সামাজিক দূৰত্ব অত্যন্ত জৰুৰী হৈ থাকিব৷ অন্যথা ক’ৰোনা ভাইৰাছে পুনৰ ভয়াৱহ ৰূপত সংক্রমিত হৈ তাণ্ডৱ চলাব পাৰে৷ বিশেষকৈ অর্থনৈতিক সংকটৰ পৰা মুক্তি পাবলৈ চৰকাৰসমূহে লকডাউন শিথিল কৰাৰ সিদ্ধান্ত ল’ব অদূৰ ভৱিষ্যতে৷ এই সময়খিনিত যদি সাৱধানতা অৱলম্বন কৰা নহয়, তেন্তে ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ পুনৰ ঘটাৰ সম্ভাৱনা প্রবল৷ গতিকে লকডাউন শিথিল হ’লেও সামাজিক দূৰত্বৰ নিয়ম মানি চলিবই লাগিব৷ এই কথা কোনেও পাহৰি যোৱা উচিত নহয় যে এজন ব্যক্তিয়ে নিজকে কেৱল ক’ৰোনা ভাইৰাছৰ সম্ভাব্য ভুক্তভোগী বুলি ভাবিলেই নহ’ব৷ তেওঁ এই কথাও অনুধাৱন কৰা উচিত যে তেওঁ হ’ব পাৰে ক’ৰোনা ভাইৰাছৰ বাহক হিচাপে এক সম্ভাব্য ভাবুকিও৷
অর্থনৈতিক স্থিতাৱস্থা ঘূৰাই অনাৰ স্বার্থত লকডাউন শিথিল কৰি সামাজিক দূৰত্ব ৰক্ষা কৰাৰ এক পৰিকল্পনাৰ কথা ইতিমধ্যে বিশেষজ্ঞসকলে বিবেচনা কৰি আছে৷ কিন্তু ভাৰতৰ দৰে এখন জনবহুল দেশত ইয়াক প্রযোজ্য কৰাটো সহজ কাম নহ’ব৷ বিশেষকৈ দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰা মানুহৰ সংখ্যাধিক্যই এই কাম কঠিন কৰি তুলিব৷ জীৱন ধাৰণৰ বাবে খাটিখোৱা মানুহে সামাজিক দূৰত্বক উপেক্ষা কৰিবলৈ বাধ্য হৈ পৰিব পাৰে৷ চৰকাৰে এই দিশসমূহ অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰি পৰিকল্পনা প্রস্তুত কৰিব লাগে৷ তদুপৰি দৈনন্দিন জীৱনৰ কাম–কাজ আগুৱাই নিয়াৰ সময়ত সমাজৰ প্রতিটো শ্রেণীৰ লোকৰ বাবেই ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা প্রত্যাহ্বান অব্যাহত থাকিব৷ সেয়া লাগিলে জীৱিকাৰ ক্ষেত্রতেই হওক বা শিক্ষাৰ ক্ষেত্রতেই৷ মানুহে উপলব্ধি কৰা উচিত যে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধখনত জীৱনটোক কোনেও সহজভাৱে ল’ব নোৱাৰে৷