নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিন আৰু সতর্কতা

সমগ্র বিশ্বই সম্প্রতি ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রতিষেধকৰ বাবে প্রতীক্ষা কৰিছে৷ ইতিমধ্যে গৱেষকসকলে ক’ৰোনাৰ ভেকচিনক লৈ আশাৰ বতৰা প্রেৰণ কৰিছে৷ চলিত বর্ষৰ সমাপ্তিৰ পূর্বে নহ’লেও ২০২১ চনৰ আৰম্ভণিতে ঔষধৰ বজাৰত ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব বুলি গৱেষণাৰ সৈতে জড়িত কেইবাটাও প্রতিষ্ঠানে নিশ্চয়তা প্রদান কৰিছে৷ স্বাভাৱিকতে মানুহে এই বিশ্বাসত অপেক্ষাৰত হৈ আছে যে ভেকচিন ওলালেই এই মাৰাত্মক ভাইৰাছৰ পৰা মানৱ জাতি সম্পূর্ণ মুক্ত হ’ব পাৰিব৷ কিন্তু চিকিৎসা বৃত্তিৰ সৈতে জড়িত অভিজ্ঞ লোকে পৰামর্শ আগবঢ়াইছে– ভেকচিননির্ভৰ হোৱাৰ সলনি মানুহে কঠোৰভাৱে সতর্কতামূলক নিয়ম–নীতি পালন কৰি যোৱাটো হ’ব অধিক নিৰাপদ৷ ভাইৰাছৰ আক্রমণৰ পিছত সাধাৰণতে মানুহৰ দেহত এণ্টিব’ডী সৃষ্টি হৈ উক্ত নির্দিষ্ট ভাইৰাছৰ পৰা ৰক্ষাৰ বাবে প্রতিৰোধ ক্ষমতা প্রদান কৰে৷ মাজুআইৰ দৰে ৰোগ এবাৰ হোৱাৰ পিছত এজন ব্যক্তিৰ শৰীৰত এই ৰোগে দেখা নিদিয়ে৷ কাৰণ নির্দিষ্ট ব্যক্তিজনে আজীৱন প্রতিৰোধ ক্ষমতা অর্জন কৰে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ ক্ষেত্রত এয়া পৰিলক্ষিত হোৱা নাই৷ এবাৰ ক’ৰোনাত আক্রান্ত হোৱা লোক নির্দিষ্ট সময়ৰ পিছত পুনৰ এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ একাধিক ঘটনা পোহৰলৈ আহিছে৷ ইতিমধ্যে বিজ্ঞানীসকলে সাৱধান কৰি দিছে যে ক’ৰোনাত আক্রান্ত লোকে সাৱধানতা পৰিত্যাগ কৰাটো বিপজ্জনক৷ কিয়নো ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত শৰীৰত এণ্টিব’ডীৰ সৃষ্টি হ’লেও মানৱ দেহত ইয়াৰ উপস্থিতি দীঘলীয়া নহয়৷ নির্দিষ্ট সময়ৰ পিছত স্বয়ংক্রিয়ভাৱে শৰীৰৰ পৰা এণ্টিব’ডী নোহোৱা হ’বলৈ ধৰে আৰু এনে পৰিস্থিতিত নির্দিষ্ট ব্যক্তিজন পুনৰ ক’ৰোনাত আক্রান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ এতিয়া প্রশ্ণ হৈছে– এইপর্যন্ত যিবিলাক ভেকচিনৰ গৱেষণা চলি আছে আৰু অহা কেইমাহমানৰ ভিতৰত বজাৰত উপলব্ধ হ’ব বুলি আশা কৰা হৈছে, উক্ত ভেকচিনসমূহে কিমান দিনলৈ ক’ৰোনা ভাইৰাছ প্রতিৰোধ ক্ষমতা প্রদান কৰিব? ইয়াৰ সম্পূর্ণ নিশ্চিত উত্তৰ পাবলৈ এতিয়াও কিছুদিন অপেক্ষা কৰিব লাগিব৷ সাধাৰণতে বিজ্ঞানৰ অগ্রগতিৰ ফলত বর্তমানৰ যুগত যিবোৰ ৰোগ প্রতিৰোধৰ বাবে ভেকচিন প্রদান কৰি অহা হৈছে, সেই ভেকচিনসমূহে আশানুৰূপভাৱেই কাম কৰিছে৷ কিন্তু বজাৰত উপলব্ধ হোৱাৰ পূর্বে উক্ত ভেকচিনসমূহৰ ওপৰত দীঘলীয়া গৱেষণা চলোৱাৰ অৱকাশ আছিল৷ ক’ৰোনাৰ ভেকচিনৰ ক্ষেত্রত পৰিস্থিতিটো সুকীয়া৷ কিয়নো এই জৰুৰী পৰিস্থিতিত ভেকচিনৰ গৱেষণাৰ কেতবোৰ নিয়ম শিথিল কৰি দিয়া হৈছে৷ যাতে সম্ভৱপৰ শীঘ্রে ভেকচিন প্রদানৰ গণ অভিযান আৰম্ভ কৰিব পাৰিব৷ মানৱ জাতিৰ হকে উৎসর্গিত বিজ্ঞানীসকলক সম্পূর্ণ আস্থাত লোৱাৰ পিছতো একমাত্র এই কাৰণটোতে বহুতেই গোটেই বিষয়টোক লৈ সম্পূর্ণৰূপে সন্দেহমুক্ত হ’ব পৰা নাই৷
এই মুহূর্তত যিকেইটা ভেকচিনৰ অগ্রগতি অত্যন্ত আশাপ্রদ, তাৰ ভিতৰত অন্যতম হ’ল অক্সফ’ড–এষ্ট্রা জেনেকাৰ দ্বাৰা গৱেষণা চলোৱা ভেকচিন৷ কিন্তু এই ভেকচিনসমূহৰ গৱেষণা দ্রুতগতিত আগবাঢ়িলেও ইয়াৰ কার্যকাৰিতা আৰু নিৰাপদ দিশটো সম্পূর্ণ সন্দেহমুক্ত হোৱা নাই৷ কাৰণ লেবৰেটৰীৰ পৰীক্ষাত চলোৱা ফলাফল কিমান নির্ভৰযোগ্য সেয়া সদায় সন্দেহৰ আৱর্তত থাকিবই৷ এই সন্দেহ দূৰ কৰিবলৈ হ’লে ভেকচিন প্রদানৰ গণ অভিযানৰ ফলাফললৈ অপেক্ষা কৰিবই লাগিব৷ তদুপৰি এইপর্যন্ত যিবোৰ তথ্য প্রকাশ কৰি থকা হৈছে, সেয়া অত্যন্ত আশাপ্রদ হ’লেও পৰীক্ষা–নিৰীক্ষাসমূহ্ কিমান বিস্তৃত পর্যায়ত চলোৱা হৈছে, তাৰ নিশ্চিত তথ্য এতিয়াও উপলব্ধ হোৱা নাই৷ এশ বা এহেজাৰ মানুহৰ শৰীৰত পৰীক্ষা কৰি সফলতা অর্জন কৰিলেই গণ অভিযানৰ সময়ত ভেকচিনৰ কার্যকাৰিতা আৰু নিৰাপত্তাৰ দিশটোক লৈ নতুন ইছ্যু সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তদুপৰি গৱেষণাসমূহৰ পৰা এতিয়াও আন কেতবোৰ গুৰুত্বপূর্ণ বিষয়ত উত্তৰ পাবলৈ বাকী আছে৷ ইয়াৰে এটা হ’ল– সকলো বয়সৰ লোকৰ ক্ষেত্রত এই ভেকচিন সমানেই কার্যকৰী হ’বনে? এইদৰে গুৰুতৰ পার্শ্বক্রিয়াৰ পৰা ভেকচিন লোৱা ব্যক্তি সম্পূর্ণ মুক্ত হ’ব বুলি নিশ্চয়তা প্রদান কৰিব পৰা যাবনে? এইক্ষেত্রত অক্সফ’ড–এষ্ট্রা জেনেকাৰ ভেকচিনক লৈ বিজ্ঞানীসকলে অৱশ্যেই আস্থা ব্যক্ত কৰিছে৷ ইয়াৰ মূল কাৰণ হ’ল– অক্সফ’ড বিশ্ববিদ্যালয়ে অনুৰূপ ভাইৰাছৰ ওপৰত গৱেষণা আৰু ভেকচিন প্রস্তুতৰ ক্ষেত্রত ইতিমধ্যে সফলতা অর্জন কৰিছে৷ দীর্ঘদিন ধৰি মিড্ল ইষ্ট ৰেছপিৰেট’ৰী ছিণ্ড্রম (মার্ছ) আৰু ছিভিয়েৰ একিউট ৰেছপিৰেট’ৰী ছিণ্ড্রম (ছার্ছ)ৰ ওপৰত অক্সফ’র্ডে গৱেষণা চলাই আহিছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ একে পৰিয়ালৰে ভাইৰাছ হ’ল এই দুই ৰোগৰ ভাইৰাছো৷ সেয়ে অক্সফ’ডৰ ভেকচিনক লৈ আগ্রহ বৃদ্ধি পোৱাটো স্বাভাৱিক৷ কিন্তু সেয়ে হ’লেও এই মুহূর্তত সতর্কতা অৱলম্বন কৰাটোৱেই হ’ব আটাইতকৈ নিৰাপদ৷

You might also like