নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নাটক

বিশ্বৰ দ্বিতীয় বৃহত্তম গণতন্ত্ৰ বুলি আস্ফালন কৰি থকা ৰাজনৈতিক দলসমূহৰ বাবে ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰত লজ্জানত হ’বলগীয়া হৈছে । মহাৰাষ্ট্ৰৰ শেহতীয়া ক্ষমতাৰ খঁকৰ যুঁজেই উদঙাই দিছে দেশত গণতান্ত্ৰীক শাসন ব্যৱস্থাৰ নামত আচলতে কি চলি আছে । বিধানসভাৰ নিৰ্বাচনৰ পাছত বিজেপি, শিৱসেনা, এন চি পি আৰু কংগ্ৰেছ নিজৰ নিজৰ অংকত ব্য়স্ত হৈ পৰিল । শিৱসো-বিজেপি নেতৃত্বাধীন এনডিএই ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যদিও ক্ষমতাৰ যুঁজৰ বাবেই এই দল দুটা চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ল । আনকি শাসনত সমান সমান পদত পদবী তথা মুখ্যমন্ত্ৰীৰ পদক লৈ দুয়োটা দল আঁকোৰগোজ স্থিতিত থাকিল । ইয়াৰ পৰিণতিত ৰাজ্যখনত গণতন্ত্ৰৰ নামত সৃষ্টি হ’ল এক হাস্যকৰ নাটক । এন ডি এৰ ফালৰ পৰা কাটি অহা শিৱসেনাই বাৰে বাৰে এটা কথা দোহাৰি থাকিল যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বিচৰা নাই । নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু শিৱসোৰ মাজত ক্ষমতাত ৫০-৫০ যি ফৰ্মূলা তৈয়াৰ হৈছিল তাক ফলাফল ঘোষণাৰ পাছতেই বিজেপিয়ে মানি নোলোৱাৰ অভিযোগ আনিছে শিৱসেনাই । লক্ষণীয়ভাৱে দলেই ফলাফল ঘোষণাৰ এটা পষেক পাছতো মতানৈক্যৰ অৱসান ঘটাবলৈ সক্ষম নহ’ল । ইয়াৰ বিপৰীতে শিৱসেনাৰ নেতৃত্বত চৰকাৰ গঠনৰ কুচকাৱাজ চলিল । কংগ্ৰেছ আৰু এন চি পিৰ সমৰ্থন লৈ শিৱসেনাই চৰকাৰ গঠনৰ প্ৰচেষ্টা চলালে যদিও ৰাজ্যপাল ভগত সিং ক্যোশিৰীয়ে দলটোক চৰকাৰ গঠনৰ ইচ্ছা তথা শক্তি প্ৰদৰ্শন কৰাৰ বাবে অতিৰিক্ত সময় নিদিলে । ইয়াৰ বিপৰীতে এন চি পিক ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় যদিও দলটোৰ বাবে দিয়া সময় উকলি যোৱাৰ ৮ ঘণ্টা পূৰ্বেই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ সিদ্ধান্ত লোৱা হয় । কেন্দ্ৰীয় কেবিনেটে এই ক্ষেত্ৰত লোৱা প্ৰস্তাৱত নাটকীয়ভাৱে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জনায় অনুমোদন । লগে লগে এক অস্থিৰতাৰ দিশলৈ গতি কৰে ৰাজ্যখনৰ ৰাজনীতি ।

ইফালে, ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱতৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসেনাই উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে । কংগ্ৰেছকে ধৰি কেইবাটাও দলে ৰাজ্যপালৰ স্থিতিক লৈ কঠোৰ সমালোচনাও আগবঢ়াইছে । বৰ্তমান ৰাজৈতিক দলসমূহে নিজৰ ক্ষমতাৰ খঁকৰ যুঁজখনক গাপ দিবলৈ পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে বোকা ছটিওৱা খেল । এই খেলে দেশবাসীৰ সন্মুখত উন্মোচন কৰিছে সংসদীয় গণতন্ত্ৰৰ নামত আহি পৰা চূড়ান্ত প্ৰহসনক । সঁচাকৈয়ে যদি নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত ৰাজনৈতিক দলসমূহৰ আস্থা আছে, তেন্তে কিয় জনসাধাৰণে দিয়া ৰায় দলবোৰে মানি ল’বলৈ অস্বীকাৰ কৰে ? নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে এন ডি এই চৰকাৰ গঠনৰ সুবিধা লাব কৰাৰ পাছতো কিয় শিৱসেনা আৰু বিজেপিয়ে ক্ষমতাৰ খঁকৰ বাবেই চৰকাৰ এখন গঠন কৰিবলৈ সক্ষম নহ’ল । মহাৰাষ্ট্ৰৰ এই ছবিখনে দেশৰ গণতন্ত্ৰত আচলতে কি চলি আছে তাকেই প্ৰতিফলিত কৰিছে । এনে ক্ষমতাৰ খঁকৰ বাবেই নিৰ্বাচনী ব্যৱস্থাটোৰ ওপৰত জনসাধাৰণৰ আস্থা হ্ৰাস পাই আহিছে । গৰিষ্ঠসংখ্যক লোকে এতিয়া এই নিৰ্বাচনী ব্যৱস্থাক সন্দেহৰ চকুৰে চাবলৈ লৈছে । মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পাছত জনসাধাৰণে ভাবিছিল যে প্ৰত্যাশিতভাৱেই এন ডি এই চৰকাৰ গঠন কৰিব । বিজেপি আৰু শিৱসেনা দুয়োটাই আদৰ্শগত দিশৰ পৰা একে স্থানত থকা ৰাজনৈতিক দল । হিন্দু ৰাজনৈতিক মতাদৰ্শ দুয়োটা দলৰে পৰিচালনা তত্ত্ব । কিন্তু চৰকাৰ গঠনৰ সময়ত এই ৰাজনৈতিক মতাদৰ্শও তেওঁলোকে জলাঞ্জলি দিলে কেৱল ক্ষমতাৰ খঁকত । পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰত কেনেদৰে সুস্থিৰ অৱস্থা আহি পৰে সেয়া লক্ষণীয় হ’ব । কিন্তু আজিৰ পৰিস্থিতিয়ে এটা কথাকেই প্ৰতিফলিত কৰিছে যে নিৰ্বাচনী ব্যৱস্থাৰ মাজেৰে গণতন্ত্ৰৰ নামত ৰাজনৈতিক দলসমূহে কেৱল ক্ষমতা প্ৰতিষ্ঠাৰ বাবেহে যুঁজ দি আহিছে ।