মূল্যবৃদ্ধি
ক’ভিডসৃষ্ট জটিল পৰিস্থিতিয়ে বিগত প্রায় দুটা বছৰত সমগ্র বিশ্বৰ মানৱ জীৱনত স্বাভাৱিক জীৱনযাত্রাত মোক্ষম আঘাত হানিছে৷ জীৱন–জীৱিকাত মহামাৰীয়ে দুর্ঘোৰ সংকট নমাই অনাৰ ফলত মানৱ জাতিয়ে চকুৰে সৰিয়হৰ ফুল দেখিবলগীয়া হৈছে৷ হাজাৰ হাজাৰজনে কর্মসংস্থাপন হেৰুওৱাৰ সমান্তৰালভাৱে ইতিমধ্যে অনাকাংক্ষিতভাৱে বহুসংখ্যকৰ প্রাণহানি ঘটিছে৷ এই পৰিস্থিতিৰ কেতিয়া উপসম ঘটিব, সেয়া বর্তমানেও অনিশ্চয়তাৰ আৱর্তত সোমাই পৰিছে৷ ইয়াৰ মাজতে বজাৰত খাদ্য–সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দুর্যোগপীড়িত জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে৷ চাউল, দাইলৰ পৰা আলু–পিঁয়াজ, মিঠাতেললৈকে প্রতিবিধ সামগ্রীৰে এতিয়া জুই–ছাই দাম৷ এক কথাত ক’বলৈ গ’লে খাটিখোৱা জনসাধাৰণৰে এতিয়া এসাঁজ নিৰামিষ আহাৰৰ যোগাৰ কৰাটো যেন কঠিন হৈ পৰিছে৷ মাত্র কেইটামান দিনৰ ব্যৱধানতে পাইকাৰী–খুচুৰা বজাৰত প্রতিবিধ সামগ্রীৰে দাম হোৰাহোৰে বৃদ্ধি পাব ধৰিছে৷ খাদ্য–সামগ্রীৰ শেহতীয়াকৈ মূল্যবৃদ্ধিৰ মূল কাৰণ হিচাপে পেট্র’ল–ডিজেলৰ দাম বঢ়াটোকেই বহুতে চিহ্ণিত কৰিছে যদিও বজাৰ ব্যৱস্থাত সংশ্লিষ্ট কর্তৃপক্ষৰ নিয়ন্ত্রণহীনতাও ইয়াৰ অন্যতম কাৰণ৷ অসমত ৰাজ্য চৰকাৰৰ অধীনত খাদ্য আৰু অসামৰিক যোগান বিভাগ এটা আছে৷ কিন্তু বহু সময়ত এই বিভাগটোৰ কাম–কাজক লৈ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে মুনাফা অর্জনৰ স্বার্থত বণিয়া গোষ্ঠীৰে মিতিৰালি কৰি সর্বসাধাৰণ ৰাইজক বিপর্যয়ৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগো দীর্ঘদিনীয়া৷ সেয়েহে এই বিষয়টোক বিভাগটোৰ লগতে চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষই গুৰুত্ব সহকাৰে গ্রহণ কৰা উচিত৷ ইয়াৰ অন্যথা খাটিখোৱা জনসাধাৰণে যে বজাৰৰ মূল্যবৃদ্ধিৰ জুইকুৰাত দগ্ধ হোৱাৰ পৰা পৰিত্রাণ নাপাব, সেই কথা নিশ্চিত৷
ক’ৰোনাকালৰ মাজতে শেহতীয়াকৈ আন্তর্জাতিক মুদ্রানিধি চমুকৈ আই এম এফে যুগুত কৰা এক সমীক্ষা প্রকাশ পাইছে৷ এই সমীক্ষাটোত দাবী কৰা অনুসৰি অনাগত এবছৰত সমগ্র বিশ্বৰ বজাৰত আকাশলংঘী হাৰত খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ঘটিব৷ বিশেষকৈ উন্নয়নশীল ৰাষ্ট্রসমূহৰ বাবে মূল্যবৃদ্ধিৰ বিষয়টো অতি উদ্বেগজনক হৈ পৰিব৷ মন কৰিবলগীয়া যে বিশ্বৰ পাইকাৰী–খুচুৰা বজাৰত ইতিমধ্যে নিয়ন্ত্রণহীনভাৱে খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ঘটিছে৷ উদাহৰণস্বৰূপে ভাৰতৰ খুচুৰা বজাৰত ইতিমধ্যে মূল্যবৃদ্ধিৰ হাৰ ৫.১ শতাংশ অতিক্রম কৰিছে৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে ক’ৰোনাৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউন, কঠোৰ বাধা–নিষেধ আদিৰ বাবেই এইদৰে দেশত মূল্যবৃদ্ধি হোৱা বুলি বিশেষজ্ঞ মহলে মত পোষণ কৰি আহিছে৷ অৱশ্যে আই এম এফে এই বিষয়টো পোনছাটে নস্যাৎ কৰিছে৷ আই এম এফৰ মতে লকডাউন বা কঠোৰ বাধা–নিষেধে খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিত অৰিহণা যোগালেও ইয়াৰ অন্যতম মূল কাৰণ নহয়৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যদিহে আই এম এফে সমীক্ষাটোত দাবী কৰা ধৰণে আকাশলংঘী হাৰত খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ঘটে, তেনেহ’লে ইয়াৰ বাবে অভাৱনীয়ভাৱে সমগ্র বিশ্বতে দৰিদ্র লোকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে৷ যিটো আন এক উদ্বেগজনক বিষয়৷ সেয়েহে চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই বজাৰ ব্যৱস্থাক নিয়ন্ত্রণত ৰাখি খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কার্যকৰী পদক্ষেপ গ্রহণ কৰা উচিত৷