নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত ৰাজনীতিৰ নতুন মোৰ

নাগালেণ্ডৰ ৰাজনীতিয়ে শেহতীয়াকৈ এটা ঐতিহাসিক ঘটনাৰ সাক্ষী হৈছে৷ ৰাজ্যখনত শীঘ্রেই বিৰোধী দলবিহীন অর্থাৎ সর্বদলীয় চৰকাৰ এখন গঠন হ’ব৷ ইয়াৰ বাবে শাসক আৰু বিৰোধী পক্ষত থকা সকলো ৰাজনৈতিক দল, নির্দলীয় বিধায়ক ইতিমধ্যে একেটা ছাতিৰ তলত সমৱেত হৈছে৷ তেওঁলোকে মিলি ইউনাইটেড ডেম’ক্রেটিক এলায়েঞ্চ (ইউ ডি এ) নামৰ এটা মর্চা গঠন কৰিছে৷ তেওঁলোক এতিয়া ব্যস্ত নতুন চৰকাৰ গঠনৰ ৰূপৰেখা তৈয়াৰত৷ ভাৰতীয় ৰাজনীতিত এনেধৰণৰ ঘটনা পাবলৈ টান৷ ইয়াৰ পূর্বে ভাৰতবর্ষত বিৰোধীবিহীন চৰকাৰ এবাৰেই গঠন হৈছিল৷ সেয়াও নাগালেণ্ডতে৷ তেতিয়া অর্থাৎ ২০১৫ চনত নাগালেণ্ডত টি আৰ জেলিয়াং চৰকাৰৰ নেতৃত্বত আছিল৷ বিধানসভাত বিৰোধীক অস্তিত্বহীন কৰি কংগ্রেছৰ আঠজন বিধায়ক শাসকীয় মর্চাত চামিল হৈছিল৷ কিন্তু এইবাৰ কথাবোৰ অলপ সুকীয়া৷ ৰাজনৈতিক দিশৰ পৰাও ই অতি গুৰুত্বপূর্ণ৷ নতুন মর্চাত শাসক দলৰ অংশীদাৰ বিজেপিৰ বিধায়কসকলো চামিল হৈছে৷ এইটো তাৎপর্যপূর্ণ৷ কিয়নো উত্তৰ–পূবত বিজেপিৰ নেতৃত্বত ‘নেডা’ নামৰ মঞ্চ এখন আছেই৷
ক্ষমতা অবিহনে ৰাজনীতি কঠিন৷ সকলো ৰাজনৈতিক দলে ক্ষমতা বিচাৰে৷ তাৰ বাবে ৰাজনৈতিক দলসমূহে কিমান তললৈ নামিব পাৰে, সেয়া ভাৰতবর্ষৰ জনগণে দেখিয়েই থাকে৷ ইয়াত তেতিয়ালৈকে ক্ষমতাৰ ভাগ–বাটোৱাৰাৰ প্রশ্ণ নুঠে, যেতিয়ালৈকে ক্ষমতা হেৰুওৱাৰ উপক্রম নঘটে বা ক্ষমতা লাভৰ বাটত অসুবিধাই আহি হেঙাৰৰ সৃষ্টি কৰি নথয়৷ জম্মু–কাশ্মীৰত তেনে মিত্রজোঁট গঠন হৈছিল৷ নীতি আৰু আদর্শৰ ক্ষেত্রত তেল আৰু পানীৰ দৰে দুটা ৰাজনৈতিক দলে মিলি চৰকাৰ গঠন কৰিছিল৷ সেয়া আছিল নিত্যান্তই ক্ষমতাৰ স্বার্থত৷ নহ’লে মেহবুবা মুফটি বা বিজেপি কোনোৱে শ্রীনগৰত ক্ষমতাৰ ভাগ–বাটোৱাৰা কৰিবলৈ আগবাঢ়ি নাহিলহেঁতেন৷ আন আন ৰাজ্যতো এনে উদাহৰণ পোৱা যায়৷ মূল কথাটো হ’ল, কোনো বিশেষ পৰিস্থিতিৰ সৃষ্টি নহ’লে বা পৰিস্থিতিয়ে বাধ্য নকৰিলে কোনেও কাকো কাষলৈ চপাই আনি ক্ষমতাৰ অংশীদাৰ কৰি নলয়৷ নাগালেণ্ডত নেইফি’ ৰি’ চৰকাৰখনলৈ কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি হোৱা নাছিল৷ বিজেপিৰ ১২গৰাকী আৰু দুগৰাকী নির্দলীয় বিধায়কৰ সমর্থনত চৰকাৰখন বিপদত নপৰাকৈয়ে চলি আছিল৷ নিকট ভৱিষ্যততো চৰকাৰখনলৈ কোনোধৰণৰ ভাবুকিৰ সৃষ্টি হোৱাৰ ইংগিত নাই৷ এনে অৱস্থাত কোনো বিশেষ তাগিদাই আহি জোৰ নিদিলে বিৰোধী পক্ষৰ পৰা বিধায়কক আনি কিয়নো শাসনৰ অংশীদাৰ কৰি ল’ব? তদুপৰি ৰাজনৈতিক দলকেইটা এখন মঞ্চত উপৱিষ্ট হৈছে৷ বিলুপ্তি ঘটা নাই৷ ইয়াৰ সৰল অর্থটো হ’ল, তেওঁলোকৰ সন্মুখত অনাগত দিনৰ ৰাজনীতি পৰি আছে৷ তেন্তে কিহৰ তাগিদাত পৰি নাগালেণ্ডত এখন বিৰোধীবিহীন চৰকাৰ গঠনৰ কৰিবলৈ শাসক–বিৰোধী সকলো উঠিপৰি লাগিছে?
নাগালেণ্ডত সুদীর্ঘকাল ধৰি বিদ্রোহী সংগঠনৰ সৈতে কেন্দ্রীয় চৰকাৰৰ শান্তি আলোচনাৰ প্রক্রিয়া এটা চলি আছে৷ তাত নতুন নতুন বিদ্রোহী সংগঠন আহি চামিল হৈ আছে৷ তদুপৰি, এন এছ চি এন (আই এম)ৰ মাজত ফ্রেম ৱর্কো স্বাক্ষৰিত হৈছে৷ কিন্তু আজিলৈকে শান্তি আলোচনাই কাংক্ষিত লক্ষ্যত উপনীত হ’ব পৰা নাই৷ ইয়াৰ মাজতে প্রায় ২১ মাহে আনুষ্ঠানিক আলোচনাও অনুষ্ঠিত হোৱা নাই৷ এনএছচিএন (আই এম)ৰ নেতৃত্বই নিজকে আনুষ্ঠানিক আলোচনা প্রক্রিয়াৰ পৰা আঁতৰাই ৰাখিছে৷ অৱশ্যে অনানুষ্ঠানিক বৈঠক চলিছিল৷ বিদ্রোহী সংগঠনটোৱে মধ্যস্থতাকাৰী আৰ এন ৰবিৰ ভূমিকাত ক্ষুণ্ণ হৈ আৰু দুটা মূল বিষয়ত চৰকাৰী স্থিতিৰ বিৰোধিতা কৰি আলোচনালৈ পিঠি দি আহিছে৷ দুয়োপক্ষৰ সুদীর্ঘকালৰ আলোচনা সফল হোৱা নাই মূলতঃ দুটা কাৰণত৷ বিদ্রোহী সংগঠন এনএছচিএন (আই এম) দুটা দাবীক লৈ আপোচ কৰিব নিবিচাৰে আৰু কেন্দ্রই দাবী দুটা মানি ল’ব নোৱাৰে৷ দাবী দুটা হৈছে– নাগালেণ্ডৰ বাবে সুকীয়া সংবিধান আৰু সুকীয়া পতাকা৷ দাবী দুটা মানি লোৱা মানে নাগালেণ্ডক প্রকাৰান্তৰে স্বাধীনতা প্রদান কৰা৷ লগতে নাগালিমৰ প্রশ্ণটো আছেই৷ অসম, অৰুণাচল আৰু মণিপুৰৰ বুকু ফালি এনএছচিএনক গ্রেটাৰ নাগালিম দিয়াটো কোনো এখন কেন্দ্রীয় চৰকাৰৰ বাবে সম্ভৱপৰ নহয়৷ ইয়ে উত্তৰ–পূবত নতুন সংকটৰ সৃষ্টি কৰিব৷ গতিকে এনএছচিএন (আইএম) তথা আলোচনাৰ মেজলৈ অহা আন আন বিদ্রোহী সংগঠনক সৈমান কৰিবলৈ এখন ৰাজনৈতিক মঞ্চৰ দৰকাৰ৷ একেদৰে বিদ্রোহী সংগঠনসমূহকো কেন্দ্রীয় চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰিবলৈ ৰাজনৈতিক মঞ্চ এখনৰ দৰকাৰ৷ অর্থাৎ তাগিদাটো শান্তি আলোচনাৰ ভেটিত সৃষ্টি হোৱা৷ ইয়াৰ আঁৰত কেন্দ্রীয় চৰকাৰ আৰু বিদ্রোহী গোট দুয়োপক্ষৰ আগ্রহ জডিত হৈ আছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কেইমাহমান পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাগালেণ্ডৰ মুখ্যমন্ত্রী ৰি’ আৰু বিৰোধী পক্ষৰ নেতা টি আৰ জেলিয়াঙৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি নাগালেণ্ডৰ সকলো ৰাজনৈতিক দলক ঐক্যবদ্ধ হৈ কাম কৰিবলৈ অনুৰোধ জনাইছিল৷ তেওঁ লগতে কৈছিল যে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী প্রত্যাহাৰৰ বাবে এনএছচিএন (আই এম)ৰ নেতৃত্বক সৈমান কৰিবলৈ ৰাজনৈতিক নেতৃত্বই চেষ্টা কৰিব লাগে৷ তেওঁ মুখ্যমন্ত্রী ৰি’ক বিশেষভাৱে অনুৰোধটো জনাইছিল৷ তদুপৰি, দীর্ঘদিন ধৰি আলোচনা প্রক্রিয়া গতিহীন হৈ থকাত বিদ্রোহী সংগঠনকো ৰাজনৈতিক শক্তি এটাৰ আৱশ্যক হৈ পৰে৷ তাৰে পাছৰে পৰা নাগালেণ্ডত বিৰোধীবিহীন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হয়৷ ১৯ জুলাইত প্রথমে বিৰোধী ৰাজনৈতিক দল এনপিএফে চর্তহীনভাৱে ক’হিমাত এখন সর্বদলীয় চৰকাৰ গঠনৰ বাবে বিধানসভাত আনুষ্ঠানিকভাৱে প্রস্তাৱ দিয়ে৷ প্রস্তাৱটোত নগা সমস্যাৰ শীঘ্রে সমাধানৰ বাবে সংগঠিত হৈ কাম কৰাত জোৰ দিয়া হৈছিল৷ এনডিপিপিয়ে ইয়াক স্বাগতম জনোৱাৰ বিপৰীতে বিজেপিয়ে প্রস্তাৱটোৰ বিৰোধিতা কৰে৷ পাছত মুখ্যমন্ত্রী ৰি’ই বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰে আলোচনা কৰি সর্বদলীয় চৰকাৰৰ সপক্ষে সকলোকে সৈমান কৰোৱায়৷
ক’হিমাত এখন সর্বদলীয় চৰকাৰ গঠন হোৱাৰ লগে লগে নগা শান্তি আলোচনা প্রক্রিয়াই দুটা নতুন দিশ লাভ কৰিব৷ প্রায় দুবছৰে বন্ধ হৈ থকা আনুষ্ঠানিক আলোচনাই গতি লাভ কৰিব৷ কেন্দ্রীয় চৰকাৰে আৰ এন ৰবিক তামিলনাডুলৈ ৰাজ্যপালৰূপে প্রেৰণ কৰি আৰু শীর্ষ চোৰাংচোৱা এ কে মিশ্রক নতুন মধ্যস্থতাকাৰীৰূপে নিয়োগ কৰি এই দিশত ইতিমধ্যে যোগাত্মক পদক্ষেপ লৈছে৷ ২০ ছেপ্ঢেম্বৰত দুয়োপক্ষৰ মাজত আলোচনাও অনুষ্ঠিত হৈছে৷ নতুন ৰাজ্য চৰকাৰখনে ইয়াৰ গতিৰুদ্ধ নোহোৱাত প্রেছাৰ গ্রুপ হিচাপে কাম কৰিব৷ লগতে আলোচনা প্রক্রিয়াত এটা নতুন পক্ষ হিচাপে ইউ ডি এ চামিল হ’ব পাৰে৷ মিত্রজোঁটটোত কেইবাটাও ৰাজনৈতিক দল অংশীদাৰ হৈ আছে৷ প্রত্যেকৰে নিজা নিজা ৰাজনৈতিক এজেণ্ডা আছে৷ অনাগত দিনৰ ৰাজনীতিত নিজকে প্রাসংগিক আৰু প্রভাৱশালী কৰি ৰাখিবলৈ নতুন মঞ্চখনে শান্তি আলোচনা প্রক্রিয়াক নিশ্চিতভাৱে ব্যৱহাৰ কৰিব৷ কিন্তু সুকীয়া পতাকা আৰু সংবিধানৰ দাবীৰ পৰা এখোজো আঁতৰি আহিব নিবিচৰা এন এছ চি এ (আই এম)ৰ নেতৃত্বক দাবী দুটাৰ ক্ষেত্রত আপোচ কৰিবলৈ সৈমান কৰোৱাটো ইউ ডি এৰ বাবে সহজসাধ্য নহ’ব৷ ইয়াত সফল নহ’লে ইউ ডি এফো দীর্ঘদিন তিষ্ঠি থাকিব পাৰিব বুলি ক’ব নোৱাৰি৷
ফলাফল বা আঁৰৰ শক্তি অথবা তাগিদা যিয়েই নহওক, নাগালেণ্ডত সর্বদলীয় চৰকাৰ এখনৰ প্রস্তুতি যথার্থতে এটা বিৰল ৰাজনৈতিক ব্যতিক্রম৷ শাসক–বিৰোধী সকলোৱে মিলি এখন ৰাজনৈতিক মঞ্চত উপৱিষ্ট হৈছে৷ ইয়ে নগা শান্তি আলোচনাৰ স্থবিৰপ্রায় হৈ পৰা প্রক্রিয়াটোক পুনৰ গতি দিব৷ মীমাংসাত উপনীত হোৱাত সহায় কৰিবও পাৰে৷ কিন্তু এটা কথাও ঠিক যে নাগালিম, নগা পতাকা, নগা সংবিধান এই দাবীকেইটাত বিদ্রোহী সংগঠনে আপোচ নকৰিলে নহ’লে শান্তি আলোচনাৰ শীঘ্রেই ফলাফল নোলায়৷ এইক্ষেত্রত নৱগঠিত ইউ ডি এৰ ভূমিকালৈ সকলোৰে নজৰ থাকিব৷ অসম, অৰুণাচল আৰু মণিপুৰতো ২৪ ঘণ্টাই সজাগ–সতর্ক হৈ থাকিব৷

You might also like