নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালালাবাদত ইছলামিক ষ্টেটৰ বোমাবর্ষণত নিহত ৩৫ তালিবান

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ দুটা দশক ধৰি যুদ্ধ–সংঘর্ষই সাধাৰণ জনতাৰ জীৱন বিষময় কৰি তোলা আফগানিস্তানত তালিবান পুনৰ ক্ষমতালৈ অহাৰ লগে লগে পৰিস্থিতি অধিক অশান্ত হৈ পৰিছে৷ এই অশান্ত আফগানিস্তানত তালিবানে পুনৰ মধ্যযুগীয় অন্ধকাৰ যুগৰ প্রতিষ্ঠা কৰিবলৈ আগবাঢ়ি যোৱাৰ সময়তে দেশখনত এইবাৰ কট্টৰ ইছলামপন্থী তালিবানৰ শত্রু শক্তি হিচাপে থিয় দিছে ইছলামিক ষ্টেটে৷ তালিবান আৰু ইছলামিক ষ্টেট দুয়োটাই চুন্নী ইছলামপন্থী গোট৷ অতি কট্টৰ ইছলামপন্থী গোট দুটাৰ মাজত আছে বিভিন্ন বিষয়ক লৈ পার্থক্য৷ ধর্ম আৰু কৌশলগত কাৰণত আজি ইছলামিক ষ্টেটৰ শত্রু হিচাপে চিহ্ণিত হৈ পৰিছে তালিবান৷ তালিবানক ইতিমধ্যে ইছলাম ভ্রষ্ট বুলি আখ্যা দি আফগানিস্তানত ইছলামিক ষ্টেট (খ’ৰছান)–এ আৰম্ভ কৰিছে নতুন জেহাদ৷ এই জেহাদৰ অংশ হিচাপে সঘনে তালিবানক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে ইছলামিল ষ্টেটে৷

শেহতীয়াকৈ দেশখনৰ পূব প্রান্তৰ চহৰ জালালাবাদত ইছলামিক ষ্টেটৰ এলানি বোমা আক্রমণত নিহত হৈছে ৩৫টাতকৈ অধিক তালিবান জেহাদী৷ ইছলামিক ষ্টেটৰ আমাক নিউজ এজেন্সীয়ে টেলিগ্রাম চেনেলক জনোৱা অনুসৰি জালালাবাদত কালি তিনিটা পৃথক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰা হয়৷ এই তিনিওটা বিস্ফোৰণ তালিবানৰ বাহনলৈ লক্ষ্য কৰি ঘটোৱা হয় বুলি ইছলামিক ষ্টেটে সদৰী কৰিছে৷ এই তিনিওটা বিস্ফোৰণত তালিবান জেহাদীবোৰ নিহত হৈছে৷ লক্ষণীয়ভাৱে জালালাবাদত ইছলামিক ষ্টেটে ইতিমধ্যে সাংগঠনিক ভেটি সবল কৰি তুলিছে৷ চহৰখন এতিয়া ইছলামিক জেহাদীৰ বিৰুদ্ধে জেহাদীৰ নতুন ৰণাংগন হিচাপে চিহ্ণিত হৈছে৷

তালিবানে এই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই যদিও নানগৰহাৰ প্রদেশৰ ৰাজধানী জালালাবাদত কেইবাটাও বোমা বিস্ফোৰণ ইছলামিক ষ্টেটে সংঘটিত কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ ইফালে প্রত্যক্ষদর্শীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি বিস্ফোৰণত আহত তালিবান যোদ্ধাক তাৎক্ষণিকভাৱে সমীপৱর্তী হাস্পতালত ভর্তি কৰোৱা হৈছে৷ উল্লেখনীয় যে কাবুল অভিমুখে যাত্রা কৰিব লোৱা তালিবানৰ বাহনত এই বিস্ফোৰণ সংঘটিত কৰা বুলি দাবী কৰিছে প্রত্যক্ষদর্শীয়ে৷ এই বিস্ফোৰণৰ পাছতে এতিয়া জালালাবাদত ইছলামিক ষ্টেটৰ বিৰুদ্ধে তালিবান প্রশাসনে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা বুলিও ঘোষণা কৰিছে কেইবাটাও স্থানীয় নিউজ প’র্টেলে৷

You might also like