নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ দামামা

ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশত আমেৰিকাৰ বায়ুসেনা বাহিনীয়ে যোৱা শুকুৰবাৰৰ পুৱতিনিশা ইৰাকৰ বাগদাদ আন্তর্জাতিক বিমানবন্দৰত চলোৱা ড্র’ন আক্রমণত ইৰানৰ ইছলামিক ৰিভ’লিউচনেৰী গার্ড ক্র’পছৰ মেজৰ জেনেৰেল তথা ইয়াৰ অতি গুৰুত্বপূর্ণ শাখা ‘কাড্ছ ফ’চ’ৰ মুৰব্বী কাছেম ছোলেইমানি নিহত হোৱাক কেন্দ্র কৰি সম্প্রতি মধ্যপ্রাচ্যত যুদ্ধৰ দামামা বাজিছে৷ আমেৰিকা আৰু ইৰানৰ মাজত দীর্ঘদিন ধৰি অব্যাহত আছে সংঘাত৷ ইৰানৰ পৰা তেল আমদানিত আমেৰিকাই নিষেধাজ্ঞা বলৱৎ কৰা, ইৰাকৰ ৰাজধানী বাগদাদস্থিত মার্কিন দূতাবাসত ইৰানৰ আক্রমণ, ইৰাকত সংঘটিত ৰকেট আক্রমণত আমেৰিকাৰ এজন নাগৰিক নিহত আৰু আন চাৰিজন গুৰুতৰভাৱে আহত হোৱা আদি শেহতীয়া ঘটনাৱলীয়ে দুয়োখন দেশৰ সংঘাতপূর্ণ সম্পর্কক অধিক তিক্ততাময় কৰি তুলিছিল৷ মেজৰ জেনেৰেল ছোলেইমানিৰ ওপৰত প্রাণঘাতী আক্রমণ চলোৱাৰ কথা ইতিমধ্যে নিশ্চিত কৰিছে মার্কিন ৰাষ্ট্রপতি ট্রাম্প আৰু পেণ্টাগনে৷ দিল্লী–লণ্ডনত সংঘটিত আক্রমণৰ ঘটনাত মেজৰ জেনেৰেল ছোলেইমানিৰ পৃষ্ঠপোষকতা থকাৰ দাবী কৰি মার্কিন ৰাষ্ট্রপতি ট্রাম্পে সংবাদ মাধ্যমৰ আগত কৈছে যে বহু নিষ্পাপ মানুহৰ মৃত্যুৰ কাৰণে দায়ী কাছেম ছোলেইমানি৷ আমেৰিকাই যি কৰিছে, সেয়া বহু পূর্বেই কৰিব লাগিছিল৷ তেতিয়া হয়তো আৰু বহুতৰে জীৱন ৰক্ষা পৰিলেহেঁতেন৷ ইয়াৰ বিপৰীতে আমেৰিকাক কঠোৰ সকীয়নি দিছে ইৰানে৷ দেশখনৰ ৰাষ্ট্রপতি হাছান ৰোহানীয়ে মেজৰ জেনেৰেল ছোলেইমানিৰ ওপৰত চলোৱা আক্রমণক ‘জঘন্য অপৰাধ’ আখ্যা দিয়াৰ বিপৰীতে আমেৰিকাই ইয়াৰ ফল ভুগিব লাগিব বুলি মন্তব্য কৰিছে বৈদেশিক মন্ত্রী জাভাদ জাৰিফে৷ সমগ্র বিষয়টোক লৈ ৱাশ্বিংটন আৰু তেহৰানৰ মাজত তীব্র উত্তেজনা বিৰাজ কৰাৰ মাজতে বাগদাদত বৃদ্ধি কৰা হৈছে মার্কিন সৈন্যৰ সংখ্যা৷ তদুপৰি ৰাষ্ট্রপতি ট্রাম্পে আমেৰিকাৰ ওপৰত আক্রমণ চলালে ইৰানৰ ৫২টা স্থানত প্রত্যাক্রমণ কৰাৰ মুকলি হুংকাৰ দিছে৷ এইক্ষেত্রত নিশ্চুপ হৈ থকা নাই ইৰানো৷ ৰাষ্ট্রসংঘত দেশখনৰ প্রতিনিধি মজিদ তখট ৰাভানচিয়ে স্পষ্টভাৱে কৈছে যে সামৰিক অভিযানৰ উত্তৰ সামৰিক অভিযানেৰেই দিয়া হ’ব৷ এনেধৰণৰ কথা–বতৰাবোৰে মধ্যপ্রাচ্যত আকৌ এবাৰ যুদ্ধৰ বিভীষিকা সূচনা হোৱাৰ সম্ভাৱনীয়তাকেই গাঢ়তৰ কৰি তুলিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল মেজৰ জেনেৰেল ছোলেইমানিক হত্যা কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতেই শনিবাৰে বাগদাদস্থিত মার্কিন দূতাবাসৰ সমীপত পুনৰ দুটাকৈ ৰকেট আক্রমণৰ ঘটনা সংঘটিত হয়৷ এই আক্রমণৰ লক্ষ্য আছিল মার্কিন সেনাৰ দল৷ মধ্যপ্রাচ্যত এনেদৰে যুদ্ধৰ দামামা বাজি উঠাৰ বিপৰীতে আমেৰিকা–ইৰানক শান্তি বর্তাই ৰাখিবলৈ আহ্বান জনাইছে ভাৰত, চীন, ৰাছিয়া, ব্রিটেইন, জার্মানী, অষ্ট্রেলিয়াকে ধৰি বিশ্ব সমূদায়ে৷ এই আহ্বান মানি লৈ দুয়োখন দেশ সংযমী হোৱাটোহে মানৱ জাতিৰ বাবে মংগলজনক হ’ব৷ ইয়াৰ অন্যথা বিশ্ববাসী আকৌ এবাৰ সাক্ষী হ’ব লাগিব এক ৰক্তক্ষয়ী সংঘাতৰ৷
ৰাষ্ট্রপতি নির্বাচন আহিলেই যুদ্ধৰ বাবে উদগ্রীৱ হৈ পৰা আমেৰিকাই মেজৰ জেনেৰেল ছোলেইমানিক ‘সন্ত্রাসবাদী’ আখ্যা দিলেও তেওঁ পশ্চিম এছিয়াৰ এজন প্রভাৱশালী তথা দক্ষ সেনানায়ক আছিল৷ ইৰানৰ সর্বোচ্চ নেতা ধর্মগুৰু আলী খামেনেইয়েৰ পাছতেই আছিল তেওঁৰ স্থান৷ এনে এজন সেনানায়কক হত্যা কৰাক কেন্দ্র কৰি অকল ইৰানেই নহয়, ইৰাকসহ পশ্চিম এছিয়াৰ বিভিন্ন দেশলৈও আমেৰিকাবিৰোধী বিক্ষোভ সম্প্রসাৰিত হৈছে৷ তাৰ মাজতেই প্রশ্ণ উঠিছে– আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ হ’লে ভাৰতে কাৰ পক্ষ ল’ব? কিয়নো আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি স্থায়ী কৰিবলৈ ভাৰতে বিগত প্রায় এবছৰ ধৰি ধাৰাবাহিক পদক্ষেপ অব্যাহত ৰাখিছে৷ সেইদৰে ইৰানৰ সৈতে তদানীন্তন ইউ পি এ চৰকাৰৰ কার্যকালত গঢ়ি উঠা মিত্রতাও আগবঢ়াই নিছে বর্তমানৰ এন ডি এ চৰকাৰে৷ পশ্চিম এছিয়াত প্রায় ৮০ লাখ ভাৰতীয়ই বসবাস কৰে৷ যদিহে যুদ্ধৰ দৰে কোনো অশান্তিৰ উদ্ভৱ হয়, তেন্তে তাত বসবাস কৰা ভাৰতীয়সকল নিশ্চিতভাৱে বিপদৰ সন্মুখীন হ’ব৷ এনে প্রেক্ষাপটত বিষয়টোক লৈ ভাৰতে এতিয়াৰে পৰাই সতর্ক হোৱা উচিত৷ অৱশ্যে ভাৰতে সংঘাত যাতে অধিক আগ নাবাঢ়ে, তাৰ বাবে দুই দেশৰ প্রতি ইতিমধ্যে আহ্বান জনাইছে৷

You might also like