নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মণৰেখা

মগ্র বিশ্বতে ভাৰতীয় সেনাপ্রধানে এক বিশেষ মর্যাদা লাভ কৰি আছে ৷ ভাৰতীয় সেনাপ্রধানজন সদায়ে এজন অৰাজনৈতিক ব্যক্তি ৷ কোনো ৰাজনৈতিক বক্তব্যৰ পৰা আঁতৰি থাকি নিজৰ দায়িত্ব পালন কৰি দেশৰ অখণ্ডতা আৰু আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰি আহিছে ভাৰতীয় সেনাপ্রধানসকলে ৷ সেয়া এনে এক পৰম্পৰা, যাক লৈ এখন শক্তিশালী গণতান্ত্রিক দেশৰ নাগৰিক হিচাপে দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিব পাৰে ৷ ইয়াৰ বিপৰীতে বিশ্বত এনে বহুতো দেশ আছে, য’ত সামৰিক বাহিনীৰ প্রভুত্বৰ ফলত বহু সময়ত নির্বাচিত চৰকাৰে ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রত বাধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ চুবুৰীয়া পাকিস্তানৰ দৰে দেশত আজিও সেনাৰ সমান্তৰাল চৰকাৰ চলি আছে ৷ এনেধৰণৰ গণতন্ত্র নিশকতীয়া আৰু দুর্বল হোৱাটো নিতান্তই স্বাভাৱিক কথা ৷ কিন্তু সমগ্র বিশ্বই ভাৰতীয় গণতন্ত্রক উচ্চ আসন দি আহিছে ৷ বৃহত্তম গণতান্ত্রিক দেশ হিচাপে ভাৰতে সুকীয়া স্থান লাভ কৰি আহিছে ৷ এনে সময়তে বর্তমানৰ সেনাপ্রধান বিপিন ৰাৱাটে ‘কা’বিৰোধী আন্দোলনক লৈ কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ৷ আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশৰ সচেতন নাগৰিকে গভীৰ উদ্বেগ প্রকাশ কৰি আহিছে ৷ উদ্বেগ প্রকাশ কৰিছে সেনা মুৰব্বী বিপিন ৰাৱাটেও ৷ কিন্তু ইয়াকে কৰিবলৈ গৈ তেওঁ এটা সীমা অতিক্রম কৰি গ’ল, যাৰ বাবে এতিয়া ৰাষ্ট্রজুৰি বিষয়টোক লৈ যথেষ্ট চর্চা হৈছে ৷ ৰাৱাটে আন্দোলনৰ নেতৃত্বক লৈ কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ তেওঁ কয় যে জনতাৰ প্রতিবাদক নেতৃত্ব দিয়াৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবে আন্দোলনৰ নেতৃত্বই দায়ী ৷ ‘কা’বিৰোধী আন্দোলনৰ গুৰি ধৰোঁতাসকলক সমালোচনা কৰি তেওঁ ইয়াক প্রকৃত নেতৃত্ব নহয় বুলি মন্তব্য প্রকাশ কৰিছে ৷ এটা ৰাজনৈতিক বিষয়ত দেশৰ সেনাপ্রধানজনে এনেধৰণৰ মন্তব্য কৰাটো নিশ্চিতভাৱে গ্রহণযোগ্য নহয় ৷ সেয়েহে ইয়াক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ ভাৰতীয় সাংবিধানিক গণতন্ত্রত সদায়ে ৰাজনীতিৰ পৰা সামৰিক বাহিনীক আঁতৰাই ৰখা হৈছে ৷ ভাৰতীয় গণতন্ত্রত অসামৰিক শ্রেষ্ঠত্ব কায়েম হৈ থকাটো সকলোৰে কাম্য৷ সেয়ে আন্দোলনৰ নেতৃত্বক সমালোচনা কৰিবলৈ গৈ চৰকাৰৰ এক অংশ হিচাপে পৰিচয় দি জেনেৰেল বিপিন ৰাৱাটে আওপকীয়াকৈ অসামৰিক শ্রেষ্ঠত্বক প্রত্যাহ্বান জনোৱাৰ দৰে হ’ল ৷

ৰাজনৈতিক বিষয়ত বিপিন ৰাৱাটৰ এনেধৰণৰ আকস্মিক হস্তক্ষেপক লৈ এতিয়া সমগ্র দেশতে ব্যাপক চর্চা হৈছে ৷ অৱশ্যে এই কথা কোনেও ক’ব নোৱাৰে যে সামৰিক বাহিনীয়ে অসামৰিক শ্রেষ্ঠত্বক সঁচা অর্থত প্রত্যাহ্বান জনোৱাৰ সাহস কৰিছে বা দেশৰ ৰাজনৈতিক বিষয়ত সামৰিক বাহিনীৰ প্রভুত্ব স্থাপনৰ চেষ্টা কৰা হৈছে ৷ তথাপি এজন সেনা মুৰব্বীয়ে পূর্বৰ ঐতিহ্যপূর্ণ পৰম্পৰা ভংগ কৰি এনেদৰে সীমা চেৰাই যোৱাটো কেতিয়াও সাধাৰণ ঘটনা হৈ থাকিব নোৱাৰে ৷ একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, জেনেৰেল ৰাৱাটে অহা ৩১ ডিচেম্বৰত সেনা মুৰব্বী হিচাপে অৱসৰ গ্রহণ কৰাৰ পাছতে প্রথমবাৰৰ বাবে ভাৰতত প্রৱর্তন কৰা ‘চীফ অৱ ডিফেন্স ষ্টাফ’ হিচাপে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷ এই ক্ষমতাশালী পদবীৰ মোহতে ৰাৱাটে সকলো সীমা চেৰাই গৈ ‘কা’বিৰোধী আন্দোলন সন্দর্ভত এনে অবাঞ্ছিত মন্তব্য কৰা বুলি চর্চা হৈছে ৷ এয়া এক ৰাজনৈতিক মন্তব্য, যাৰ পৰা এজন সেনা মুৰব্বী সদায়ে আঁতৰি থকাটো অত্যন্ত প্রয়োজনীয় কথা৷ কাৰণ কোনো সেনাপ্রধানেই শাসনাধিষ্ঠিত দলৰ নির্দেশত কাম কৰিব নোৱাৰে ৷ এইক্ষেত্রত ব্যতিক্রম মানেই হ’ল গণতন্ত্রৰ প্রতি এক ভয়াৱহ বিপদ ৷ ভৱিষ্যতে পূর্বৰ দৰেই প্রতিজন ভাৰতীয় সেনাপ্রধানে এই লক্ষ্মণৰেখা অতিক্রম কৰাৰ পৰা বিৰত থাকিব বুলি আশা কৰা হৈছে ৷

You might also like