নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটত পাকিস্তানৰ ভৱিষ্যৎ

শেহতীয়াকৈ বিশ্বজুৰি প্রবলভাৱে চর্চিত এটা শব্দ হৈছে আইছ’লেচন৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ অর্থে বিভিন্ন দেশে গ্রহণ কৰা প্রতিৰোধমূলক ব্যৱস্থা এটাৰ সৈতে শব্দটো জডিত হৈ আছে৷ যদি কোনো ব্যক্তিক ভাইৰাছবিধত আক্রান্ত হয় বা হোৱা বুলি সন্দেহ কৰা হয় নতুবা নিজেই তেনে অনুভৱ কৰে, ব্যক্তিজনক পৰিয়াল আৰু সমাজৰ সংস্পর্শলৈ আহিব নোৱাৰাকৈ একাকীভাৱে ৰখা হয়৷ সৰল অর্থত আইছ’লেচনত ৰখা হয়৷ শেহতীয়াকৈ তেনে এক দুৰৱস্থাৰ দিশে গতি কৰিছে পাকিস্তান৷ বিশ্বৰ বহু ৰাষ্ট্রৰ দৃষ্টিত পাকিস্তান এটা ভাইৰাছত আক্রান্ত হৈছে৷ গতিকে, ৰাষ্ট্রখনক আইছ’লেচনত ৰাখিব লাগে৷ ভাইৰাছটো আন একো নহয়, চীন ভাইৰাছ৷ অৱশ্যে ইয়াৰ সৈতে ক’ৰোনা ভাইৰাছৰ কোনো সম্পর্ক নাই৷ আছে চীনৰ আধিপত্যবাদ৷ এই আধিপত্যবাদৰ বাবে বিশ্বৰ গৰিষ্ঠসংখ্যক ৰাষ্ট্র এতিয়া চীনৰ ওপৰত ক্ষুব্ধ৷

দেশখনৰ বিৰুদ্ধে ক’ৰোনা ভাইৰাছক লৈ এনেয়েও দেশে দেশে ক্ষোভ, খং পুঞ্জীভূত হৈ আছে৷ আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় সংঘৰ কেইবাখনো দেশে ভাইৰাছবিধৰ বিশ্বজোৰা সংক্রমণৰ চীনক জগৰীয়া কৰি তদন্তৰো দাবী উত্থাপন কৰিছে৷ এনে সময়তে চীনে হিমালয় অঞ্চলত যিদৰে আধিপত্য বিস্তাৰ কৰিবলৈ লৈছে, ইয়ে যেন কেঁচা ঘাত টেঙা সানি দিলে৷ ইউৰোপীয় ইউনিয়নে ইতিমধ্যে চীনক একাষৰীয়া কৰাৰ পদক্ষেপ লৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কথা সর্বজনবিদিত৷ চীনৰ লগতে বিশ্বমঞ্চৰ কোপদৃষ্টিত পৰিছে পাকিস্তান৷ ইছলামাবাদে হকে–বিহকে বেইজিঙক সমর্থন কৰা বাবে ইউৰোপীয় ইউনিয়নৰ সদস্য দেশসমূহ পাকিস্তানৰ ওপৰত নাৰাজ৷ পাকিস্তানে যদি শীঘ্রেই বেইজিঙৰ ক্ষেত্রত নীতি সলনি নকৰে, অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্রখন বিশ্বৰ মঞ্চত একাষৰীয়া হ’ব পাৰে৷ এনেয়েও বিগত কিছুদিন ধৰি পাকিস্তানৰ উৰাজাহাজ ইউৰোপীয় ৰাষ্ট্রই নিজ ভূমিত অৱতৰণ কৰিবলৈ দিয়া নাই৷ বিষয়টোক লৈ ইছলামাবাদৰ তৰফৰ পৰা বহুবাৰ অনুৰোধ কৰা হৈছে যদিও কোনেও তালৈ কর্ণপাত কৰা নাই৷ পাকিস্তানী বৈদেশিক মন্ত্রালয়ৰ মতে, সেয়া চীনক অন্ধ সমর্থনৰ ফচল৷

পাকিস্তানৰ সন্মুখত শীঘ্রেই এনে এটা দিন আহি আছে, সেইটো আনে নহয়, দেশখনৰ বৈদেশিক মন্ত্রালয়ে নিজেই অনুভৱ কৰি অজান আশংকাত কঁপি উঠিছে৷ ইছলামাবাদ এনেয়েও সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰ বাবে কুখ্যাত৷ আমেৰিকা, ইউৰোপৰ বহু দেশত ইতিমধ্যে সংঘটিত কেইবাটাও ভয়ংকৰ সন্ত্রাসবাদী আক্রমণৰ ঘাইশিপাডাল পাকিস্তানত থকা বুলি অভিযোগৰ সীমা–সংখ্যা নাই৷ ইয়াকে লৈ সময়ে সময়ে বহু দেশে পাকিস্তানক সকীয়নি দিও আহিছে৷ এনে অৱস্থাত পাকিস্তানে বিশ্ব জনমতৰ বিপৰীতে গৈ চীনক সমর্থন জনোৱা নীতিত অবিচল থাকিলে পৰিণতি কি হ’ব পাৰে, সেইটো অনুধাৱন কৰি বৈদেশিক মন্ত্রালয়ে প্রধানমন্ত্রী ইমৰান খানক অলপতে সকীয়াই দিছে৷ মন্ত্রালয়ৰ তৰফৰ পৰা প্রধানমন্ত্রী খানক পৰামর্শ দি কোৱা হৈছে যে পাকিস্তানে চীনৰ সৈতে ঘনিষ্ঠতা হ্রাস কৰা উচিত৷ বৈদেশিক মন্ত্রালয়ৰ মতে, পাকিস্তানে যদি অবিলম্বে চীন সংক্রান্তীয় নীতি সলনি নকৰে, তেন্তে অচিৰেই চীনৰ সৈতে ইছলামাবাদকো সমগ্র বিশ্বই আইছ’লেচনলৈ পঠিয়াব পাৰে৷ সিমানেই নহয়, চীনৰ পথত অৱস্থান কৰা বাবে বিশ্বজুৰি পাকিস্তান অপমানিত হোৱাৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হ’ব পাৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই মুহূর্তত পাকিস্তানৰ অর্থনৈতিক অৱস্থা তেনেই শোচনীয়৷ দেশখনৰ বৈদেশিক মুদ্রাৰ ভাণ্ডাৰৰ অৱস্থা তেনেই শোচনীয়৷ ইমৰান খানে বাকীত খাৰুৱা তেল বিচাৰি বন্ধু ৰাষ্ট্রৰ ভৰিত ধৰিবলগীয়া হৈছে৷

এনে সময়ত যদি আইছ’লেচনলৈ যাবলগীয়া হয়, পাকিস্তান গভীৰ সংকটত পৰিব৷ অর্থনৈতিক–ৰাজনৈতি অস্থিৰতাৰ লগতে ইয়ে দেশখনৰ অখণ্ডতাৰ প্রতিও ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ দেশখনত শেহতীয়াকৈ বালোচ ৰিপাব্লিকান আর্মীৰ সক্রিয়তা বৃদ্ধি পাইছে৷ বেলুচিস্তানত বিদ্রোহী সংগঠনটোৱে পাকিস্তানী সেনাক প্রবল প্রত্যাহ্বান জনাই থকাৰ লগতে কৰাচীত ষ্টক একচেঞ্জত আক্রমণ কৰি বেলুচিস্তানৰ স্বাধীনতা সংগ্রামখন তীব্রতৰ কৰি তুলিছে৷ আচলতে, পঞ্জাবৰ পাকিস্তানৰ বাহিৰে এখনো প্রদেশৰ জনসাধাৰণে ইছলামাবাদৰ অধীনত থাকিব নিবিচাৰে৷ প্রত্যেকেই ভিন্ন ভিন্ন ধৰণে স্বাধীনতাৰ সংগ্রাম চলাই আছে৷ বিশ্বৰ মঞ্চত পাকিস্তান একাষৰীয়া হ’লে, সকলোবোৰ শক্তি একেলগে মূৰ দাঙি উঠিব৷ অৱশেষত গৈ ৰাজনৈতিক শক্তিক বলিৰ পঠা সজাই সেনাই দেশখনৰ শাসনভাৰ নিজৰ হাতত তুলি ল’ব পাৰে৷এই সংকটৰ পৰা উদ্ধাৰ হ’বলৈ পাকিস্তানৰ এটাই পথ খোলা আছে, চীনৰ সংগ ত্যাগ৷ সেয়ে দেশখনৰ বৈদেশিক মন্ত্রালয়ে প্রধানমন্ত্রী ইমৰান খানক কৈছে, চীনৰে ঘনিষ্ঠতা হ্রাস কৰক৷ নীতি সলনি কৰক৷ এতিয়া কথা হৈছে, এয়া পাকিস্তানৰ বাবে সম্ভৱনে? ‘চিপেক’ তথা বিভিন্ন প্রকল্পক নামত ডিঙিলৈকে চীনৰ ঋণত পোত যোৱা পাকিস্তানৰ বাবে চীনৰ ব্যুহ ফালি সহজে ওলাই অহাটো সম্ভৱপৰ নহ’ব৷

You might also like