নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অপৰাধীৰ জাতি–ধর্ম

ধর্ষণৰ দৰে জঘন্যকার্য সংঘটিত কৰা অপৰাধীৰ জাতি–ধর্ম বিচাৰ কৰা উচিত নহয়৷ এয়া প্রত্যেকজন বিবেকৱান লোক একমত৷ কিন্তু ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ লক্ষ্য কৰি যদিহে ধাৰাবাহিকভাৱে এনে জঘন্য কাণ্ড হৈ থাকে তাক গাপ দিয়াৰো কোনো কাৰণ থাকিব নোৱাৰে৷ অসমত হিংসাজনিত অপৰাধ ঘটনা বিগত প্রায় তিনি বছৰত লক্ষণীয়ভাৱে হ্রাস হৈছে৷ ২০২১ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ সময়ত পঞ্জীভুক্ত অপৰাধ গোচৰ আছিল ১,৩৩,২৩৯টা৷ ২০২২ চনত ৰাজ্যখনৰ পঞ্জীভুক্ত অপৰাধ গোচৰ ৬৮,৯৩৭টালৈ হ্রাস হৈছিল৷ ২০২৩ চনত অপৰাধ গোচৰৰ সংখ্যা হ্রাস হৈছিল ৬৪,৯৫৯টালৈ৷ ২০২৪ৰ জুনলৈ পঞ্জীভুক্ত অপৰাধ গোচৰ ২১,০৩৭টা হৈছে৷ ৰাজ্যখনত অপৰাধ গোচৰ পূর্বৰ তুলনাত হ্রাস হ’লেও খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ নিৰাপদ হোৱাৰ বিপৰীতে সুৰক্ষাৰ অভাৱ অধিক ঘনীভূত হৈছে৷ শেহতীয়া লোকসভা নির্বাচনৰ পিছত ৰাজ্যখনত এনে কিছুমান অপৰাধ ঘটনা সংঘটিত হৈছে যিবোৰ কাণ্ডই ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সুৰক্ষাৰ প্রতি গভীৰ ভাবুকি নমাই আনিছে৷ বিশেষকৈ খিলঞ্জীয়া নাৰীৰ ওপৰত চলা জঘন্য কাণ্ডই ৰাজ্যখনত অপৰাধজনিত ঘটনাৰ ভয়ংকৰ ধাৰা আৰম্ভ হৈছে৷ লোকসভা নির্বাচনৰ ফলাফলৰ পিছতেই গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তর্গত টেঙাবাৰীত এগৰাকী নাবালিকাৰ ওপৰত গণধর্ষণত জড়িত আছে বাংলাদেশী মূলৰ মুছলমান৷ নাবালিকাগৰাকীৰ ওপৰত এনে জঘন্য কাণ্ডৰ প্রতিবাদ কৰিবলৈ যোৱা খিলঞ্জীয়া নাবালিকাগৰাকীৰ জ্যেষ্ঠ ভ্রাতৃক নৃশংসভাৱে হত্যা কৰিছিল গাঁওখনৰে একাংশ যুৱকে৷ যিসকল আছিল মুছলমান লোক৷ পৰৱর্তী সময়ত আৰক্ষীয়ে অভিযুক্ত ধন আলী তালুকদাৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ বৰপেটা জিলাৰ কয়াকুছিত যোৱা ১৪ মে’ত জাওহৰ খানৰ নেতৃত্বত হিন্দু লোকৰ ওপৰত এক জঘন্য আক্রমণ সংঘটিত হৈছে৷ একেদৰে ২৩ মে’ত লখিমপুৰ খেলমাটি থানাত সংঘবদ্ধ আক্রমণ কৰাৰ লগতে থানাখন লণ্ডভণ্ড কৰে এদল ইছলামধর্মী লোকে৷ ৭ জুনত কোকৰাঝাৰৰ ফকিৰাগ্রামত হিন্দু গাঁওবাসীৰ ওপৰত পৰিকল্পিত আক্রমণ চলাই ইছলামিক ভূ–মাফিয়া দলে৷ ২২ জুনত ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী হিন্দু মহিলাক গণধর্ষণ কৰা হয়৷ আৰক্ষীয়ে এই কাণ্ডত জড়িত মুস্তাক আহমেদ, মহিদুল ইছলাম, ৰফিজুল ইছলাম, ছাদ্দাম আলী আৰু এহছান আহমেদক গ্রেপ্তাৰ কৰে৷ শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিত ২৪ জুনত সংঘটিত এগৰাকী জনজাতীয় নাবালিকাক অপহৰণ আৰু ধর্ষণৰ ঘটনাত ছহিদুল ইছলাম নামৰ এজন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ খিলঞ্জীয়া লোকসকলৰ ওপৰত বাংলাদেশীয় মূলৰ পৰিকল্পিত আক্রমণ পূর্বৰ তুলনাত বৃদ্ধি হৈছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সুৰক্ষাৰ দিশটোত দিল্লী আৰু দিছপুৰত থকা চৰকাৰ দুখনে যিমানেই পদক্ষেপ গ্রহণ নকৰক কিয় বাংলাদেশী মূলৰ অপৰাধী চক্রটো ক্রমে শক্তিশালী হৈ উঠিছে৷
দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে অবিভক্ত গোৱালপাৰা জিলাখনত এতিয়া খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ অস্তিত্ব বিপন্ন হৈছে৷ যোৱা ২৬ জুনত ধুবুৰী জিলাৰ গোলকগঞ্জত এদল বাংলাদেশী মূলৰ দুর্বৃত্তৰ সংঘবদ্ধ আক্রমণত হিন্দুপ্রধান গাঁও এখনৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে৷ গাঁওখন ত্যাগ কৰিবলৈ হিন্দু লোকসকলক আক্রমণকাৰীয়ে ভাবুকি দিয়াৰ অভিযোগ উঠিছে৷ ৩৭ জুনত শোণিতপুৰ জিলাৰ ঠেলামৰাত এগৰাকী নাবালিকা হিন্দু ছোৱালীক ধর্ষণৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে আনাৰুল খান নামৰ লম্পটক৷ ২৮ জুনত ঢ়েকীয়াজুলিৰ এলএকেডি কলেজৰ ছাত্রী নিৱাসত মুছলমান যুৱকে প্রৱেশ কৰি অঘটন সৃষ্টি কৰাৰ চক্রান্ত চলাইছিল৷ ২৯ জুনত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তর্গত ভোমোলাহাটীত এগৰাকী হিন্দু নাবালিকাক অপহৰণ কৰি ধর্ষণৰ চেষ্টা চলাওঁতে স্থানীয় ৰাইজে আব্দুল কালাম নামৰ এজন যুৱকক আটক কৰি আৰক্ষীক গতাই দিছিল৷ ২৯ জুনত শোণিতপুৰৰ হুগ্রাজুলীত এগৰাকী হিন্দু যুৱতী নায়িছ আলী নামৰ যুৱকৰ লাভ জেহাদৰ কবলত পৰে৷ ৩০ জুনত বৰপেটা জিলাৰ সৰভোগ শ্মশানখনৰ ভূমি বেদখল কৰিবলৈ এদল ইছলামধর্মী লোকে আক্রমণ চলায়৷ আক্রমণকাৰীয়ে হিন্দু শ্মশানখনৰ প্রৱেশ দ্বাৰ ভাঙি দিয়াৰ অভিযোগ উঠিছে৷ ১ জুলাইত ঢ়েকীয়াজুলিৰ ঠেলামৰাত এগৰাকী যুৱতীক ধর্ষণৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে ছামছুল ইছলাম ওৰফে বাবুল আলী৷ ৬ জুলাইত শোণিতপুৰ জিলাৰ ৰঙাপৰাত এগৰাকী জনজাতীয় যুৱতীক অপহৰণ আৰু ধর্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় দিলদাৰ হুছেইনক৷ ১৩ জুলাইত গোৱালপাৰাৰ মাটিয়াত ৭০ বছৰীয়া মহিলাৰ ওপৰত যৌন আতিশয্য চলায় বাংলাদেশী মূলৰ যুৱকে৷ দৰং জিলাৰ মঙলদৈৰ ৰাম হৰি চুবুৰিৰ পৰা ২০ জুলাইত এগৰাকী হিন্দু নাবালিকাক অপহৰণৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে ছাজেল আলীক৷ ২৫ জুলাইত নগাঁও জিলাৰ ধিঙৰ এটা হিন্দু পৰিয়ালৰ ওপৰত মুছলমান দুর্বৃত্তই সংজ্ঞাহাৰক স্প্রে’ ব্যৱহাৰ কৰি এগৰাকী মহিলাক ধর্ষণ কৰাৰ অভিযোগ উঠিছে৷ ২৮ জুলাইত হাজোত এগৰাকী হিন্দু যুৱতীক যৌন নির্যাতনৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে ইব্রাহিম আলীক৷ ঢ়েকীয়াজুলিৰ বৰছলাত এজন অভিযুক্তক আটক কৰিবলৈ যাওঁতে আৰক্ষীৰ ওপৰত আক্রমণ কৰে এদল ইছলামধর্মী লোকে৷ এই ঘটনাক কেইবাজনো আৰক্ষী আহত হয়৷ গুৱাহাটীৰ নিকটৱর্তী আজাৰাৰ পৰা ১৫ আগষ্টত এজন হিন্দু যুৱকক অপহৰণৰ ঘটনাত গ্রেপ্তাৰ কৰা হৈছে পৰম আলীক৷ বৰপেটাৰ ডাঙৰকুছিৰ হিন্দু গাঁৱত ১৭ আগষ্টত ইছলামধর্মী লোকে আক্রমণ কৰে৷ ১৯ আগষ্টত শিলচৰৰ অসম বিশ্ববিদ্যালয়ত এগৰাকী হিন্দু যুৱতীক যৌন নির্যাতনৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় বদৰুজ জামান ফাৰুক নামৰ এজন যুৱকক৷ বিহালীৰ বুৰেঘাটত ১৯ আগষ্টত এগৰাকী হিন্দু নাবালিকাক অপহৰণৰ গোচৰত গ্রেপ্তাৰ কৰা হয় সুৰজ আলী, আব্দুল হুছেইন আৰু জুলুদ হুছেইনক৷ শেহতীয়াকৈ নগাঁও জিলাৰ ধিঙত এগৰাকী নাবালিকাক ধর্ষণত অভিযুক্ত হৈছে তিনিজন মুছলমান যুৱক৷ ইয়াৰে তফাজ্জুল ইছলাম নামৰ অভিযুক্তজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত নৰাধমজনৰ পুখুৰীত পৰি মৃত্যু হৈছে৷ অন্য দুজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে৷ ৰাজ্যখনত খিলঞ্জীয়া লোকৰ ওপৰত চলা এনে ধাৰাবাহিক আক্রমণৰ বাবে উজনি অসমত মিঞা ভাগাও অভিযান আৰম্ভ হৈছে৷ আটাছুকে ধৰি উজনি অসমৰ কেইবাটাও জাতীয় সংগঠনে উজনি অসমৰ পৰা বাংলাদেশী মূলৰ মুছলমানসকলক খেদি পঠিয়াবলৈ সময়সীমা নির্ধাৰণ কৰি দিছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰেও কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজন আছে৷

You might also like