নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আকাশবাণীৰ ভৱিষ্যৎ

কেন্দ্রীয় চৰকাৰৰ প্রচাৰযন্ত্র আকাশবাণীৰ এক বিস্তৃত নেটৱর্ক আছে, যিয়ে সমগ্র ভাৰততে অনাতাঁৰ প্রচাৰ কৰে৷ বিশেষকৈ দুর্গম আৰু গ্রাম্য অঞ্চলক সামৰি লোৱাত ই অতুলনীয়৷ ভাৰতৰ প্রায় ৯২ শতাংশ ভূমি আৰু ৯৯.১৯ শতাংশ জনসংখ্যা সামৰি লোৱা আকাশবাণীৰ ৪০০ৰো অধিকসম্প্রচাৰ কেন্দ্র আছে৷ হয়াৰ ভিতৰত পাহাৰীয়া অঞ্চল, দ্বীপ আৰু কম জনবসতিপূর্ণ অঞ্চল আদিও অন্তর্ভুক্ত৷ ভাৰতৰ বহু দূৰৱর্তী অঞ্চলত ৰেডি’ই গণমাধ্যমৰ আটাহতকৈ সুলভ ৰূপ৷ সুস্থিৰ বিদ্যুৎ আৰু ব্যয়বহুল সঁজুলিৰ প্রয়োজন থকা টেলিভিছন বা হণ্টাৰনেটৰ বিপৰীতে ৰেডি’ ৰিচিভাৰ সস্তা, কঢ়িয়াই লৈ ফুৰিব পৰা আৰু বেটাৰীৰে চলিব পৰা৷ ভাৰতৰ বহু গ্রাম্য আৰু দুর্গম অঞ্চলত এতিয়াও নির্ভৰযোগ্য হণ্টাৰনেট সংযোগ বা কেৱল টেলিভিছনৰ আন্তঃগাঁথনিৰ অভাৱ৷ ৰেডি’ তৰংগহ এহ অঞ্চলসমূহত অধিক সহজে ডপনীত হ’ব পাৰে, এই ব্যৱহাৰিক সুবিধাবোৰৰ বাবে আকাশবাণী তথ্য আৰু মনোৰঞ্জনৰ এক অতি গুৰুত্বপূর্ণ উৎস হিচাপে স্বীকৃত৷ আকাশবাণীয়ে অসংখ্য স্থানীয় ভাষা আৰু ডপভাষাত সম্প্রচাৰ কৰে, যাৰ ফলত অতি দুর্গম অঞ্চলতো মানুহে নিজৰ মাতৃভাষাত তথ্য লাভ কৰিব পাৰে৷ ভাষা আৰু সাংস্কৃতিক সম্পদৰ সংৰক্ষণ, প্রচাৰ আৰু বিকাশতো আকাশবাণীৰ ভূমিকা গুৰুত্বপূর্ণ৷ অসংখ্য আঞ্চলিক ভাষা আৰু উপভাষাত সম্প্রচাৰ কৰি আকাশবাণীয়ে বিলুপ্তিৰ আশংকাত ভুগিব পৰা ভাষাসমূহ সংৰক্ষণ আৰু প্রসাৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ আঞ্চলিক ভাষাৰ কার্যসূচীয়ে স্থানীয় সমস্যা, ৰীতি–নীতি আৰু আগ্রহক অধিক ফলপ্রসূভাৱে সম্বোধন কৰিব পাৰে কাৰণে বিষয়বস্তু শ্রোতাৰ বাবে অধিক প্রাসংগিক আৰু আকর্ষণীয় হৈ পৰে৷ ইমানবোৰ গুণ থকাৰ পিছতো আকাশবাণীয়ে মাধ্যমবোৰৰ মাজত নিজৰ স্থিতি সবল কৰি ৰাখিব পৰা নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰা ‘মন কী বাত’ অনুষ্ঠানে আকাশবাণীক হঠাতে ব্যাপক প্রচাৰ প্রদান কৰিছিল৷
ক’ভিড কালত ভাৰতৰ আকাশবাণীৰ বহু কেন্দ্রৰ প্রচাৰ সীমিত কৰি দিয়া হৈছিল, এতিয়াও বহু কেন্দ্রই পূর্বৰ অৱস্থালৈ যাব পৰা নাই৷ এটা কথা ঠিক যে আধুনিক প্রযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে আকাশবাণীয়ে নিজৰ প্রচাৰণ আৰু শ্রোতাৰ লগত সংযোগ ব্যৱস্থাক অধিক আকর্ষণীয় কৰি তুলিছে৷ আকাশবাণীয়ে এতিয়া ৱেবছাহট আৰু ম’বাহল এপৰ জৰিয়তে নিজৰ বহু ৰেডিঅ’ চেনেলৰ লাহভ ষ্ট্রীমিঙৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ ফলত শ্রোতাসকলে ইণ্টাৰনেট সংযোগৰ সহায়ত যিকোনো ঠাইৰ পৰা ৰেডিঅ’ শুনিব পাৰে, যাৰ ফলত পৰম্পৰাগত ৰেডিঅ’ ৰিচিভাৰৰ বাহিৰলৈও হয়াৰ প্রসাৰতা বৃদ্ধি পাইছে৷ এণ্ড্রইড আৰু আহ’এছ দুয়োটা প্লেটফর্মৰ বাবে আকাশবাণীৰ ম’বাইল এপ্লিকেচন প্রস্তুত কৰিছে, যাৰ ফলত আকাশবাণী স্মার্টফোন আৰু টেবলেটত সহজে উপলব্ধ কৰা হৈছে৷ আকাশবাণীয়ে ব্যাপক হাৰত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিছে, যিয়ে অনুষ্ঠানবোৰক বিশেষকৈ নতুন চামৰ মাজলৈ নিয়াত সহায় কৰিছে৷ কিন্তু আকাশবাণীৰ ভিতৰৰ অৱস্থা ইয়াৰ কর্মচাৰীবোৰৰ বাবে সুখদায়ক হৈ থকা নাই৷ বিশেষকৈ প্রচাৰ ভাৰতীৰ আগমন আৰু আকাশবাণী আৰু দূৰদর্শনক একেলগে সাঙুৰি পৰিচালনা কৰাৰ যি ব্যৱস্থা কৰা হৈছিল, সি প্রতিষ্ঠান দুটিৰ কামৰ পৰিৱেশ বিনষ্ট কৰিছিল৷ বিশেষকৈ এই দুটা মাধ্যমৰ লগত ব্যৱহাৰিক সম্বন্ধ নথকা বিষয়াৰ পৰিচালনাই অনুষ্ঠান দুটিৰ গৰিমা ম্লান কৰাত সহায় কৰিছিল৷ আকাশবাণী আৰু দূৰদর্শনক আত্মনির্ভৰ কৰি তোলাৰ মানসেৰে ব্যৱসায় পৰিচালনাৰ জ্ঞান নথকা, কেৱল অনুষ্ঠান পৰিচালনাৰ বাবে নিযুক্ত কৰা বিষয়াসকলকো বিজ্ঞাপন সংগ্রহ কৰাৰ দৰে কামত নিয়োগ কৰাটো প্রতিষ্ঠান দুটিৰ বিফল পৰিচালনাৰ উদাহৰণ৷ অকল সিমানেই নহয়, এই দুয়োটা প্রতিষ্ঠানৰে অনুষ্ঠান বিভাগত বিশালসংখ্যক পদ খালী হৈ পৰি আছে, বহু পদ বিলুপ্ত কৰা হৈছে৷ বিষয়াসকলৰ পদোন্নতি বন্ধ ৰখা হৈছে, বহু বিষয়াই নিজৰ প্রাপ্য লাভৰ বাবে আৰু কর্মক্ষেত্রত পোৱা অৱহেলাৰ বাবে আদালতলৈ বছৰ বছৰ ধৰি অহা–যোৱা কৰিব লগা হৈছে৷ আকাশবাণীযোগে মনৰ কথা কোৱা প্রধানমন্ত্রীয়ে আকাশবাণীৰ কর্মীসকলৰ মনৰ কথাও শুনিবলৈ আগ্রহী হোৱাটো এই সময়ৰ দাবী৷

You might also like