নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বছৰীয়া ইতিহাস

মানৱতা উলংঘনকাৰী মহিলা চিকিৎসকক ধর্ষণ আৰু নৃশংস হত্যাৰ ঘটনাই সম্প্রতি দেশৰ চৌদিশ উত্তাল কৰি ৰাখিছে৷ এনে অভূতপূর্ব আৰু মানৱ সমাজক লজ্জিত কৰা ঘটনাৰ পিছতে শিৰোনামলৈ আহিছে কলকাতাৰ ৰাধাগোবিন্দ কৰ (আৰ জি কৰ) মেডিকেল কলেজ৷ একাংশ দানৱীয় লোকৰ কার্যই শত বছৰ অতিক্রম কৰা এই ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ সোণসেৰীয়া ইতিহাসক কলংকিত কৰিলে৷ ১৮৮৬ চনতে প্রতিষ্ঠা লাভ কৰা এইখন মেডিকেল কলেজ আছিল এছিয়াৰ সর্বপ্রথম বেচৰকাৰী মেডিকেল কলেজ৷ এক মহান উদ্দেশ্য সাধনৰ বাবে এই কলেজখন প্রতিষ্ঠা কৰিছিল ডাঃ ৰাধাগোবিন্দ কৰে৷ এইগৰাকী মহান চিকিৎসকৰ নামেৰেই পৰৱর্তী কালত এই প্রতিষ্ঠানটোৰ নাম ৰখা হয় আৰ জি কৰ মেডিকেল কলেজ৷ প্রতিষ্ঠাৰ সময়ৰে পৰা ১৯১৮ চনলৈ এক সুদীর্ঘকাল আৰ জি কৰ আছিল চিকিৎসালয়খনৰ সচিব৷ আৰ জি কৰৰ জন্ম হৈছিল এটা চিকিৎসক পৰিয়ালত৷ তেওঁৰ দৰে পিতৃ ডাঃ দুর্গাদাস কৰ আছিল ব্রিটিছ ভাৰতৰ এগৰাকী প্রখ্যাত চিকিৎসক৷ দেশত চিকিৎসা ব্যৱস্থাক সর্বসাধাৰণৰ বাবে সুলভ কৰি তুলিবলৈ আৰ জি কৰে এছিয়াত প্রথমখন বেচৰকাৰী মেডিকলে কলেজ প্রতিষ্ঠা কৰিছিল৷ কলকাতাৰ হেয়াৰ স্কুলৰ পৰা অধ্যয়ন সমাপ্ত কৰাৰ পিছত পিতৃয়ে তেওঁক মেডিকেল পঢ়োৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু অভিনয়ৰ প্রতি একান্ত অনুৰাগী ৰাধাগোবিন্দই মেডিকেলৰ প্রৱেশিকা পৰীক্ষাত বহিব বিচৰা নাছিল৷ কিন্তু পিতৃৰ হেঁচাৰ বাবে তেওঁ মেডিকেল পঢ়িবলৈ বাধ্য হৈছিল৷ ইয়াৰ পিছৰ সকলোখিনি এক বর্ণিল ইতিহাস৷ ১৮৮৩ চনত তেওঁ উচ্চ শিক্ষাগ্রহণৰ বাবে স্কটলেণ্ডলৈ যায়৷ তেওঁ তাত এডিনবার্গ বিশ্ববিদ্যালয়ত নামভর্তি কৰে৷ ১৮৮৭ চনত আৰ জি কৰে এডিনবার্গ বিশ্ববিদ্যালয়ৰ পৰা মেডিচিনত ডিগ্রী গ্রহণ কৰি ভাৰতলৈ উভতি আহে৷ বিদেশত চিকিৎসা গ্রহণ কৰি তেওঁ দেশৰ মানুহৰ সেৱাৰ বাবে মন–প্রাণ উৎসর্গা কৰে৷ প্রথম অৱস্থাত তেওঁ বিনামূলীয়াকৈ দুখীয়া লোকৰ চিকিৎসা কৰিবলৈ লয়৷ ইয়াৰ লগে লগে তেওঁৰ জনপ্রিয়তা চৌদিশে বিয়পি পৰে আৰু চিকিৎসা গ্রহণৰ বাবে দূৰ–দূৰণিৰ পৰা লোক আহিবলৈ আৰম্ভ কৰে৷ তেওঁ মানুহৰ ঘৰে ঘৰে চাইকেল চলাই চিকিৎসা কৰি ফুৰিছিল৷ সেই সময়ত অধিকাংশ ৰোগীয়েই আছিল দুখীয়া৷ ঔষধ আৰু পথ্য কিনাৰ পইচা নোহোৱা এই লোকসকলে চিকিৎসকৰ ফীজ দিয়াৰ প্রশ্ণই অহা নাছিল৷ সেইবাবে ৰোগী চোৱাৰ লগতে বহুতকে তেওঁ পথ্য কিনাৰ বাবে পইচাও দিছিল৷ বিদেশত ডিগ্রী গ্রহণ কৰি গ্রামাঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত দুখীয়া লোকৰ মাজত চিকিৎসা সেৱা আগবঢ়োৱাটো সঁচাকৈয়ে আশ্চর্যকৰ আছিল৷ ১৮৯৯ চনত কলকাতাত আৰম্ভ হোৱা প্লেগ মহামাৰীৰ সময়তো আৰ জি কৰে ঘৰে ঘৰে চিকিৎসা কৰি বহু লোকৰ জীৱন ৰক্ষা কৰিছিল৷
তদুপৰি সতীর্থসকলে সন্মুখীন হোৱা ভাষাৰ সমস্যা প্রত্যক্ষ কৰি তেওঁ কেইবাখনো চিকিৎসা সম্পর্কীয় গ্রন্থও প্রণয়ন কৰিছিল৷ তেওঁৰ প্রথম গ্রন্থ ‘ভীষবন্ধু’৷ ইয়াৰ উপৰি কৰৰ কেইখনমান উল্লেখযোগ্য গ্রন্থ হ’ল– ‘সংক্ষিপ্ত শৰীৰতত্ত্ব’, ‘ৰোগী পৰিচর্যা’, ‘ভীষক সুহূদ’, ‘প্লেগ’, ‘স্ত্রীৰোগৰ চিত্রাৱলী আৰু সংক্ষিপ্ততত্ত্ব’, ‘সংক্ষিপ্ত শিশু ও বাল চিকিৎসা’, ‘সংক্ষিপ্ত ভেষজতত্ত্ব’, ‘কৰ সংহিতা’ আৰু কবিৰাজ ডাক্তৰ সংবাদ’, আটাইবোৰ গ্রন্থ বাংলা ভাষাত লিখা হৈছিল যদিও ইংৰাজী মাধ্যমত চিকিৎসকৰ ছাত্রয়ো এই গ্রন্থসমূহ অধ্যয়ন কৰিছিল৷ দেশৰ চিকিৎসা ব্যৱস্থাৰ উন্নতিৰ বাবে তেওঁ এখন চিকিৎসালয় স্থাপনৰো সিদ্ধান্ত লয়৷ ইয়াৰ বাবে আৰ জিয়ে চহকী লোকসকলৰ পৰা ধন সংগ্রহ কৰিবলৈ লয়৷ সেই সময়ত কলকাতাৰ বিশিষ্ট লোকসকলৰ গৃহত বিয়া অথবা কোনো বিশেষ অনুষ্ঠান হ’লে তেওঁ সেই লোকসকলৰ পদূলিত ৰৈ থাকে৷ অনুষ্ঠানলৈ অহা বিশিষ্ট লোকসকলৰ পৰা তেওঁ হাস্পতাল স্থাপনৰ বাবে পইচা বিচাৰি অনুৰোধ জনায়৷ বহুতে অপমানিত কৰিলেও একাংশই তেওঁলৈ অর্থ আগবঢ়ায়৷ বহু অপমান সহ্য কৰিও তেওঁ এইদৰে অর্থ সংগ্রহ কৰি আৰু নিজৰ যাৱতীয় সকলো বিক্রী কৰি ২৫ হাজাৰ টকাৰে বেলগাছিয়াত ১২ বিঘা ভূমি ক্রয় কৰে৷ ইয়াৰ পিছত প্রায় ৭০ হাজাৰ টকা খৰচ কৰি তাত এখন চিকিৎসালয় স্থাপন কৰে৷ চিকিৎসালয় পৰিদর্শন কৰিবলৈ আহি প্রিন্স এলবার্ট ভিক্টৰে ২৫ হাজাৰ টকা দান কৰে৷ সেইবাবে হাস্পতালখনৰ নাম ৰখা হয় এলবার্ট ভিক্টৰ হাস্পতাল৷ লাহে লাহে আৰ জিৰ কঠোৰ পৰিশ্রমৰ ফলত চিকিৎসালয়খনৰ যথেষ্ট উন্নতি হয় আৰু চিকিৎসা বিষয়ৰ অধ্যয়নৰ লগতে হাস্পতাল হিচাপেও প্রতিষ্ঠিত হৈ পৰে৷ ১৯১৮ চনত ইনফ্লুৱেঞ্জাত আক্রান্ত হৈ আৰ জি কৰৰ মৃত্যুৰ পিছত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ নাম ৰখা হয় আৰ জি কৰ মেডিকেল কলেজ ও হাস্পতাল৷ মৃত্যুৰ সময়ত তেওঁৰ নিজৰ সম্পত্তি বুলিবলৈ একো নাছিল৷ কেৱল আছিল বেলগাছিয়াত নির্মাণ কৰা এটা বাসগৃহ৷ সেই ঘৰটোও উইল কৰি মেডিকেল কলেজলৈ দান কৰি থৈ যায়৷ এইগৰাকী মহান চিকিৎসকৰ জীৱনজোৰা সাধনা আৰু পৰিশ্রমৰ ফলত কলকাতাৰ লগতে সমগ্র দেশৰ স্বাস্থ্যক্ষেত্রখনত এক নৱজাগৰণৰ সৃষ্টি হৈছিল৷ তেওঁৰ হাতেৰে প্রতিষ্ঠিত এখন ঐতিহ্যবাহী চিকিৎসালয়ত এগৰাকী কর্মৰত চিকিৎসকক এদল লোকে ধর্ষণ কৰি নৃশংসভাৱে হত্যা কৰা নির্মম ঘটনাই সমগ্র দেশবাসীক আজি লজ্জিত আৰু দুঃখিত কৰিছে৷

You might also like