নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৭১ৰ ঐতিহাসিক বিজয় দিৱস

দেশ বিভাজনৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হৈছিল এক তিক্ততাপূর্ণ সম্পর্ক৷ যাৰ বাবে দুখন সুকীয়া ৰাষ্ট্র হোৱাৰ পিছতো ভাৰত–পাকিস্তানৰ সম্পর্ক উন্নত নহ’ল৷ বিগত প্রায় ৭টা দশকত দেশ দুখনৰ মাজত অব্যাহত থকা শত্রুতাপূর্ণ সম্বন্ধই সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰি আহিছে৷ কার্গিল যুদ্ধৰ উপৰি বিভিন্ন অবাঞ্ছিত ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজৰ অহি–নকুল সম্পর্ককে প্রতীয়মান কৰি আহিছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ পৰাই সৃষ্টি হোৱা আন এখন দেশ বাংলাদেশৰ সৈতে আমাৰ দেশৰ সু–সম্পর্ক বহু বাধা–বিঘিনি সত্ত্বেও অব্যাহত আছে৷ বাংলাদেশৰে ভাৰতৰ এই বান্ধোন অধিক সুদৃঢ় হয় ১৯৭১ চনৰ ১৬ ডিচেম্বৰত৷ আজিৰ এই দিনটোৰ কথা ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব৷ ভাৰতৰ তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ নির্দেশত ভাৰতীয় সেনাই পৰম বিক্রমেৰে পাকিস্তানী সেনাক পৰাভূত কৰি বাংলাদেশৰ স্বাধীনতাৰ সূর্যোদয় ঘটাইছিল৷ সেই সময়ত বাংলাদেশে স্বাধীনতাৰ সংগ্রামত জঁপিয়াই পৰিছিল আৰু প্রতিৱেশী বন্ধু দেশ হিচাপে ভাৰতে তেওঁলোকক সহায় কৰিছিল৷ সেই বন্ধুত্বৰ সূত্রে পাকিস্তানক পৰাভূত কৰি বাংলাদেশক স্বাধীনতা উপহাৰ দিছিল ভাৰতে৷ ভাৰতৰ হাতত পৰাজিত হৈ পাকিস্তানী সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আমিৰ আব্দুলা খান নিয়োজী পৰাভূত হৈ আত্মসমর্পণ কৰিছিল৷ ভাৰত আৰু বাংলাদেশৰ সেনাৰ সন্মুখত আত্মসমর্পণ কৰি চুক্তি স্বাক্ষৰ কৰা সেই ছবিখন দুয়োখন দেশৰ জনগণৰ মনত সদায় স্মৰণীয় হৈ থাকিব৷ ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ ত্রিমুখী আক্রমণত পর্যুদস্ত হৈ পৰা পাকিস্তানৰ সেনাই সিদিনা আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইমান বৃহৎ সেনাৰ আত্মসমর্পণ প্রথমবাৰ দেখিবলৈ পাইছিল সমগ্র বিশ্বই৷ কাৰণ ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটোত ভাৰতীয় সেনাৰ সন্মুখত ৯৩ হাজাৰৰো অধিক পাকিস্তানী সেনাই আত্মসমর্পণ কৰিছিল৷ ইয়াৰ লগে লগে বিশ্বৰ ইতিহাসত এখন নতুন দেশৰ জন্ম হয় আৰু সেই দেশখনেই হৈছে বাংলাদেশ৷
উল্লেখ্য যে ১৯৭১ চনত পশ্চিম পাকিস্তানে ইচ্ছাকৃতভাৱে পূব পাকিস্তানৰ ওপৰত আক্রমণ চলায়৷ পূব পাকিস্তানত সাধাৰণ জনতাৰ ওপৰত আৰম্ভ হয় আক্রমণ৷ আনকি তেওঁলোকে ভাৰতীয় সেনাৰ ঘাটিতো অন্যায়ভাৱে আক্রমণ কৰাৰ চেষ্টা চলায়৷ ইয়াৰ পূর্বেই ভাৰতৰ পৰা সাহায্য প্রার্থনা কৰে স্বাধীনতাকামী বাংলাদেশী জনগণই৷ সেই কাতৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ নির্দেশত ভাৰতীয় সেনাই পাকিস্তানক পৰাভূত কৰি বাংলাদেশক স্বাধীন ৰাষ্ট্রৰ মর্যাদা প্রদান কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে বাংলাদেশে পূর্ণাংগ স্বাধীনতাৰ বাবে মুজিবুৰ ৰহমানৰ নেতৃত্বত মুক্তিযুদ্ধত অৱতীর্ণ হৈছিল৷ এই ব্যাপক আন্দোলন প্রতিহত কৰাৰ অন্য উপায় নেদেখি পশ্চিম পাকিস্তানৰ চৰকাৰে সেনাৰ হতুৱাই বাংলাদেশৰ লাখ লাখ লোকক হত্যা কৰায়৷ আনকি কেইবা লাখ মহিলাৰ ওপৰতো চলোৱা হয় নির্বিচাৰ অত্যাচাৰ৷ সেই যুদ্ধ তথা মুক্তি সংগ্রামক জয় কৰি ভাৰতৰ সহায়ত বাংলাদেশত স্বাধীনতাৰ সূর্য উদয় হয় ১৯৭১ চনৰ ডিচেম্বৰ মাহৰ ১৬ তাৰিখে৷ বাংলাদেশ স্বাধীন হোৱাৰ পিছত সেই দেশৰ প্রধান হিচাপে দায়িত্বভাৰ গ্রহণ কৰে স্বাধীনতা আন্দোলনৰ প্রধান নায়ক শ্বেখ মুজিবুৰ ৰহমানে৷ তাৰ পিছতে ১৯৭২ চনত তৎকালীন ভাৰতৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ আমন্ত্রণত ভাৰতলৈ আহে শ্বেখ মুজিব৷ সেই ভ্রমণকালতো তেওঁ বাংলাদেশক স্বাধীনতা আনি দিয়া বাবে পুনৰ ভাৰতৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰে৷ ১৯৭১ চনৰ যুদ্ধত পাকিস্তানক পৰাভূত কৰি ভাৰতে এখন শক্তিশালী দেশৰূপে বিশ্বমানচিত্রত প্রতিষ্ঠা লাভ কৰে৷ সেইবাবে প্রতিবছৰৰ ১৬ ডিচেম্বৰৰ এই বিজয় দিৱসত ভাৰতীয় সেনাৰ প্রতিগৰাকী সাহসী যোদ্ধাৰ স্মৃতিচাৰণ কৰা হয়৷ ১৯৭১ চনৰ এই যুদ্ধত ভাৰতীয় সেনাৰ ৩,৯০০গৰাকী যোদ্ধাই প্রাণ হেৰুৱাবলগীয়া হৈছিল৷ দেশৰ বাবে নিজৰ প্রাণ বিসর্জন দিয়া এই সৈনিকসকলৰ উপৰি যুদ্ধৰ সময়ত প্রায় ৯,৮০০গৰাকী সেনা গুৰুতৰভাৱে আহত হৈছিল৷ সেই যুদ্ধৰ দায়িত্বত আছিল ভাৰতৰ পূর্ব সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰা৷ তেৱেঁই পাকিস্তানী সেনাৰ আত্মসমর্পণৰ মধ্যস্থতা কৰিছিল৷ এই দিনটোক বাংলাদেশত বিজয় দিৱসৰূপেও পালন কৰা হয়৷ ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ বিয়লি প্রায় ৪.৩০ বজাত ঢাকাত লেফটেনেণ্ট জেনেৰেল নিয়োজী আৰু লেফটেনেণ্ট অৰোৰাৰ মাজত আত্মসমর্পণৰ চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তি অৰোৰাৰ হাতত প্রদান কৰাৰ সময়ত নিয়োজীৰ চকুৰে চকুপানী বৈ আহিছিল৷ চুক্তি স্বাক্ষৰিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে দেশজুৰি বিজয় উৎসৱ আৰম্ভ হৈছিল৷

You might also like