নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীয়ে বিচৰা এখন যুদ্ধ

যদা যদা হি ধর্মস্য গ্লানির্ভৱতি ভাৰত ৷

অভ্যুত্থানমধর্মস্য তদাত্মনং সৃজামহ্যম্ ৷৷৭৷৷

পৰিত্রাণায় সাধূনাং বিনাশায় চ দুষৃকতাম্ ৷

ধর্মসংস্থাপনার্থায় সম্ভাৱামি যুগে যুগে ৷৷৮৷৷

হে ভাৰত যেতিয়াই ধর্মৰ অধঃপতন হয় আৰু অধর্মৰ অভ্যুত্থান হয় তেতিয়া নিজকে আত্মৰক্ষাৰ বাবে অৱতীর্ণ হ’বই লাগিব৷ সাধুসকলক পৰিত্রাণ কৰাৰ বাবে আৰু দুষ্কৃতিকাৰীৰ বিনাশ ঘটোৱাৰ বাবে ধর্ম সংস্থাপনৰ বাবে আমি যুগে যুগে অৱতীর্ণ হওঁ৷ কুৰুক্ষেত্র যুদ্ধৰ প্রাক্মুহূর্তত দ্বিধাগ্রস্ত অর্জুনক বুজনি দি ভগৱান শ্রীকৃষ্ণৰ এনে অমৃত বাণীয়ে ভাৰতীয় সভ্যতা আৰু জনজীৱনক সমৃদ্ধ কৰি ৰাখিছে৷

চুবুৰীয়া পাকিস্তানে ধর্মীয় সন্ত্রাসবাদৰ জৰিয়তে চলাই থকা অধর্মৰ বিভীষিকা প্রতিৰোধ কৰাৰ স্বার্থতে কুৰুক্ষেত্রৰ লেখীয়া এখন যুঁজ দেশবাসীয়ে বিচাৰিছে৷ দেশত শান্তি প্রতিষ্ঠাৰ স্বার্থতে এই যুঁজখনৰ প্রয়োজন হৈছে৷ কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে হিন্দু পর্যটকসকলৰ ওপৰত চলোৱা নাৰকীয় কাণ্ডৰ পিছত দেশজুৰি চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ দাবী উত্থাপন হৈছিল৷ কেন্দ্রীয় চৰকাৰেও এনে পৰিস্থিতিত তাৎক্ষণিক কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল৷ ৬ মে’ৰ নিশা ভাৰতীয় সেনাই আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ অভিযান আৰম্ভ কৰাৰ লগে লগে দেশৰ সর্বশ্রেণীৰ ৰাইজে যুদ্ধখনক সমর্থন দিছিল৷ সাধাৰণতে যুদ্ধ মানেই ক্ষমতাৰ যুঁজ আৰু ধ্বংস৷ সর্বসাধাৰণ ৰাইজৰ বাবে সাধাৰণতে কোনো যুদ্ধ কাম্য নহয়৷ যুদ্ধত হোৱা ক্ষতিৰ বোজা সর্বসাধাৰণ জনগণৰ ওপৰতে পৰে৷ কিন্তু অপাৰেচন সিন্দূৰ আছিল এক ব্যতিক্রম যুদ্ধ৷ দেশবাসীৰ পূর্ণ সমর্থন আগবঢ়োৱা যুদ্ধখনৰ জৰিয়তে পাকিস্তানৰ সন্ত্রাসবাদী ঘাটি নিশ্চিহ্ণ কৰি ভাৰতবর্ষক এখন শান্তিপূর্ণ আৰু সন্ত্রাসবাদীমুক্ত দেশৰূপে গঢ়িব বিচাৰিছিল৷ অপাৰেচন সিন্দূৰ আৰম্ভ কৰিয়েই ভাৰতীয় সেনাই শৌর্য আৰু বীর্য প্রদর্শনেৰে ৬ মে’ৰ শেষ নিশা পাকিস্তানৰ কুখ্যাত জইছ–ই–মহম্মদ, লস্কৰ–ই–তৈৱা আৰু হিজবুল মুজাহিদীনৰ সদৰ দপ্তৰসহ ২৫ স্থানত সন্ত্রাসবাদীৰ ঘাটি তচনচ কৰিবলৈ সক্ষম হৈছে৷ প্রায় ২৫ মিনিটৰ ভিতৰত ভাৰতীয় সেনাৰ বীৰত্বত দিক্বিদিক হেৰুৱাই পাকিস্তানেও ভাৰতৰ ৩৬ স্থানত আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ কিন্তু পাকিস্তানী সেনাৰ এনে আক্রমণ সাহসিকতাৰে প্রতিৰোধ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই৷ অপাৰেচন সিন্দূৰৰ জৰিয়তে ৪টা দিনতে পাকিস্তানৰ ফোপযহী সামৰিক শক্তিৰ স্বৰূপ উন্মোচন হৈছে৷ ভাৰতীয় সেনাই চুবুৰীয়া চিৰবৈৰী দেশখনৰ হূদপিণ্ড ইছলামাবাদকে ধৰি প্রধান প্রধান নগৰত আক্রমণ কৰিবলৈ সক্ষম হৈছে৷ ৪ দিনৰ আক্রমণতে পাকিস্তানে অসহায় অৱস্থাৰ সন্মুখীন হৈ বিশ্বৰ বিভিন্ন দেশৰ সহায় ভিক্ষা বিচাৰি হাবাথুৰি খাইছে৷ কিন্তু বিশ্বৰ শান্তিপ্রিয় অধিকাংশ দেশে সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা পাকিস্তানক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই৷

অপাৰেচন সিন্দূৰৰ চাৰিদিনীয়া অভিযানে নির্ণায়ক হৈ উঠাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানে ১০ মে’ৰ আবেলি ৫ বজাৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰে৷ পাকিস্তানৰ স’তে আকস্মিক যুদ্ধবিৰতিৰ সিদ্ধান্তক দেশবাসীয়ে সহজে মানি লোৱা নাই৷ কিয়নো দশক দশক ধৰি যিখন দেশে ধর্মীয় মৌলবাদ আৰু সন্ত্রাসবাদক অগ্রাধিকাৰ প্রদান কৰি বিশ্বৰ এখন সন্ত্রাসবাদী ৰাষ্ট্রৰূপে চিনাক্ত হোৱাৰ পিছতো লজ্জিত নহয় সেইখন দেশে ইমান সহজে সন্ত্রাসবাদৰ জঘন্য পথ পৰিহাৰ কৰিব বুলি দেশবাসীয়ে বিশ্বাস কৰা নাছিল৷ কিন্তু যুদ্ধবিৰতি ঘোষণাৰ নির্ধাৰিত সময়সীমাৰ তিনি ঘণ্টাৰ পিছতেই পাকিস্তানৰ প্রকৃত স্বৰূপ উন্মোচন হৈছে৷ যুদ্ধবিৰতি অমান্য কৰি পাকিস্তানী সেনাই ১০ মে’ৰ সন্ধিয়া ৭.৪৫ বজাত জম্মু–কাশ্মীৰৰ শ্রীনগৰ, উধমপুৰ, বার্মাৰ উপৰি ৰাজ্যখনৰ ১১ স্থানত আক্রমণ কৰাৰ লগতে পঞ্জাব আৰু ৰাজস্থান সীমাতো আক্রমণ কৰিছে৷ ফলত যুদ্ধবিৰতিৰ পিছত জম্মু–কাশ্মীৰৰ লগতে ৰাজস্থান আৰু পঞ্জাবতো ব্লেক আউট জাৰি কৰা হৈছে৷ বিগত দুটা দশকত ভাৰতৰ বিকাশৰ গতি ঊর্ধ্বগামী হৈছে৷ বিশ্বৰ অগ্রণী অর্থনীতিৰ দেশৰূপে ভাৰতে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ লগে লগে দেশখনত থকা উগ্রপন্থী আৰু সন্ত্রাসবাদী সমস্যাও পূর্ণ সমাধানৰ পথত অগ্রসৰ হৈছে৷ সংবিধানৰ ৩৭০ দফা প্রত্যাহাৰৰ পাছত জম্মু–কাশ্মীৰত শান্তিৰ বাতাৱৰণ আৰু পর্যটন উদ্যোগে নতুন ৰূপত জিলিকি উঠিছে৷ কিন্তু ভাৰতৰ এনে সাফল্যৰ গতি প্রতিহত কৰিবলৈ পাকিস্তানে অহৰহ চক্রান্ত চলাই আছে৷ ধর্মান্ধ পাকিস্তানে ৮টা দশকত মৌলবাদী সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰি ইয়াৰ বিষময় ফল ইতিমধ্যে লাভ কৰিছে৷ গভীৰ বিত্তীয় সংকটত আজি পাকিস্তানৰ সর্বসাধাৰণ নাগৰিক জর্জৰিত৷ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্রত দেশখনৰ অৱস্থা অতিকৈ শোচনীয়৷ আভ্যন্তৰীণ কন্দলত জর্জৰিত পাকিস্তান আকৌ খণ্ডিত হোৱাৰ পথত৷ মাথোঁ ভাৰতবিৰোধী স্থিতিৰে পাকিস্তানে যে নিজৰ কবৰ নিজে খান্দিছে সেয়া ইতিমধ্যে উন্মোচন হৈছে৷ কিন্তু বিকাশশীল ৰাষ্ট্রৰূপে অগ্রসৰ হ’বলৈ হ’লে পাকিস্তানী মদতপুষ্ট সন্ত্রাসবাদী ঘাটি আৰু জন্মৰ কাৰখানা বন্ধ কৰিবই লাগিব৷ অপাৰেচন সিন্দূৰ হ’ল আমাৰ বাবে এক সময়ৰ আহ্বান৷ এই সুযোগতে পাকিস্তানৰ সন্ত্রাসবাদী চৰিত্র নিঃশেষ কৰি ভাৰতক সন্ত্রাসশূন্য ৰাষ্ট্র গঢ়াৰ সুযোগ আমি কোনো কাৰণতে হেৰুওৱা উচিত নহয়৷ পাকিস্তানৰ সন্ত্রাসবাদী ঘাটি উৎখাত কৰাৰ সম্পূর্ণ ক্ষমতা  ভাৰতীয় সেনাৰ আছে৷ ইয়াৰ বাবে প্রয়োজনীয় ক্ষতিপূৰণ কৰিবলৈও দেশবাসী সাজু৷ দেশৰ স্থায়ী শান্তি আৰু বিকাশৰ স্বার্থত এনে ক্ষতি তেনেই নগণ্য৷ এখন প্রত্যাশিত যুদ্ধৰ ফলত হোৱা ক্ষতিপূৰণ কৰিবলৈ ভাৰতবর্ষক অধিক সময়ৰ প্রয়োজন নহ’ব৷ কিন্তু ভাৰতৰ স’তে পূর্ণ পর্যায়ৰ যুঁজত হোৱা ক্ষতি পূৰণ কৰাটো পাকিস্তানৰ বাবে কোনো কালে সম্ভৱ নহ’ব৷ সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা পাকিস্তানক উচিত শিক্ষা দিয়াৰ এয়াই উপযুক্ত সময়৷

You might also like