নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ নতুন যুদ্ধ

 আমেৰিকাৰ ইতিহাসত সর্বকালৰ বাবে বৃহৎ মহামাৰীৰ টিকাকৰণ অভিযান আৰম্ভ কৰিছে৷ ক’ভিড–১৯ মহামাৰীয়ে দেশখনত সংহাৰ অব্যাহত ৰখাৰ সময়তে দৰব প্রস্তুত কোম্পানী ফাইজাৰ আৰু জার্মানীৰ বায়’এনটেকে যৌথভাৱে প্রস্তুত কৰা ভেকচিনবিধত দেশখনৰ চৰকাৰে অনুমোদন জনোৱাৰ পিছতে একে সময়তে সকলো প্রদেশত ক’ভিডৰ টিকাকৰণ আৰম্ভ কৰিছে আমেৰিকাই৷ যোৱা দেওবাৰে অপাৰেচন ৱার্প স্পীড আঁচনিৰ অধীনত দেশখনৰ ৬৩৬খন হাস্পতাল তথা ক্লিনিকসমূহত ভেকচিনবিধ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা এই মাৰাথন অভিযান অব্যাহত থাকিব ক’ভিড নির্মূল নোহোৱা পর্যন্ত৷ মিছিগানৰ ভেকচিন প্রস্তুত প্লেণ্টৰ পৰা প্রথমবাৰলৈ ১,৮৪,২৭৫ ভায়েল বা চিচি ভেকচিন বিভিন্ন স্থানলৈ প্রেৰণ কৰা হৈছে ট্রাকেৰে৷ লক্ষণীয়ভাৱে দেশখনৰ ৫০খন প্রদেশত একে সময়তে ভেকচিন প্রদান অভিযান আৰম্ভ কৰা হৈছে৷ ফাইজাৰৰ তৰফৰ পৰা প্রকাশ কৰা এক বিবৃতি অনুসৰি একোটা গ্লাছ ভায়েলত ৫টাকৈ ক’ভিড ড’জ ৰখা হৈছে৷ অর্থাৎ প্রথম পর্যায়তে আমেৰিকাই কেইবানিযুত লোকক ভেকচিন প্রদান কৰিব৷ সংক্রামক ৰোগৰ বিশেষজ্ঞ এগৰাকীয়ে ফক্স নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰা অনুসৰি প্রথম পর্যায়ত ১৪ নিযুত লোকক ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত লৈছে দেশখনৰ চৰকাৰে৷ ডিচেম্বৰ মাহৰ ভিতৰত এই ১৪ নিযুত লোকক প্রদান কৰা হ’ব ক’ভিড প্রতিৰোধী ভেকচিন৷ পৰৱর্তী মাহত অর্থাৎ জানুৱাৰীত ৫০ৰ পৰা ৮০ নিযুত ড’জ ভেকচিন প্রদান কৰা হ’ব দেশখনৰ নাগৰিকসকলক৷ জুন মাহৰ ভিতৰত আমেৰিকাৰ মুঠ জনসংখ্যাৰ ৭৫ৰ পৰা ৮০ শতাংশ লোকক ভেকচিন প্রদানৰ চিন্তা–চর্চা চলোৱা হৈছে৷ দেশখনৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি মহামাৰী প্রতিৰোধৰ বাবে আমেৰিকাত প্রথমবাৰলৈ এনে বৃহৎ অভিযান আৰম্ভ কৰা হৈছে৷ ক’ভিডমুক্ত আমেৰিকাৰ সংকল্প ইতিমধ্যে গ্রহণ কৰিছে হোৱাইট হাউছ প্রশাসনে৷ আগন্তুক ২০ জানুৱাৰীত দেশখনৰ নতুন ৰাষ্ট্রপতি জ’ বাইডেনে দায়িত্ব গ্রহণ কৰিব৷ বাইডেন প্রশাসনে কার্যকালৰ প্রথম ১০০ দিনত ১০০ নিযুত লোকক ক’ভিড–১৯ৰ ভেকচিন প্রদান কৰিব বুলি ঘোষণা কৰিছে৷ ইফালে, ফাইজাৰ আৰু বায়’এনটেকে যৌথভাৱে প্রস্তুত কৰা ভেকচিনৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবলৈ দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি বিল ক্লিণ্টন, জর্জ বুশ্ব আৰু বাৰাক অ’বামাকে ধৰি বিশিষ্ট নেতাসকলে ৰাজহুৱাকৈ এই ভেকচিন গ্রহণ কৰিব বুলি ঘোষণা কৰিছে৷ চেলিব্রিটী জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপৰি দেশখনৰ উদ্যোগপতি ব্যৱসায়ীসকলেও ফাইজাৰৰ ভেকচিনৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে ৰাজহুৱাকৈ ইয়াক গ্রহণ কৰাৰ সংকল্প লৈছে৷ লক্ষণীয়ভাৱে ক’ভিড মহামাৰীয়ে দেশখনত সংহাৰ সৃষ্টি কৰি থকাৰ সময়তে টিকাকৰণ প্রক্রিয়াক ক্ষিপ্রতৰ কৰিবলৈ সকলো পক্ষই গুৰুত্ব প্রদান কৰিছে৷ লগে লগে আমেৰিকাত ক’ভিডৰ টিকাকৰণৰ যুদ্ধকালীন তৎপৰতা আৰম্ভ হৈছে৷
ইতিমধ্যে ক’ৰোনা মহামাৰীৰ দুর্যোগক বিশ্বত প্রথম তথা দ্বিতীয় মহাসমৰতকৈও ভয়াৱহ দুর্যোগ বুলি অভিহিত কৰিছে আন্তর্জাতিক সম্প্রদায়সমূহে৷ ক’ৰোনাৰ এই মহাসংকটে চৌদিশে কঢ়িয়াই আনিছে মাত্র নৈৰাশ্য৷ ক’ভিড–১৯ৰ বাবে কোটি কোটি মানুহে হেৰুৱাবলগীয়া হৈছে জীৱিকা৷ ক’ভিড সংকটে দুর্ভিক্ষৰ গ্রাসলৈ ঠেলি দিছে কেইবাকোটিও লোকক৷ উৎপাদন ক্ষেত্রসমূহত দেউলীয়া অৱস্থা৷ মুঠতে বিশ্বত মানৱ জাতিৰ সন্মুখত ক’ভিড–১৯ মহামাৰীয়ে সৃষ্টি কৰিছে অকল্পনীয় সংকট৷ আনকি আমেৰিকাত এই ক’ভিড মহামাৰীত আক্রান্ত হৈছে ১ কোটি ৭০ লাখতকৈ অধিক লোক৷ দেশখনত এই মহামাৰীত প্রাণ হেৰুৱাইছে ৩ লাখ ১১ হাজাৰ লোকে৷ শতিকাৰ অতি ভয়াৱহ মহামাৰী হিচাপে আমেৰিকাত প্রতিপন্ন হৈছে ক’ভিড–১৯৷ ক’ভিড–১৯এ আমেৰিকাৰ অর্থনীতিত সৃষ্টি কৰিছে মহামন্দাৰ৷ গতিকে এই ভয়াৱহ সংকটৰ পৰা পৰিত্রাণ পাবলৈ দেশখনৰ চৰকাৰ তথা সামাজিক সংগঠনসমূহে বিভিন্ন ধৰণে প্রচেষ্টা চলাইছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে আমেৰিকাৰ ৰাজনীতিত ৰিপাব্লিকান আৰু ডেম’ক্রেটিক শিবিৰৰ মাজত সৃষ্টি হোৱা বিভাজনমুখী পৰিৱেশৰ সময়তো ক’ভিড–১৯ মহামাৰীৰ গণ টিকাকৰণৰ বিষয়টোত সকলোৱে সহমত পোষণ কৰিছে৷

You might also like