নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবিশ্বত জলভাণ্ডাৰ

বিশ্বব্রহ্মাণ্ডত লুকাই আছে অনন্ত বিস্ময়৷ অসীম বিশ্বব্রহ্মাণ্ডৰ দৰে ইয়াৰ অভ্যন্তৰত থকা বিস্ময়কৰ বিষয়ো সীমাহীন৷ বিশ্বব্রহ্মাণ্ডক লৈ বিজ্ঞানীসকলে সঘনে ন ন গৱেষণা চলাই আছে৷ বিশ্বব্রহ্মাণ্ডৰ বুকুত বিচাৰি আছে ন ন ৰহস্য৷ ইয়াৰ মাজতে এইবাৰ বিজ্ঞানীসকলে বিচাৰি পায় অসীম জলভাণ্ডাৰ৷ পৃথিৱীৰ বুকুত থকা সকলো মহাসাগৰৰ পানীতকৈ বিশ্বব্রহ্মাণ্ডৰ বুকুত শেহতীয়াকৈ বিচাৰি পোৱা জলাশয়ৰ বিস্তৃতি ১৪০ লাখ কোটি গুণ অধিক৷ ১২০০ কোটি আলোকবর্ষ দূৰত অৱস্থিত এই বিশাল জলাশয়ক লৈ জ্যোতির্বিজ্ঞানীসকলৰ মাজত সৃষ্টি হৈছে প্রবল কৌতূহল৷ কেনেদৰে সম্ভৱ এই বিশাল জলভাণ্ডাৰ? ক’ত অৱস্থিত এই বিশাল জলাশয়? এক ছুপাৰমেছিভ ‘ব্লেক হোল’ বা কৃষ্ণগহ্বৰৰ কাষত অৱস্থিত এই বিশাল জলাশয়৷ লক্ষণীয়ভাৱে জ্যোতির্বিজ্ঞানীসকলে এই জলাশয় আৱিষ্কাৰ কৰাৰ পাছতে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ এপিএম ০৮২৭+ ৫২৫৫ নামৰ সেই কৃষ্ণগহ্বৰ সূর্যতকৈ ২০০০ কোটি গুণ বৃহৎ৷ অর্থাৎ এই কৃষ্ণগহ্বৰে গ্রাস কৰিব পাৰে আমাৰ সৌৰজগতৰ নক্ষত্র সূর্যৰ সমান অসংখ্য নক্ষত্রক৷ এই কৃষ্ণগহ্বৰৰ পৰা আহি থকা পোহৰ পৃথিৱীত পৰিবলৈ সময় লাগে ১২০০ কোটি বছৰ৷ অর্থাৎ বিশ্বব্রহ্মাণ্ডৰ জন্মৰ পাছত যি পোহৰ বিচ্ছুৰিত হৈছে সেয়া পৃথিৱীলৈ আহি আছে৷ এই বিপুল দূৰত্বৰ এখন জগতৰ অতি বৃহৎ জলাশয়ৰ অস্তিত্বক লৈ বিজ্ঞানীসকল যথেষ্ট উৎসাহী৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ জেট প্রপালচন পৰীক্ষাগাৰৰ এগৰাকী বিজ্ঞানীয়ে এদল গৱেষকক লৈ এই বিষয়টো সন্দর্ভত দীর্ঘদিন ধৰি গৱেষণা চলাই আছে৷ এই বিজ্ঞানীগৰাকীৰ নাম মেট ব্রেডফ’ৰ্ড৷ ব্রেডফ’ৰ্ডৰ নেতৃত্বত চলি আছে এই সন্দর্ভত যাৱতীয় গৱেষণা৷ বিজ্ঞানীগৰাকীয়ে ইয়াৰ অস্তিত্ব সন্দর্ভত বিভিন্ন তথ্য দাঙি ধৰিছে৷ শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত বিজ্ঞানীগৰাকীয়ে জনাইছে যে সমগ্র মহাবিশ্বজুৰি বিস্তৃত হৈ আছে বিশাল জলভাণ্ডাৰ৷ লক্ষণীয়ভাৱে বিশ্বব্রহ্মাণ্ডৰ প্রাথমিক পর্যায়তো বিশাল জলভাণ্ডাৰৰ অস্তিত্ব আছিল বুলি ব্রেডফ’র্ডে দাবী কৰিছে৷
গুৰুত্বপূর্ণ বিষয়টো হৈছে- মহাকাশৰ অনন্ত বিস্ময় অধ্যয়নৰ বাবে বিজ্ঞানীসকলে কৃষ্ণগহ্বৰক আধাৰ হিচাপে লৈছে৷ অর্থাৎ মহাকাশৰ এই অকল্পনীয় বিশাল কৃষ্ণগহ্বৰবোৰেই হৈছে জ্যোতির্বিজ্ঞানীসকলৰ গৱেষণাৰ অন্যতম আধাৰ৷ মহাজাগতিক বিভিন্ন পৰিঘটনাৰ উৎস হিচাপে এই কৃষ্ণগহ্বৰবোৰকেই চিনাক্ত কৰিছে বিজ্ঞানীসকলে৷ কৃষ্ণগহ্বৰৰ গঠন আৰু চৰিত্রক অধিক নিখুঁতভাৱে জানিবলৈ সমগ্র পৃথিৱীত কাম কৰি আছে জ্যোতির্বিজ্ঞানীসকলে৷ বিভিন্ন দেশৰ জ্যোতির্বিজ্ঞানীয়ে প্রতিমুহূর্ততে মহাকাশৰ ওপৰত অব্যাহত ৰাখিছে পর্যবেক্ষণ৷ ইয়াৰ ফলতে নিত্য নতুন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে৷ ইয়াৰ পূর্বে জ্যোতির্বিজ্ঞানীসকলে দাবী কৰিছিল যে মহাকাশত প্রচণ্ড ছুনামি বা নজিৰবিহীন ধুমুহা সৃষ্টি কৰিব পাৰে কৃষ্ণগহ্বৰসমূহে৷ এইবাৰ জ্যোতির্বিজ্ঞানীসকলে দাবী কৰিলে যে বিশাল কৃষ্ণগহ্বৰৰ কাষত পৃথিৱীৰ মহাসাগৰত থকা জলৰাশিতকৈ ১৪০ লাখ কোটিগুণ বেছি জলভাণ্ডাৰ আছে৷ এই পর্যবেক্ষণক অতি গুৰুত্বপূর্ণ বুলি অভিহিত কৰিছে বিভিন্ন দেশৰ জ্যোতির্বিজ্ঞানীয়ে৷ মহাবিশ্বৰ অন্য কোনো প্রান্তত জীৱৰ অস্তিত্ব আছে নে নাই, তাৰ অনুসন্ধান চলি আছে৷ সেই অনুসন্ধান আজিৰ নহয়৷ বিশ্বব্রহ্মাণ্ডত পৃথিৱীৰ উপৰি অন্য গ্রহত জীৱৰ অস্তিত্ব বিচাৰি দীর্ঘদিন ধৰি জ্যোতির্বিজ্ঞানীসকলে গৱেষণা চলাই আহিছে৷ ইয়াৰ মাজতে কেতিয়াবা কোনো গ্রহৰ জলবায়ুক লৈ উৎসুক হৈ পৰিছে বিজ্ঞানীসকল৷ কেতিয়াবা কোনো গ্রহত পানীৰ অস্তিত্ব লাভ কৰাৰ পাছতে তেনে গ্রহবোৰত জীৱৰ অস্তিত্ব থাকিব পাৰে বুলি বিজ্ঞানীসকলৰ মনত জাগ্রত হৈছে আশা৷ এইবাৰ সুদূৰত লাভ কৰা বিশাল কৃষ্ণগহ্বৰ আৰু জলভাণ্ডাৰৰ অস্তিত্বই পুনৰ এই আশা জাগ্রত কৰিছে৷ এই জলভাণ্ডাৰে ভৱিষ্যতে বিজ্ঞানীসকলক পৃথিৱীৰ অন্য প্রান্ততো জীৱৰ সন্ধান দিব পাৰে বুলি আশা প্রকাশ কৰিছে নাছাৰ কেইবাগৰাকীও বিজ্ঞানীয়ে৷ এইক্ষেত্রত বিজ্ঞানী ব্রেডফ’র্ডো যথেষ্ট আশাবাদী৷

You might also like