জলবায়ু পৰিৱর্তনৰ গ্রাসত অসম
গোলকীয় উষ্ণতা–জলবায়ু পৰিৱর্তনে পৃথিৱী গ্রহলৈ কঢ়িয়াই অনা মহাসংকট সম্প্রতি এক বহুল চর্চিত বিষয়৷ সম্ভাব্য ভয়াৱহ পৰিস্থিতি সন্দর্ভত জলবায়ু বিজ্ঞানী আৰু বিশেষজ্ঞসকলে বিশ্ববাসীক বাৰম্বাৰ সকীয়নি দি আহিছে৷ পেৰিছ জলবায়ু চুক্তিয়ে ইতিমধ্যে সতর্ক কৰি দিছে যে ২১০০ চনৰ ভিতৰত পৃথিৱীৰ গঢ় তাপমাত্রা বৃদ্ধিক প্রাগ্ শিল্পী যুগতকৈ ২০ চেলছিয়াছৰ মাজত সীমাবদ্ধ কৰি ৰাখিব লাগিব৷ কিন্তু অতি শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ বিজ্ঞানীসকলৰ ‘ইউনাইটেড নেচনছ এছেছমেণ্ট অৱ নেচনেলী ডিটাৰমাইণ্ড কণ্ড্রিবিউচনছ’ শীর্ষক এক গৱেষণা–পত্রত আগন্তুক ৭৯ বছৰৰ ভিতৰতে পৃথিৱীৰ গড় তাপমাত্রা প্রাক্ শিল্প যুগৰ তুলনাত অন্ততঃ ২.৭০ চেলছিয়াছ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷ যদি এই আশংকাই বাস্তৱ হয়, তেন্তে পৃথিৱীত ঘূর্ণি বতাহ, খৰাং, বানপানী, তাপপ্রৱাহ আৰু শীতপ্রৱাহৰ তীব্রতা অকল্পনীয়ভাৱে বৃদ্ধি পাব৷ ফলত মানৱ সভ্যতালৈ নামি আহিব ভয়ংকৰ দুর্যোগ৷ গোলকীয় উষ্ণতাই ইতিমধ্যে সাংঘাতিক ধৰণে জলবায়ু পৰিৱর্তনত প্রভাৱ পেলাইছে৷ যাৰ গ্রাসত পৰিছে অসমসহ ভাৰতবর্ষও৷ চলিত বর্ষৰ শীতকালত ৰাজ্যবাসীয়ে তীব্র উষ্ণতা অনুভৱ কৰিবলগীয়া হৈছে৷ আনকি অক্টোবৰ মাহত পাৰাস্তম্ভই ৩৭০ চেলছিয়াছ অতিক্রম কৰাৰ দৰে অভাৱনীয় ঘটনাও ঘটিছে৷ ইয়াৰ বিপৰীতে এইবাৰ ৰাজ্যখনত উদ্বেগজনকভাৱে হ্রাস পাইছে বৰষুণৰ পৰিমাণ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই এই সন্দর্ভত সদৰী কৰা তথ্য অনুসৰি অসমত চলিত বর্ষত মৌচুমী বায়ুৱে প্রৱেশ কৰাৰ পৰা প্রায় ৪ মাহ ১২ দিনৰ সময়ছোৱাত ২২ শতাংশ বৰষুণৰ পৰিমাণ কম হৈছে৷ ফলত ৰাজ্যৰ ভিন্ন প্রান্তৰ বৰষুণৰ ওপৰত নির্ভৰশীল কৃষকসকলৰ খেতিমাটি ছন পৰি থাকিল৷ যিটোৱে কৃষিপ্রধান ৰাজ্য অসমৰ অর্থনীতিত বিৰূপ প্রভাৱ পেলাব৷
জলবায়ু পৰিৱর্তনে অসমসহ দেশৰ কৃষিপ্রধান ৰাজ্যসমূহৰ অর্থনীতিৰ সম্ভাব্য বিস্তৰ ক্ষতি সন্দর্ভত ৰিজার্ভ বেংক আৰু ছিকিউৰিটিছ এণ্ড এক্সজেছ ব’ড অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃত ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ লগতে আন্তর্জাতিক অলাভজনক বিজ্ঞান সংগঠন ‘এডভাঞ্চিং আর্থ এণ্ড স্পেচ ছায়েন্স’–এ দুটা পৃথক পৃথক সমীক্ষাত গুৰুত্বপূর্ণ তথ্য প্রকাশ কৰিছে৷ দ্রুতগতিত জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱ ইতিমধ্যে অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু ছত্তিশগড়ত পৰা বুলি স্পষ্টভাৱে উল্লেখ কৰিছে ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ নামৰ সংগঠনটোৱে৷ তেওঁলোকে সমীক্ষাত দাবী কৰা মতে কৃষি নির্ভৰশীল এই ৰাজ্যকেইখনত জলবায়ু পৰিৱর্তনৰ ফলত সকলো ধৰণৰ শস্যৰ উৎপাদন উদ্বেগজনকভাৱে হ্রাস পাইছে৷ যিটো ভৱিষ্যতেও অব্যাহত থাকিব৷ জলবায়ু পৰিৱর্তনৰ ফলত চৰম জলাভাৱ, খৰাং, অত্যন্ত বিপজ্জনক পৰিৱেশ আদিয়ে অসম, পশ্চিমবংগ, বিহাৰ, ওড়িশা, ঝাৰখণ্ডসহ কৃষিনির্ভৰ দেশৰ অর্থনীতিত কুপ্রভাৱ পেলোৱাৰ আশংকা কৰিছে ‘এডভাঞ্চিং আর্থ এণ্ড স্পেচ ছায়েন্স’–এ৷ সংগঠনটোৱে তেওঁলোকৰ সমীক্ষাত উল্লেখ কৰা অনুসৰি দেশৰ অর্থনীতিৰ বিকাশৰ হাৰ ক্রমশঃ হ্রাস পাই আহিব৷ অকল এয়াই নহয়, পৃথিৱীৰ গড় তাপমাত্রা আৰু ১০ চেলছিয়াছ বৃদ্ধি হ’লেই দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) প্রতিবছৰে ৩ শতাংশ হাৰত কমিব বুলিও সমীক্ষাটোত দাবী কৰা হৈছে৷ বাস্তৱত যদি এয়াই হয়, তেন্তে ভাৰতবাসীয়ে এক অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ সেয়েহে সময় থাকোঁতে সম্ভাব্য ভয়ংকৰ পৰিস্থিতি চম্ভালাৰ উদ্ভাৱনী পথ অবিলম্বে বিচাৰি উলিওৱাটো সময়ৰ দাবী হৈ পৰিছে৷ অর্থনীতি মূলতঃ কৃষি নির্ভৰশীল হোৱাৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱ অসমসহ দেশৰ উক্ত ছয় ৰাজ্যৰ ওপৰত পৰিব বুলি দুয়োটা সমীক্ষাতে কোৱা হৈছে৷ এই প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ বিষয়টো নির্ভৰ কৰিব সংশ্লিষ্ট ৰাজ্যসমূহৰ সিদ্ধান্ত আৰু পদক্ষেপৰ ওপৰত৷ সমান্তৰালভাৱে এইক্ষেত্রত জনসাধাৰণো সজাগ আৰু সচেতন হ’ব লাগিব৷ জলবায়ু পৰিৱর্তনৰ বিষয়টোত জনসাধাৰণে জনমত গঢ়ি চৰকাৰক সহযোগিতা আগবঢ়ালে নিশ্চয় এই মহাসংকটৰ প্রত্যাহ্বান দূৰ হ’ব৷