নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজভৱনত কৰৱা চ’থত অংশগ্রহণ ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: বিবাহিতা মহিলাসকলে স্বামীৰ সুস্বাস্থ্য, দীর্ঘায়ু আৰু মংগল কামনা কৰি পৰম্পৰাগতভাৱে পালন কৰি অহা কৰৱা চ’থ দেওবাৰে ৰাজভৱনৰ বাকৰিত উদযাপন কৰা হয়৷ উৎসৱৰ কার্যসূচীত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ পত্নী তথা ৰাজ্যৰ প্রথম মহিলা প্রেম মুখীকে ধৰি গুৱাহাটীত থকা উত্তৰ ভাৰতৰ বহুসংখ্যক মহিলাই ভাগ লয়৷

আনহাতে, উৎসৱত ভাগ লোৱা মহিলাসকলে পৰম্পৰাগতভাৱে যাৱতীয় মাংগলিক কার্যৰ মাজেৰে স্বামীৰ মংগল কামনা কৰে আৰু ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা, মন্ত্রী পীয়ূষ হাজৰিকাৰ পত্নী তথা অভিনেত্রী আইমী ৰুৱাই উপস্থিত থাকি উৎসৱত ভাগ লোৱা মহিলাসকলৰ সৈতে কুশল বার্তা বিনিময় কৰে৷ জনপ্রিয় সংগীতশিল্পী বনশ্রী শইকীয়াৰ গণেশ বন্দনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত শিল্পীগৰাকীয়ে কেইবাটাও কালজয়ী হিন্দী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷

আনহাতে, সাংবাদিকৰ সৈতে হোৱা চমু বার্তালাপত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কৰৱা চ’থক নাৰীশক্তিৰ প্রতীক বুলি ব্যক্ত কৰে৷ তেনেদৰে ৰাজ্যৰ প্রথম মহিলা প্রেম মুখীয়ে উৎসৱ উদযাপনৰ তাৎপর্য আৰু ইয়াৰ আঁৰত মহাভাৰতৰ দিনৰে পৰা থকা বিশ্বাস–পৰম্পৰা আদিৰ বিষয়ে চমুকৈ সদৰী কৰে৷ ৰাজ্যপালৰ পত্নী প্রেম মুখীয়ে সম্প্রতি মহিলাসকল সকলো দিশতে আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে৷ তদুপৰি ৰিণিকি ভূঞা শর্মা আৰু আইমী বৰুৱায়ো কৰৱা চ’থ সন্দর্ভত নিজৰ অনুভৱ ব্যক্ত কৰে৷

You might also like