অসমীয়া কিতাপ আৰু চৰকাৰ
ৰাজ্য এখনৰ সম্পূর্ণ বিকাশৰ প্রসংগত নাগৰিকৰ বৌদ্ধিক বিকাশ আৰু বিশেষকৈ নতুন প্রজন্মক সমকালীন বিশ্বৰ পৰিৱর্তিত চিন্তাস্রোতৰ লগত পৰিচয় কৰি দিয়াৰ বাবে চৰকাৰে ল’বলগীয়া অলেখ পদক্ষেপৰ অন্যতম হ’ল বিভিন্ন ধৰণৰ কিতাপ আৰু অন্য পঠন সামগ্রীক সকলোৰে বাবে সহজলভ্য কৰি তোলা৷ একবিংশ শতিকাৰ বিশ্ব হৈছে জ্ঞান আধাৰিত আৰু তাৰ লগতে সমানভাৱে আগবাঢ়ি গৈছে ডদ্ভাৱন–চালিত অর্থনীতি৷ বর্তমান সময়ত জ্ঞানৰ বিকাশ–সৃষ্টি, প্রচাৰ, সংৰক্ষণ আৰু ব্যৱহাৰ কৰা হয় সমাজখনৰ আটাইবোৰ দিশকেই সন্তুলন ৰক্ষা কৰি সকলো ধৰণে আগবঢ়াই নিবলৈ৷ বৌদ্ধিক সম্পদৰ বিকাশ হৈছে বর্তমান সময়ে দাবী কৰা এনে এটা দাবী, যি দাবীক সমাজৰ সকলোৰে বাবে ফলপ্রসূ ৰূপত বাস্তৱ কৰি তোলাটো ব্যক্তিগত খণ্ডৰ নহয়, চৰকাৰৰ দ্বাৰাহে সম্ভৱ৷ ভাৰতীয় অর্থনীতিৰ এই নতুন পৰিৱেশৰ এটি চকুত লগা আৰু বিকাশমান দিশ হৈছে বিশ্বব্যাপী বজাৰত ভাৰতীয় সম্পদৰ অধিক হাৰত প্রৱেশ আৰু সেইবোৰৰ ভিতৰত বৌদ্ধিক সম্পদবোৰো স্বীকৃত আৰু এই সম্পদবোৰৰ চাহিদাও দ্রুতগতিত ক্রমবর্ধমান৷ এই পৰিৱেশত খাপ খাবলৈ বৌদ্ধিক সম্পদৰ বিকাশ আৰু ব্যৱহাৰ দুয়োটাৰ মাজতে থাকিব লাগিব সন্তুলন, বৌদ্ধিক সম্পদৰ মান উন্নতকৰণৰ কাম হ’ব লাগিব ক্ষিপ্রতৰ, যাতে অর্থনৈতিক লাভ অর্জনৰ গতিত কোনোধৰণৰ বিৰাম নঘটে৷ ৰাজ্যখনৰ বৌদ্ধিক বিকাশৰ বাবে চৰকাৰে হাতত লোৱা অলেখ কার্যব্যৱস্থাৰ এটা হ’ল পুথিভঁৰাল নির্মাণ আৰু তাৰ শ্রীবৃদ্ধিকৰণ৷ অসমৰ চৰকাৰে এই পুথিভঁৰালৰ প্রতি গুৰুত্ব দিছিল আৰু তাৰ ফলতেই পুথিভঁৰাল সঞ্চালকালয় এটাৰ আৰম্ভণি কৰা হৈছিল৷ কেইবছৰমান আগলৈকে অসমৰ ৰাজহুৱা পুথিভঁৰালৰ চেহেৰা ভাল আছিল৷ কিন্তু এতিয়া আৰু সেই অৱস্থা নাই৷ অসমৰ প্রায় আটাইবোৰ পুথিভঁৰালৰ অৱস্থাই দুখ লগা, পৰিত্যক্ত ধৰণৰ, বৌদ্ধিক বিকাশৰ উত্তেজনা বিয়পাই দিবলৈ সেইবোৰ অক্ষম, প্রাণস্পন্দনহীন৷ কেইবছৰমান আগলৈকে পুথিভঁৰালবোৰৰ বাবে অসম চৰকাৰে প্রতি বছৰে কিতাপ কিনা এটা নিয়ম আছিল, যাৰ দ্বাৰা অসমীয়া কিতাপৰ প্রকাশকসকলো কিছু পৰিমাণে লাভৱান হৈছিল আৰু তাৰ ফল সাহিত্যচর্চাকাৰীয়েও উপভোগ কৰিব পাৰিছিল৷
এটা সময়ত অসম চৰকাৰে দহ কোটি টকাৰ কিতাপ কিনিছিল আৰু লাহে লাহে সেই টকাৰ পৰিমাণ কমাই নিয়া হৈছিল৷ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া শাসনকালত মাত্র এবাৰেই কিতাপ কিনা হৈছিল আৰু বিনিয়োগ কৰা টকাৰ পৰিমাণ আছিল মাত্র পঞ্চাশ লাখ টকা৷ যি সময়ত ৰাজ্যৰ বৌদ্ধিক সম্পদবৃদ্ধিৰ বাবে চেষ্টা কৰাটো সময়ৰ দাবী আছিল, সেই সময়ত এই ধৰণৰ সময়বিৰোধী কাম কিমান সঠিক আৰু ভৱিষ্যমুখী সিদ্ধান্ত আছিল, তাক সহজেই অনুমান কৰিব পাৰি৷ কেইবছৰমান আগতে ৰাজনীতিত প্রৱেশ কৰা এজন ডেকাই যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব হৈয়ে ৰাজ্যখনৰ সমগ্র গ্রামীণ পুথিভঁৰাললৈ পৰম্পৰাগতভাৱে পঠিয়াই থকা কেৰম ব’ডৰ পৰিৱর্তে পঠিয়াইছিল কিতাপৰ টোপোলা৷ সেই ৰাজনীতিবিদগৰাকীয় ৰাজ্যৰ বিত্তমন্ত্রীৰ দায়িত্ব পালন কৰা সময়তো কিন্তু ৰাজ্যৰ পুথিভঁৰালবোৰৰ একো উন্নতি নহ’ল৷ এতিয়া তেওঁ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত আৰু তেওঁৰ নেতৃত্বত অসমৰ বৌদ্ধিক সম্পদৰ বিকাশৰ গতি ত্বৰান্বিত হ’ব বুলি ভবাৰ ঠাই আছে৷ অকল পুথিভঁৰালবোৰকেই নহয়, ক’ৰোনাৰ দিনত ক্ষতিগ্রস্ত হোৱা অসমৰ প্রকাশন ব্যৱসায়ীসকলকো সহায় কৰিবলৈ চৰকাৰে আঁচনি প্রস্তুত কৰা উচিত৷ কিতাপ অকল ব্যৱসায়ৰ আহিলাই নহয়, ই জাতিটোৰ বৌদ্ধিক বিকাশৰ অংশীদাৰ৷ অসম চৰকাৰে লাডু–পিঠা–গামোচাৰ উৎপাদকসকলৰ বিকাশৰ কথাও ভাবিছে আৰু আঁচনি প্রস্তুত কৰিছে৷ তেনে অৱস্থাত সহজেই কল্পনা কৰিব পাৰি যে চৰকাৰে পুথিভঁৰালবোৰৰ বাবে কিতাপ কিনা প্রক্রিয়াটো অধিক তৎপৰ কৰি তুলিব আৰু স্পন্দনহীন পুথিভঁৰালবোৰক জীৱন্ত কৰি তোলাৰ আঁচনি গ্রহণ কৰিব৷ ঠিক তেনেদৰে অসমৰ কিতাপৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ সকলো ধৰণৰ কিতাপ অসমীয়া ব্যৱসায়ীৰ যোগেৰে কিনাৰ ব্যৱস্থা কৰিব৷ সদ্যহতে এইখিনি কৰিলেই অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ বাবে এটা ডাঙৰ কাম কৰা হ’ব৷