নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মহানগৰত ন’ মাস্ক, ন’ ছেলছ নীতি প্রযোজ্যৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: কামৰূপ মহানগৰ জিলাক ক’ৰোনামুক্ত কৰাৰ বাবে কঠোৰ হৈ পৰিছে জিলা প্রশাসন৷ জিলাখনত গণ সংক্রমণে যাতে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে, সেই উদ্দেশ্য আগত ৰাখি জিলা উপায়ুক্তৰ কার্যালয় সভাকক্ষত জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগত মঙলবাৰে এখন জৰুৰী সভা অনুষ্ঠিত হয়৷ পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মা আৰু অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে অতিৰিক্ত উপায়ুক্তসকল উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি–সম্পাদকসহ প্রতিখন দোকানৰ সন্মুখত ‘ন’ মাস্ক, ন’ ছেলছ’ শীর্ষক বেনাৰ লগোৱাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷ তেওঁ কয় যে দোকানৰ প্রতিজন কর্মচাৰীয়ে মাস্ক পিন্ধা আৰু দোকানৰ সন্মুখত ছেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক, অন্যথা প্রশাসনৰ টাস্ক ফ’র্চে দোকানসমূহ পৰিদর্শন কৰি লাইচেন্স বাতিল কৰি দিব৷

আনহাতে পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাই প্রতিটো অলিয়ে–গলিয়ে, প্রায় প্রতিখন দোকানৰ সন্মুখৰ ফুটপাথত অস্থায়ী দোকান বহুৱাটো বন্ধ কৰোৱাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বজাৰ সমিতিক অনুৰোধ জনায়৷ নতুবা দোকানৰ বয়–বস্তু জব্দ কৰা হ’ব বুলি উনুকিয়াই তেওঁ কয় যে যেতিয়ালৈকে ক’ভিড বিধি তথা চৰকাৰী নীতি–নির্দেশনা কঠোৰভাৱে মানি নচলে তেতিয়ালৈকে ক’ভিড ৰোধ কৰিব নোৱাৰি৷ সভাত জিলাখনৰ কেইবাখনো বজাৰ সমিতিৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা স্বাস্থ্য বিভাগ আদিৰ বিষয়ববীয়াসকলে সভাত অংশগ্রহণ কৰে৷

You might also like